Sunday, March 30, 2014

EPILOUGE

শেষ কথা


"আলা আলা য়াংত ঐ" পূ্ৰ্বপ্রকাশিত ডাক্তৰ গুনাৰাম ঢেকিয়াল ফুকনে লিখা "যাত্ৰা’ নামৰ কিতাপখনৰ পুনঃ-প্রকাশ।
অৰুণাচলৰ দুৰ্গম পাহাৰীয়া অঞ্চলত, বিভিন্ন জনজাতিৰ লগত থাকি স্বাস্থ্য সেৱা আগবঢ়োৱাৰ অভিজ্ঞতাৰ হৃদয়স্পৰ্শী ঘটনাৰে ভৰা, এই কিতাপখন মই কিয় পুনঃ-প্রকাশ কৰিবলৈ ললো?

মই সৰুতেই অৰুণাচললৈ এবাৰ গৈছিলোঁ। চিয়াংতাজু আৰু ব'মডিলাত থকা ডাক্তৰ চাহাব মোৰ ককাইদেউ হয়। গতিকেই ককায়েক থকাঠাইখনলৈ 
এবাৰ, আন যি কোনো ভায়েক যোৱাৰ দৰেই গৈছিলোঁ। ডাৱৰে ঢকা অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্য্যইয়াৰ আন-মোল সংস্কৃতি ইত্যাদি কথা মূৰত সোমোৱাৰ বয়স তেতিয়াও মোৰ হোৱা নাছিল
ডাৱৰবোৰে আকাশ ঢাকি বতৰ একেবাৰে গোমা কৰি ৰাখে, ভালেই নালাগে। গোটেই দিনটো ঘৰত সোমাই থাকিবৰহে মন যায়।  
'মডিলাত আপেলৰ বাগিচাত এসোপা মান আপেল খালো, হাড় কঁপাই নিয়াকৈ বৰফ পৰা ঠাণ্ডাত তিনিটাকৈ চুৱেটাৰ পিন্ধি, এসপ্তাহমান গা নোখোৱাকৈ থাকি গুচি আহিলো। বচ ইমানেই।

মোৰ অৰুণাচলৰ বিষয়ে জ্ঞান, তাৰ অঁকোৱা পকোৱা ৰাস্তা হৈ যোৱা, জংগলে আবৰি থোৱা পাহাৰবোৰ, আৰু গম্পাত ঘড় ঘড়-কৈ ঘুৰাই দিয়া ড্ৰামবোৰৰ সৈতে মনপাবোৰতেই সীমিত আছিল। সিহঁতে বনোৱা কাঠৰ গামলাবোৰ আৰু বেৰত ওলমোৱা চিল্কৰ কাপোৰবোৰত অঁকা ছবিবোৰ মই বৰ ভাল নাপাইছিলোঁ -ডাৱৰবোৰ সিহঁতে কিবা পাক খাই থকা জেলেপীৰ নিচিনাকৈ আঁকিছিল! 
আৰু কোনোবাদিন যে মোৰ ধাৰণাৰ সলনি হব আশাও কৰা নাছিলোঁ। মোৰ সংকীৰ্ণ মন তেনে হৈয়ে থাকিল। পিতলৰ বাচন যিমানেই লাগে গৰম কৰি গলোৱা নাযায় সি কেতিয়াও কেঁচা সোন হৈ নপৰে।

অৱশ্যে তেতিয়াও মই ডাক্তৰ চাহাবে লিখা কিতাপ খন পঢ়া নাছিলোঁ।
কিতাপৰ পাত লুটিয়াই গৈ থাকোঁতে মোৰ মনত থকা অৰুণাচলৰ  ধূসৰ ছবিবোৰ লাহে লাহে ৰঙীন হ'বলৈ ধৰিলে। অনুভব হ'ল - কিমান কি নজলাকৈ, কিমান কি নেদেখাকৈয়ে ৰ', আৰু কিমান যে এতিয়ালৈকে একেবাৰেই হেৰাই 'ল। ইণ্টাৰনেট  খুলি অকণ অকণকৈ অৰুণাচলৰ কথা বিচাৰিবলৈ ল'লো। অতি সোনকালেই মোকো কানিৰ নিচাই ধৰাৰ দৰে অৰুণাচলৰ নিচাই ধৰিলে।

Google এটা অতি সুন্দৰ বস্তু। ইয়াক যিমানেই দকৈ খুচৰা যায় সিমানেই তাৰ পৰা ওলোৱা খাজানা মিঠা হয়। তেনেকৈয়ে পালো ক্রিস্টফ ফন ফ্যুৰাহাইমেনডৰ্ফে ৰাখি থৈ যোৱা অমূল্য ৰত্ন ৰাজি!   

ক্রিস্টফ ফন ফ্যুৰা হাইমেনডৰ্ফৰ বিষয়ে অকণমান কব বিচাৰিছোঁ, কাৰণ তেখেতৰ কথা নোকোৱাকৈ অৰুণাচলৰ বিষয়ে ভাষণ দিয়াটো ফটা ধোলেৰে  বিহু গোৱাৰ নিচিনা।
ফ্যুৰা হাইমেনডৰ্ফ অষ্ট্রিয়াৰ এক অভিজাত পৰিয়ালৰ পৰা অহা এথে`এন্থ্রপ'লজি' শিক্ষা লাভ কৰি ১৯৩৩ চনত ভাৰতলৈ আহে। 
চল্লিশ বছৰ কাল নগালেণ্ডত কন্যাক নগা আৰু অৰুণাচলৰ জনজাতিৰ লগত থাকি,`নাগামিজ', ‘আপাটানী’, ‘নিশীইত্যাদি প্ৰতিটো ভাষা আয়ত্ত কৰি, পূব ভাৰতৰ সকলো জনজাতি আৰু হাইদৰাবাদৰ ভিল জাতিৰ জীৱনৰ ওপৰত অতি গভীৰ ভাবে অধ্যয়ন কৰি এটা অতুলনীয় অৱদান দি থৈ গৈছে।

ফ্যুৰা হাইমেনডৰ্ফৰ ফটগ্ৰাফিক আৰু ভিডিঅ'গ্ৰাফিক ডকুমেন্টেশন আজি লণ্ডনৰ  `স্কুল অব অৰিয়েন্টেল এণ্ড আফ্রিকান স্টাডিজ'ৰ  `ডিজিটেল আৰ্কাইভ এণ্ড স্পেচিয়েল কালেক্সন'ত আছে। 
ডিজিটাইজ কৰা, অৰুণাচল আৰু কন্যাক নগাৰ দৈনন্দিন জীৱনৰ ভিডিঅ'গ্ৰাফি University of Cambridge  www.digitalhimalay.comত চাব পৰা যায়। আজি কিছু দিনৰ আগতে  এই ভিডিঅ বোৰ Youtubeত আপলোড হোৱাও দেখা পাইছিলো।

ছবিবোৰ চাই চাই অনুভব কৰিছিলোঁ যেন মনৰ মাজত ডাক্তৰ চাহাবে লিখা
ঘটনাবোৰ জীৱন্ত হৈ পৰিছে। লাগিলে ধাৰ কৰাই নহওক, এনে ছব
নাথাকিলে অৰুণাচলৰ বিষয়ে লিখাৰ কোনো প্ৰচেষ্টাই যুক্তিসঙ্গত হ'ব নোৱাৰে-
সেয়ে এই পুনঃ-প্রকাশ-

অসমীয়া ভাষাৰ সীমিত জ্ঞান হোৱা বাবে  প্রকাশ কৰোঁতে বহু আহুকালৰ সন্মুখীন হব লগাত পৰিছিলোঁ।  শব্দ আৰু ভাষাৰ লগত যুঁজি বহু বছৰৰ পিছত আকৌ ভাষা শিকিলোঁ,  টেঙা মিঠা বহুত  অভিজ্ঞতা হল।  সেই অভিজ্ঞতাৰ বিষয়ে মই 'Desperately Seeking  Sis' নামেৰে মোৰ ব্লগত 
লিখিছোঁ।

মণি ফুকন

ৱডোদৰা, গুজৰাট ২ আগষ্ট, ২০১৩

Sources of all photos 
http://digital.info.soas.ac.uk/4543/
Sumank Roy