Thursday, March 20, 2014

Chapter IX -Rinpoche



ৰিমপুনচি

বৌদ্ধ মন্দিৰত এটা শান্তি আৰু স্নিগ্ধ পবিত্রতা আছে বাবেই গৈ ভাল পাঁও। 
বৌদ্ধ মন্দিৰবোৰক গম্পা বা মনাষ্ট্ৰি বুলিও কোৱা যায়। ব'মডিলাৰ উচ্চ খাপত থকা বৌদ্ধ মন্দিৰটোক ওপৰ গম্পা' বুলি কয়। মন্দিৰৰ মুখ্য ধৰ্ম্মগুৰুক ৰিমপুনচি' বোলা হয়। বৌদ্ধ ধৰ্ম্মত পূৰ্ণজন্মৰ বিস্বাস আছে। তেঁওলোকৰ মতে এজন `ৰিমপুনচি'য়ে মৃত্যুৰ পিছত কৰবাত নহয় কৰবাত আকৌ জন্ম লয়। মন্দিৰৰলোকে সপোন বা অন্য উপায়েৰে তাৰ সম্ভেদ পাই সেই শিশু ৰিমপুনচিক আনি মন্দিৰত স্থাপন কৰে। কিন্তু তাৰ আগতে শিশুজনে অনেক শিক্ষা, কঠোৰ অনুশীলনতাৰ মাজেৰে পাৰ হ'ব লাগে।

এদিন ৰবিবাৰে পুৱা গম্পা'লৈ বুলি ওলালো।
গম্পাৰ এটা কোঠাত এটা সৰু ল'ৰাক এজন বয়সস্থ মানুহে কিবা পঢ়াই আছিল।  'ৰাটোৰ বয়স আঠ বছৰমান হ'ব। ল'ৰাটোৰ মুখখন আৰু শিক্ষকৰ চকু দেখি বুজিলো-পাঠ অলপ টান হৈছে। শিক্ষক আৰু ছাত্ৰৰ ওপৰত বেছ হেঁচা পৰিছে। আমাক দেখি শিক্ষকে ছাত্ৰজনক কিছু বিৰতি দি আমাৰ লগত কথা পাতিবলৈ ওলাই আহিল।মন্দিৰৰ শিক্ষাগুৰুৱে ক'লে-এই ল'ৰাজন নতুন `ৰিমপুনচি'। এই বৌদ্ধ
মন্দিৰৰ আগৰ ধৰ্ম্মগুৰুজনৰ নতুন অৱতাৰ।  কেইবা বছৰো ধৰি বহুত বিচৰাৰ পিছত টাৱাংৰ এখন ভিতৰুৱা গাঁৱত আগৰ `ৰিমপুনচি' জনে পূৰ্ণজন্ম লোৱাৰ সম্ভেদ পোৱা গ'ল। নতুন `ৰিমপুনচি' হিচাবে এই ল'ৰাজনক আনি মন্দিৰত স্থাপন কৰাৰ আগতে বহুত পৰীক্ষাত ল'ৰাজন উত্তীৰ্ন হ'ব লগা হৈছিল, কাৰণ সঁচাকৈয়ে যে এইয়াই আগৰ ৰিমপুনচিৰ পূৰ্নৱতাৰ সেইটো নিৰ্দিষ্ট হোৱাটো অনিবাৰ্য্য আছিল। প্রমাণিত হবৰ বাবে আগৰ `ৰিমপুনচি'ৰ কিছুমান দৈনন্দিন ব্যৱহাৰ্য্য বস্তু অন্য বহুত বস্তুৰ মাজৰ পৰা এই ল'ৰাজনে সঠিক ভাবে
উলিয়াই আনিব লাগিছিল।
নতুন `ৰিমপুনচি' স্থাপন কৰাৰ পিছত শিক্ষাৰ ভাৰ লৈছে এই শিক্ষকজনে।  `ৰিমপুনচি'ৰ পাঠ্যক্ৰম অতি কঠোৰ। কেইবাটাও ভাৰতীয় ভাষাৰ জ্ঞানৰ বাহিৰেও অন্য বিশেষ কেইটামান বিদেশী ভাষাও শিকিব লাগে, বৌদ্ধ ধৰ্ম্মৰ সম্পূৰ্ণ জ্ঞান আহৰণ কৰিব লাগে। বৌদ্ধ ধৰ্ম্মৰ নিয়ম কানোনবোৰ জনাৰ লগত ধৰ্মীয় অনুস্থানবোৰৰো জ্ঞান আহৰণ কৰিব লাগিব। ইমানবোৰ শিক্ষা এই সৰু আঠ বছৰীয়া ল'ৰাটোৰ পক্ষে এটা ডাঙিব নোৱাৰা বোজা হৈছে।
ইয়াৰ শিক্ষাৰ পিছত হিমাচল প্ৰদেশৰ `ধৰমশালা'লৈ গৈ তাত `দালাই লামা'

পুৱা পোহৰ হোৱাৰ লগে লগে ধৰ্ম্মীয় প্ৰাৰ্থনাৰে দিনটো আৰম্ভ হয়। তাৰ পাছতে শিক্ষাৰ অনুশীলন। খোৱা সময়খিনিৰ বাদে গধূলি হোৱালৈকে পঢ়া শুনাতে দিনটো ব্যস্ত থাকিব লাগে। মনে মনে ভাবিলো- বৌদ্ধ ধৰ্মগুৰু হোৱাটো সাধাৰণ কথা নহয়, `ৰিমপুনচি' হোৱাতকৈ
সাধাৰণ মানুহ হৈ থকাটোৱেই সহজ হ'ব নেকি ।
নতুন `ৰিমপুনচি' মোৰ লগত চিনাকি হ'ল। বয়সৰ পাৰ্থক্য থাকিলেও বন্ধুত্ব গঢ়ি উঠিল।

এদিন অভিভাবক আৰু শিক্ষাগুৰুক লগত লৈ `ৰিমপুনচি' মোৰ চৰকাৰী বাসগৃহত  ওলালহি। মোৰ ৰুমতে বহি বহু কথা আলোচনা কৰিলে। পিছত মোৰ লগতে ওচৰতে থকা চৰকাৰী হস্পিতেললৈ ওলাই আহিল। হস্পিতেলৰ পৰিবেশত `ৰিমপুনচি'ক দেখা প্ৰত্যেক গৰাকী তিব্বতীয় মানুহেই আঁঠুকাঢ়ি হাতযোৰ কৰি প্ৰনাম কৰিলে। `ৰিমপুনচি'য়েও ভক্তৰ মূৰত হাত থৈ আশীৰ্বাদ দিলে।

কিছুদিন পিছত `ৰিমপুনচি' ধৰমশালালৈ গ'লগৈ। তাৰ পৰা মোলৈ চিঠিৰ আদান  প্ৰদান কৰি থাকিল। ময়ো ব'মডিলাৰ পৰা ডিব্ৰুগড়লৈ পঢ়িবলৈ গুছি আহিলো। আমাৰ মাজত চিঠিৰ আদান প্ৰদান কিছুদিনলৈ চলি থাকিল।
পিছত জীৱনৰ ব্যস্ততাৰ মাজত আমাৰ সংযোগ বিচ্ছিন্ন হৈ গ'ল। ধৰমশালাৰ পৰা  `ৰিমপুনচি' 'লৈ গ'ল নেজানিলো।
কিন্তু সেই সৰু ল'ৰাটোৰ তেজোদ্বিপ্ত মুখখন মোৰ আজিও মনত আছে।























No comments: