জীৱন মৃত্যুৰ সন্ধিক্ষণ
টনি
টনিয়ে
সদায় 'পি এইছ ইউ'ৰ বাৰান্দাত আমি অহালৈ বাট চাই বহি থাকে।
সি
আমাৰ মাজৰেই এটা সদস্য যেন হৈ পৰিছিল। স্বাথ্য কেন্দ্র খোলা থকাৰ গোটেই সময়খিনিত ইয়ালৈ
অহা প্রতিটো মানুহক তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি ভুকি আমাক সজাগ কৰি দিয়াটোয়েই যেন
তাৰ কাম।
টনি
আছিল এটা বৰ্ণসংকৰ কুকুৰ। তাৰ স্থুলন্তৰ স্বাস্থ্য আৰু গভীৰ ভুকনিয়ে সাহসীয়াল মানুহৰো
বুকু কপাই দিয়ে।
টনি
ইয়ালৈ কেনেকৈ আৰু ক'ৰপৰা আহিলে হয়তো কোনেও নেজানে।
চিয়াংতাজুত
হঠাৎ এদিন টনিৰ আৱিৰ্ভাৱ হ'ল। চিয়াংতাজুয়েই তাৰ ঘৰ হৈ পৰিল আৰু এই ঠাইকনৰ সুৰক্ষা আৰু
ইয়াক অপৰাধবিহীনে ৰখাৰ কামটো সি তাৰ ওপৰত ললে।`পি এইছ ইউ'ৰ ওচৰে পাজৰে সি প্রায়ে ঘুৰি
ফুৰিছিল যদিও চিয়াংতাজুৰ শেষ সীমা লৈকে তাৰ অবাধ গতি আছিল। লাহে লাহে চিয়াংতাজুৰ সকলোৱেই
টনিৰ উপস্থিতিক স্বীকাৰ কৰি লৈছিল।
এইটো
মই চিয়াংতাজুলৈ অহাৰ আগৰ কথা। তেতিয়া ইয়াত ডাঃ পাল ডেপুটি মেডিকেল অফিছাৰ ইনচাৰ্জ'
হিচাবে আছিল।
এদিন
পুৱা এঘাৰটামান বাজিছে। ডাক্তৰ পাল স্বাস্থ্যকেন্দ্ৰৰ নিজা কক্ষত বহি আছে। এনেতে টনিয়ে
পাছ ঠেং এটা চোঁচৰাই চোঁচৰাই দৌৰি দৌৰি আহি ডাক্তৰৰ টেবুলৰ তলত সোমাই ডাক্তৰৰ ভৰিতে
লুটি খাই পৰি দিলেহি। ডাক্তৰ পালে টেবুলৰ তললৈ মূৰ দোঁৱাই চাই দেখে টনিৰ গোটেই গাতে
তেজৰ চেকা। টেবুলৰ তলত কাঠৰ মজিয়াতো তেজ, দুৱাৰ মুখৰ পৰা ডাক্তৰৰ কক্ষলৈকে তেজৰ দাগ
পৰি আছে। ডাক্তৰ পালে `সন্তো' আৰু স্বাস্থ্যকেন্দ্ৰৰ চতুৰ্থবৰ্গৰ কৰ্ম্মচাৰী কেইজনমান
মাতি আনি টনিক টেবুলৰ তলৰ পৰা ডাঙি উলিয়াই আনি ড্ৰেচিং ৰুমলৈ লৈ গ'ল। টনিৰ সোঁফালৰ
পিছঠেংটো তপিনাৰ তলত বেয়াকৈ কাটি গৈছে। ডাক্তৰ পালে লৰালৰিকৈ টনিৰ কটা মাংস পেশীবোৰ
জোৰা লগাই চিলাই কৰিবলৈ ধৰিলে। পিছত নাইলন সূতাৰে তাৰ ডাঠ চালখন চিলাই, বিজানুনাশক
মলম লগাই তাৰ ঘাঁ ড্ৰেচিং কৰি বেন্ডেজ লগাই বান্ধি দিলে। বিষ লাঘবৰ বেজীও দিলে।
টনিক
স্বাস্থ্যকেন্দ্ৰৰ বাৰান্দাতে ৰাখি তাৰ খোৱা-বোৱাৰ যোগাৰ কৰা হ'ল।
টনি
অতি তীক্ষ্ণ বুদ্ধিৰ কুকুৰ আছিল। সি সদায় `পি এইছ ইউ'ৰ ওচৰে পাজৰে ঘুৰি ফুৰোতে দুৰ্ঘটনাত
আহত হোৱা, হাত ভৰিত কটা চিঙা ঘা লৈ অহা বিভিন্ন ৰোগীবোৰক স্বাস্থ্যকেন্দ্ৰলৈ অহা দেখি
আছিল। সি লক্ষ্য কৰি ভালকৈয়ে বুজি পাইছিলে যে আহত হোৱা ৰোগীোবোৰ পোনেই ডাক্তৰৰ ওচৰলৈহে
প্ৰথমে আহে।
টনিক
কোনে কাটিলে কব নোৱাৰি কিন্তু অনুমান কৰিব পৰা গৈছিল- টনিৰ বুদ্ধি, স্বাস্থ্য আৰু সাহসৰ
কাৰণে বহু বাংণী মানুহে কিজানি তাক সহ্য কৰিব পৰা নাছিল। বহুতৰে হয়তো ৰাতিবেলা স্বাধীনভাবে
অহা-যোৱা কৰোতে কিছু অসুবিধাও হৈছিল। খুব সম্ভব কোনোবা বাংণী মানুহেই টনিক প্ৰথমে জোকাই
পিছত সুবিধা বুজি তাৰ দীঘল দাৰে কাটি মাৰি পেলাবলৈ যত্ন কৰিছিল।
মই
চিয়াংতাজুলৈ অহাৰ প্রথম দিনকেইটাত টনিক প্ৰায়ে স্বাস্থ্যকেন্দ্ৰৰ ওচৰে পাজৰে দেখা পাইছিলো।
অন্য মানুহক ভুকিলেও মোক কিন্তু কেতিয়াও ভুকা নাছিল। মই স্বাস্থ্যকেন্দ্ৰলৈ সোমাই অহা
সময়তো পদুলি মুখত ৰৈ মোলৈ নিঃশব্দে শান্তভাবে চাই ৰৈ আছিল। লাহে লাহে সি মোৰ লগে লগে
ভিতৰলৈ সোমাই অহা কৰি বাৰান্দাত বহিবলৈ ললে।
আজি
টনিৰ কাৰণে স্বাস্থ্যকেন্দ্ৰতো তাৰ ঘৰ, ডাক্তৰ তাৰ মালিক! আৰু তাৰ কৰ্তব্য স্বাস্থ্যকেন্দ্ৰটো
পহৰা দিয়া আৰু ডাক্তৰক নিৰাপত্তা দিয়া। মই চিয়াংতাজু এৰালৈকে সি তাৰ কৰ্তব্য নিয়াৰিকৈ
কৰি আছিল।
মোৰ
পিছত ডাক্তৰ বৰঘৰীয়াকো সি তাৰ মালিক হিচাবে মানি লৈছিল।
কেল' বস্তিত
বাৰিষাৰ
দিন। প্রায়েই বৰষুণ হৈ আছে।
অৰুণাচলত
বৰষুণৰ প্রকোপটো এনেয়ে বেছি। বাৰিষা হোৱাৰ লগে লগে অন্য বহু সমস্যা নামি আহে। পানীৰ
উৎসবোৰ লেতেৰা হৈ যায়। মলিয়ন পানী খাই `ডায়েৰীয়া', `ডিচেণ্ট্রী' আৰম্ভ হয়। জমা হৈ থকা
পানীত জন্ম হোৱা ম'হৰ প্রকোপত মেলেৰীয়া আৰম্ভ হৈ যায়। বৰষুণৰ পানীত তিতি জ্বৰ কাঁহ
হয়। মুঠতে বাৰিষা আৰম্ভ হোৱাৰ লগে লগে চাৰিওফালে বেমাৰ আজাৰৰ আৱির্ভাব হবলৈ ধৰে।
এনেকোৱা
সময়তে এদিন খবৰ আহিল কিছু নিলগৰ এখন গাঁৱত সৰু সৰু ল'ৰা-ছোৱালীবোৰৰ জ্বৰ কাঁহৰ বেমাৰ
আৰম্ভ হৈছে। কিছু ল'ৰা-ছোৱালী মৰিছেও। বহুতৰ অৱস্থা খুব বেয়া। সোনকালে গাঁৱলৈখনলৈ যাব
লাগে।
মই
লৰালৰিকৈ `পি এইছ ইউ'ৰ পৰা ওলাই আহিলো। ৰগমক ভাত দিবলৈ কলো, ডুংগ্রুক `চার্কোল অফিচ'লৈ
পঠালো কেইটামান `পৰ্টাৰ' আনিবলৈ আৰু সহকাৰী নার্চটোকও ঔষধবোৰ ল'বলৈ ক'লো। এঘণ্টামানৰ
ভিতৰত আমাৰ টীমটো যাবলৈ সাজু হ'ল আৰু আমি কোৱাৰ্টাৰৰ পৰা ওলাই কেল' বস্তিৰ ফালে খোজ
ল'লো। বেলি পৰাৰ সময়ত কেল'বস্তি পালোগৈ আৰু ৰাতিটো তাতে কটাবলৈ ঠিক কৰিলো।পিছদিনা পুৱা
উঠি বাহিৰলৈ চালো - কোনফালে `এপিডেমিক' হোৱা বস্তিখনলৈ যাব লাগিব। এজন গাইডে মোক দূৰৰ
পাহাৰ এটা দেখুৱাই ক'লে - সেই পাহাৰটোৰ সিপাৰে বস্তিখন আছে। এই পাহাৰটো পাৰ হৈ তাৰ
পিছৰ পাহাৰটোৰ ওপৰত গাঁওখন পাবগৈ লাগে। পাহাৰটো দেখি মোৰ মূৰ ঘুৰাবলৈ ধৰিলে।
কেল'
বস্তি হ'ল একেবাৰে পাহাৰৰ তলত। পাহাৰটোৰ ওপৰখিনি ডাঠ কুঁৱলীয়ে ঢাকি থৈছে - কিমান ওখ
দেখাই নাযায়। এইটো পাহাৰ বগাই পাৰ হ'ব লাগিব আৰু তাৰ পিছতহে ইটো পাহাৰ বগাই গাঁওখন
পাব পাৰিম। মোৰ ভৰি কেইটাই প্রতিৰোধ কৰি উঠিবই নোখোজিলে।
অবশেষত
মোৰ দলটো কেল' বস্তিৰ পৰা ওলাই আহিল। আমি ভৰিৰ লিকে লিকে পাহাৰ বগাবলৈ আৰম্ভ কৰিলো।
প্রায় সাত ঘণ্টা পাহাৰ বগাই পাহাৰটোৰ ওপৰ পালোগৈ। দূৰৰ গাঁওখন মোৰ চকুত ভাঁহি উঠিল।
সাত ঘণ্টা পাহাৰ বগাই ভৰি দুখন জঠৰ হৈ গৈছিল। কিছু সময় মাটিতে বহি গাত অলপমান জোৰ গোটালো।
বহাৰ পৰা উঠি পুনৰ গাঁওখনৰ ফালে খোজ ললো। এই পাহাৰটো উঠোতে সাতঘণ্টা লাগিল, ইটো পাহাৰ
তিনিঘণ্টা তাৰ পিছত গাঁওখন থকা পাহাৰটোত আৰু দুঘণ্টা বগোৱা শেষত গাঁওখন পালোগৈ। ইতিমধ্যে
বেলি লহিয়াইছে।
আমাৰ
দলটো গাঁৱত সোমোৱাৰ লগে লগে গাঁৱৰ মানুহবোৰ গোট খাবলৈ ধৰিলে। আমি গাঁওবুঢ়াৰ ঘৰলৈকে
গ'লো। মাচাং ঘৰৰ পাছফালৰ বাৰান্দাত আমাৰ টোপোলাবোৰ ৰাখিলো। সহকাৰী নার্চজনে ঔষধবোৰ
উলিয়ালে।বেমাৰী ল'ৰা ছোৱালীবোৰক মাক বাপেকে বোকোচাত লৈ লৈ আহিবলৈ ধৰিলে। গোটেইবোৰৰে
কাঁহ আৰু জ্বৰ। কিছুমানৰ অৱস্থা একেবাৰে বেয়া, উঠিবই নোৱাৰে। গাঁৱৰ সৰহ সংখ্যক ল'ৰা
ছোৱালীৰে একে অৱস্থা। কিছুমান ইতিমধ্যে মৰিছেই।
মই
কেইটামানক চায়েই গম পালো সিহঁতৰ `ৰেস্পিৰেটৰী ট্রেক্ট'ৰ `ইন্ফেকছন' হৈছে। কিছুমানৰ
`নিউমোনিয়া' হৈছে। দুঘণ্টামানৰ ভিতৰত প্রায়বোৰ ল'ৰা ছোৱালীক ঔষধ খুওৱা হৈ গ'ল।
এনেতে
এটা বাংণী দৌৰি আমাৰ আগত আহি ৰ'লহি। খঙত উন্মাদ যেন হৈ বাংণী দোৱানত চিঁঞৰি চিঁঞৰি
মোক কিবাকিবি কব ধৰিলে। এখন হাতেৰে সি তাৰ দীঘল দাখনৰ ফাকটো আৰু আনখন হাতেৰে দাখনৰ
নালটোত ধৰি সি যেন মোক ঘপিয়াবলৈ সাজু হৈ আছে।
মই
একো বুজি নাপায় মোৰ মানুহকেইটাৰ মুখলৈ চালো - সিহঁতৰ শুকাই যোৱা মুখকেইখন দেখি অনুমান
কৰিলো কৰবাত কিবা এটা অঘটন ঘটিল। ডুংগ্রুৱে মোক ক'লে-
"চাৰ
এই মানুহটোৱে সুধিছে - আপুনি দিয়া ঔষধবোৰ ভালনে বেয়া"।
মই
একো বুজি নাপাই ক'লো কিয় সব ঔষধেই ভাল। ইয়াত কোনো বেয়া ঔষধ নাই। মানুহটোৱে মোলৈ প্রায়
চিঁঞৰিয়ে ক'লে –
"মই
পাহাৰত খেতিৰ কাম কৰি আছিলো। খেতিৰ পৰা আহি ঘৰ পাঁওতে মোৰ মাইকীজনীয়ে কলে- ডাক্তৰে
দিয়া ঔষধ খোৱাৰ পিছত মোৰ বেমাৰী ল'ৰাটো নুঠাই হ'ল। মৰো মৰো হৈ আছে"।
"চি-ই-ই
কাদা"।
"তোৰ
বেয়া ঔষধ খায়ে মোৰ ল'ৰাটো মৰো মৰো হৈ গৈছে"।
মই
আকৌ ক'লো -
"মোৰ
ঔষধ সব ভাল। সব ল'ৰা-ছোৱালীকে ভাল ঔষধ দিছো"। মোলৈ এটা তীক্ষ্ণ দৃষ্টিৰে চায়,
দা'খনত খামুছি ধৰি "কিবা হলে তোক কাটি পেলাম" ধৰণৰ কিবা এটা কৈ মানুহটো ধুমুহাৰ
দৰে ওলাই গ'ল।
মই
চিন্তাত পৰিলো- ল'ৰাটোক দিয়া `ক'ফ চিৰাপ'ত `কোদিন ফচফেট' আছে আৰু সেয়ে হয়তো সি শুই
পৰিছে। যদি কেনেবাকৈ আন যি কোনো কাৰণতেই ল'ৰাটো মৰি যায় তেন্তে এই অহমক বাংণীটোৱে আহি
মোক কাটি পেলাব।
ইতিমধ্যে
গধূলি আঠমান বাজিছে। দিনটো পাহাৰ বগাই বগাই আহি ঠিয়ৈ ঠিয়ৈ দুঘণ্টা বেমাৰী চাই ঔষধ দিছো
অকনো জিৰণি নাই। তাৰ পিছত আকৌ এনে ঘটনা। মনত বৰ দুঃখ লাগিল। হান্টিং বুটজোৰ খুলি কাপোৰ
কানি সলাই মুখ হাত ধুই বিচনাখন মেলি তাতে বহিলো। অলপ পিছত ৰগমে দিয়া ভাত খাই বিছনাত
পৰিলো। মনত ভয় লগা চিন্তা- যদি কেনেবাকৈ ল'ৰাটো মৰে - লগতে ময়ো মৰিম। বাংণীয়ে মোক কাটিবই।
ইয়াৰ পৰা পলাবলৈকো কোনো উপায় নাই। এই অটব্য পাহাৰৰ মাজৰ পৰা পলাম কেনেকৈ ? দূৰৰ পাহাৰ
কেইটালৈ চাই ভাবিলো - চৰাইৰ দৰে পাখী থকা হলে উৰিয়েই পলালো হেঁতেন। চৰাই নহলো, হ'লো
ডাক্তৰ, তাকো এই বাংণীসোপাৰ!
এতিয়া
প্রাণদণ্ড হোৱা আচামীৰদৰে মৃত্যুৰ ক্ষণ গণি গণি বহি আছো, এই অজান দুর্গম পাহাৰৰ এই
নিষ্ঠুৰ বাংণীবোৰৰ মাজত! এৰা, মোৰো আয়ুবেলি মাৰ যাবৰ উপক্রম হৈছে। মনলৈ আহিল মই যেন
মোৰ পৰিয়ালৰ পৰা আঁতৰি উৰি উৰি গৈ আকাশত বিলীন হৈ গৈছো। নিঃস্বার্থ মানৱ সেৱাৰ পুৰস্কাৰ
এনেকৈয়ে পাই নেকি! ইমান ভাগৰত থকা সত্বেও ৰাতি টোপনি যাব নোৱাৰিলো। পিছদিনা পুৱা মই
লৰালৰিকৈ বাহিৰলৈ ওলাই গ'লো। ওচৰৰ পাহাৰৰ গাতে বৈ থকা পানীৰ নিজৰা এটাত চকু-মুখ ধুই,
আগলৈ হব লগীয়া ঘটনাটোৰ বাবে নিজৰ ভাগ্যকে ধিয়াই উভটি আহিছো –
গাঁওবুঢ়াৰ
ঘৰৰ ওচৰ পাই দেখিলো বহুত মানুহ। বুকুখন অকণমান সময়ৰ কাৰণে থমকি ৰ'ল! ল'ৰাটো নিশ্চয়
মৰিল আৰু ইহঁত গোটেইবোৰে লগ লাগি মোক ডোখৰ ডোখৰকৈ কাটিবলৈ আহিছে! ভয়ে ভয়ে চাংঘৰৰ ওপৰলৈ
উঠি গ'লো।
ডুংগ্রুহঁতে
মোৰ বিচনাখন বান্ধিছে। সহকাৰী নার্চজনে ঔবধবোৰ বাকছত ভৰাইছে, ৰগমে বাকী বস্তুবোৰ সামৰিছে
আৰু বাংণী মানুহবোৰে কিবা কিবি কৈ তর্ক কৰি আছে।
মই
সুধিলো "কি হৈছে"?
মোৰ
সহকৰ্মীজনে ক'লে -
"চাৰ
আমি ইয়াত আৰু নাথাকো। ইহঁতক ঔষধ নিদিওঁ। কালি ঔষধ দিয়াৰ পিছত এই মানুহটোৱে আপোনাক কাটিবলৈ
আহিছিল। আজি সি আহি কৈছে তাৰ ল'ৰাটো ভাল হৈছে, গতিকে তাক আৰু ঔষধ লাগে"।
"আহ"!
স্বস্তিৰ নিশ্বাস এটা ওলাই আহিল। মই যেন জীৱন ঘূৰাই পালো। এইবাৰ মোৰ প্রাণ ৰক্ষা পৰিল
আৰু ভগৱানক মনতে বহুত ধন্যবাদ দিলো। মোৰ গাত আৰু মনত জোৰ আহিল। এইবাৰ শেণৰ এজাত!
মই
সবেই শুনাকৈ ক'লো - "নাই ইয়াত আৰু কাকো ঔষধ দিয়া নহ'ব। আমি আজিয়েই ইয়াৰ পৰা গুছি
যামগৈ। আমাৰ সকলো বস্তু বান্ধ। আমি এতিয়াই ওলাই যাম"।
গাঁৱৰ
মানুহবোৰে সিহঁতৰ মাজতে কিবা কিবি কথা পাতি এটাই গৈ সেই মানুহটোক ধৰি আনিলে। সি মোৰ
ওচৰলৈ আহি কিবাকিবি ক'লে।
ডুংগ্রুৱে
ভাঙনি কৰি দিলে –
"মই
খেতিৰ কামৰ পৰা আহি ঘৰ পাওঁতেই মোৰ মাইকীজনীয়ে ঔষধ খাই ল'ৰাটো মৰিবৰ নিচিনা হোৱা বুলি
কোৱাত মই একো চিন্তা কৰিব নোৱাৰি, খঙতে কালি তেনে কৰিছিলো। এতিয়া মই মোৰ ভুল বুজি পাইছো
আৰু ভৱিষ্যতে কেতিয়াও এনে নকৰো। এইয়া চা, দা কামুৰি শপত খাইছো। তহঁতে মোৰ ল'ৰাটোৰ কাৰণে
আৰু অলপ ঔষধ দে"।
পৰিস্থিতিটো
সম্পূৰ্ণ ভাৱে ঘুৰি যোৱাত মই ক'লো - "ঠিক আছে, আমি ইয়াত থাকিম আৰু ল'ৰাবোৰক ঔষধ
দিম"।
মোৰ
কথাত সঁচা সহানুভুতিৰ ভাব ফুটি উঠিল।
বেমাৰী
ল'ৰা-ছোৱালীবোৰ বোকোচাত লৈ আমাৰ চাৰিওফালে ঔষধৰ আশাত ঠিয় হৈ ৰৈ থকা মাক-বাপেকবোৰৰ মুখত
স্বস্তিৰ নিশ্বাস আৰু হাঁহি বিৰিঙি উঠিল। মই যেন জীৱন ঘূৰাই পালো আৰু মনতেই ক'লো -
তহঁতে মোৰেই নহয় তহঁতৰ ল'ৰা-ছোৱালীৰ জীৱনো ঘূৰাই দিছ।
ইয়াৰ
পিছত আমি তাত আৰু চাৰি দিন থাকিলো। প্রত্যেক দিনাই আমাৰ কাৰণে মূৰ্গী আৰু আপঙৰ যোগাৰ
হ'ল। দিনত বেমাৰীক ঔষধ দিও আৰু গধূলি আপং আৰু মুৰ্গী খাঁও।
পঞ্চমদিনা
আমি উভতিবলৈ ললো। তেতিয়ালৈ প্রায় সকলো ল'ৰা-ছোৱালী সুস্থ হৈ উঠিল। আমি পুৱাই গাঁওবুঢ়াৰ
ঘৰৰ পৰা নামি আহিলো। গাঁৱৰ মানুহবোৰে আহি আমাক বিদায় জনালেহি।
জীৱন
মৃত্যুৰ সন্ধিক্ষণৰ সেই অবিস্মৰণীয় আৰু গাত শিহৰণ উঠা মুহুর্তটো মোৰ সদায় মনত থাকিব।
তাজুৰ ডালিমী
তাজুৰ
ওচৰৰ এখন গাঁৱত এজনী অকণমান ছোৱালীয়ে মোৰ মনৰ মাজত এখন সুন্দৰ ছবি আঁকি দিছিল।
গাঁওখনলৈ
চিকিৎসা সাহার্য্য দিবলে মই কেইজনমান সহকাৰি স্টাফক লগত লৈ গাঁওবুঢ়াৰ ঘৰত বাহৰ পাতিবলৈ
লৈছিলো। মোৰ চিকিৎসালয়খনৰ পৰা এই গাঁওখন এদিন খোজ কঢ়াৰ বাট। পুৱাতে ঘৰৰ পৰা ওলাই মোৰ
দলটো লৈ পাহাৰীয়া ৰাস্তাৰে খোজকাঢ়ি আহি গধূলি সময়ত গাঁৱৰ সমীপ পালোহি। গাঁও সোমায়েই
গাঁওবুঢ়াৰ ঘৰত অতিথি হ'লোগৈ। আমাক আগবঢ়াই নিবলৈ গাঁওবুঢ়াই তেওঁৰ সৰুজনী ঘৈনীয়েকক পঠাই
দিছিল।
আমাক
দেখিয়ে গাঁওবুঢ়াৰ পত্নীয়ে ৰাস্তাৰ কষ্টৰ কথা সুধি কেটলিৰ পৰা গৰম চাহ উলিয়াই দি আমাক
আদৰণি জনালে।
আমি
অহাৰ কথা গম পাই গাঁৱৰ কিছু লোক গাওবুঢ়াৰ ঘৰত ইতিমধ্যে জুম পাতিলেহি। তেঁওলোকৰ লগত
আলাপ আলোচনা কৰি মই গা ধুবলৈ ওলালো।গাঁওবুঢ়াৰৰ ঘৰৰ দাঁতিতেই লাগি থকা পাহাৰটোৰ গাৰ
পৰা ফুটি আহিছে পানীৰ নিজৰা এটা। নিজৰাটোত লগাই দিয়া এদাল ফলাবাঁহৰ বুকুয়েদি পানী বোৰ
নামি আহি পৰিছে তলত ৰখা চেপেটা শিল কেইটাৰ ওপৰত। মই এই পানীধাৰাৰ তলতে গা ধুবলৈ গৈছিলো।
এনেতে
লক্ষ্য কৰিলো অকণমানি ছোৱালী এজনীয়ে অলপ ওপৰত থকা শিল এটাত বহি মোলৈ চাই চাই হাঁহি
আছে। মই তাইলৈ চোৱা দেখি সশব্দে হাঁহি দিলে, থিয় হ'ল আৰু জপিয়াই ওচৰৰ ঘৰকেইটাৰ ফালে
দৌৰি গুছি গ'ল।
গা
ধুই ঘূৰি আহি গাঁওবুঢ়াৰ ঘৰত ৰৈ থকা মানুহখিনিৰ লগত আকৌ আলোচনাত বহিলোহি। গাঁওবুঢ়াৰ
কোলাত কিলাকুতিৰে ভেজা দি হাতৰ তলোৱাৰ মাজত মুখখন থৈ আকৌ মোলৈ চাই আছে সেই ছোৱালীজনীয়ে-
জেতুলি-পকাৰ দৰে তুলতুলিয়া ৰঙা গালখনেৰে মৰম লগা ছোৱলীজনীৰ চকুত এটা উজ্জ্বল তিৰবিৰনি।
এইজনী গাঁওবুঢ়াৰ সৰু পত্নীৰ অকণমানি জীয়েক।
গাঁওখন
এৰি আহাৰ সময় হ'ল। আমি গাঁওবুঢ়াৰ ঘৰৰ পৰা ওলাই আহিলো। আমাৰ লগে লগে ওলালে কনমাণিজনী। কিছুদূৰ
আহি আমি পাহাৰৰ গা পালোহি। ছোৱালীজনী তেতিয়াও আমাৰ দলটোৰ লগতে আহি আছে।
আমি
পাহাৰ বগাবলৈ ধৰিলো। পাহাৰটো বেচ ঠিয় আছিল, ইমান দিন ইয়াত থাকি অভ্যস্ত হোৱাৰ স্বতেও
আমি অতি অসুবিধাৰে ওপৰলৈ উঠিছিলো। কনমাণিজনীয়ে কিন্তু অতি অনায়সে, এটা ধাপৰ পৰা ইটো
ধাপলৈ, ইটো শিলৰ পৰা ইটো শিললৈ জপিয়াই আমাক চেৰ পেলাই ওপৰলৈ উঠি গ'ল আৰু ওপৰৰ পৰা চায়
ৰৈ থাকিল আমি আটাইবোৰ উঠি অহালৈ। আমাৰ সকলোকেইজন বগাই অহাৰ পিছত তাই আকৌ ওপৰলৈ উঠি
গৈ আমাক চাব ধৰিলে যেন আমি পাহাৰ বগোৱাটো তাই পৰিচালনাহে কৰিছে।
আমি
গৈ পাহাৰ শীৰ্ষ পালোগৈ। ইয়াৰ পৰা তললৈ নামিব লাগিব। পাহাৰৰ ওপৰলৈ বগুৱা যিমান কষ্টকৰ
তললৈ নমাটো তাতকৈও অসুবিধাজনক আৰু সংকটপূৰ্ণ।
আমি
নামিবলৈ আৰম্ভ কৰিলো। কনমাণিজনী কিন্তু আৰু আগ নাবাঢ়িলে, তাই ওপৰতেই ৰৈ গ'ল। মই দুৰৰ
পৰা এবাৰ তাইলৈ ঘুৰি চালো। তাইৰ মুখৰ হাঁহিটো এইবাৰ অকণমান শেঁতা, চকু কেইটা কিন্তু
তেতিয়াও তিৰবিৰাই আছিল। প্রথমবাৰৰ বাবে তাই মুখ মেলি চিঁঞৰি কলে-
"ডাক্তৰ
চাব , আলা আলা আংত ঐ" "ডাক্টৰ চাহাব, ভালকৈ যাবি দেই"
আমি
তললৈ নামিব ধৰিলো। তাই তাতেই থিয় হৈ চিঞৰি থাকিলে- "আলা আলা আংত ঐ! আমি আহি তল
পালোহি, আমাৰ ৰাস্তাই পাহাৰৰ দাঁতিয়েদি মোঢ় ললে। কনমাণিজনীক আৰু নেদেখা হ'লো।
কিন্তু
তেতিয়াও ৰিণি ৰিণি শুনা পাইছিলো তাইৰ চিঁঞৰ- "ডাক্তৰ
চাব, আলা আলা আংত ঐ'
তাই
তেতিয়াও ওপৰতেই ৰৈ চিঞৰি আছিল ।
বেজবৰুৱাৰ
কল্পনাত ডালিমীয়ে ছিঞৰিছিল "যাগে-যাগে-দেই কেঁচাসোন।"
এইজনী
বেজবৰুৱাৰ ডালিমী নহয়, এইজনী
অৰুণাচলৰ কনমাণি ডালিমী মোৰ ছবিৰ
আৰু
তাই পাহাৰৰ ওপৰৰ পৰা চিঁঞৰি চিঁঞৰি মোক কৈ আছে -
মোৰ
নিজকে ভগনীয়া যেন লাগিছে। বার্মিজ ভগনীয়াৰ কথা শুনিছিলো। এতিয়া মই নিজেই হৈছো। চিয়াংতাজুৰ
পৰা ব'মডিলা লৈ বদলিৰ হুকুম পালো। ডাঃ ইন্দ্র বৰঘৰীয়াই মোৰ ঠাইত যোগদান কৰিলেহি। দুই
বছৰ ছয় মাহৰ পিছত মোৰ চিয়াংতাজু এৰি যোৱাৰ সময় হ'ল।
`চার্জ
হেণ্ড অভাৰ' কৰি চিয়াংতাজু এৰাৰ দিনা বতৰ ভালেই আছিল। প্রথমদিনা মংফি মামগাম বস্তিৰ
কেম্পত বাহৰ কৰিলো। সেই সন্ধিয়াই ভীষণ ধুমুহা বৰষুণ হ'ল।
দিনটো
খোজ কাঢ়ি ভাগৰত শুই থাকোতে ধুমুহা বৰষুণৰ একো গমেই নেপালো। পিছদিনা পুৱা কেম্প এৰি
কিছুদুৰ অহাৰ পিছতহে মোৰ চেতনা আহিল যেতিয়া পাহাৰৰ মাটি খহি ৰাস্তাৰ কোনো চিন চাব নোহোৱা
ঠাইত উপস্থিত হলোহি। মানুহ পাৰ হব পৰাকৈ কোনো কোনো ঠাইত বাঁহ, কলগছৰ অস্থায়ী সাঁকোৰ
ব্যৱস্থা কৰা হৈছে। পাহাৰৰ পানী এতিয়াও জৰ জৰকৈ ওপৰৰ পৰা পৰি আছে। মনলৈ ভাব আহিল -এতিয়া
মই আগলৈকো যাব নোৱাৰো আৰু উভতিবও নোৱাৰো। ভাগ্যক ধিয়াই আগলৈকে খোজ ললো।
মোৰ
লগত আছে ডুংগ্রু। এটা বাংণী ল'ৰা। মোৰ `পি এইছ ইউ'ত পিয়ন হৈ চাকৰিত সোমাইছে। তাক মই
কিছুদিন মোৰ ৰান্ধনী হিচাবে ৰাখিছিলো। সি গাঁৱৰ ঘৰত সিজোৱা বস্তু খায়। ভজা,মছলা সিহঁতৰ
নচলে। সি মোৰ পুৱাৰ আহাৰ তৈয়াৰ কৰে, লুচিবোৰ কেৰ কেৰিয়া টান হয়। বিস্কুটৰ নিচিনাকৈ
ভাঙি ভাঙি খাব লাগে। কিন্তু কি কৰিম? সি তাৰ অভিজ্ঞতাৰ পৰিসীমাৰ মাজত কাম কৰিছে। তাৰ
বনোৱা লুচি মই কোনো আপত্তি নকৰাকৈ খাইছো যদিও সি বুজি পাইছে যে মই তাৰ ৰ'ন্ধা খাই আনন্দ
পোৱা নাই। এদিন সি মোৰ আগৰ ৰান্ধনী ৰগমক সুধিলে - লুচি কেনেকৈ বনায়। ৰগম নেপালী ল'ৰা
আছিল।
ডুংগ্রু
যেতিয়া পিয়ন হৈ চাকৰিত সোমায় সি তেতিয়া সৰু ল'ৰা আছিল। লাহে লাহে সি ডেকা হ'ল। মুখত
দাঢ়ি গজিবলৈ আৰম্ভ কৰিলে। সি এটা বেছ থুলন্তৰ ডেকা মানুহ হৈ উঠিল। তাক ল'ৰাবোৰে ইঙ্গিত
দিলে - সি এতিয়া ডাঙৰ হৈছে, বিয়া কৰাৰ বয়স হ'ল, ছোৱালী চাব লাগে। লাহে লাহে ডুংগ্রু
কিছু সলনি হ'ল। সি কামত অনিয়মিয়া হবলৈ ধৰিলে, মাজে মাজে নাহেই। তাক মই শাসন কৰিব নোৱাৰা
হলো। বাংণী ডেকা, উগ্র। আন উপায় নাপাই মই চেপ্পাৰ `এছ ডি এম অ' লৈ লিখি পঠালো। কিছুদিনৰ
পিছত তাৰ নামত কাগজ আহিল। তাক সতর্ক কৰি দিছে - কামত নিয়মিয়া হবলৈ।
এই
ড়ুংগ্রুয়েই আজি মোৰ একমাত্র লগৰীয়া এই অটব্য পাহাৰৰ মাজত। কোনো ৰাস্তা নাই। পাহাৰ বগাই
বগাই খোজ কাঢ়ি কাঢ়ি দিনৰ দিনটো গৈয়ে আছো। বেলি ডুবাৰ আগত ক'ত কেম্প কৰিম, ক'ত থাকিবলৈ
পাম তাৰ চিন্তা। পৰ্টাৰ কেইটাই মোৰ আগে পাছে বোজা কঢ়িয়াই লৈ গৈ আছে।
এইদৰে
তিনিদিন যোৱাৰ পিছত চেপ্পা পালোগৈ।
চেপ্পাত
মোৰ বাবে আৰু এটা সমস্যা ৰৈ আছিল। তাত গৈয়ে শুনিলো আগলৈ ৰাস্তা বন্ধ। বৰষুণে বানাৰ
দলং উটাই নিছে। বানা আৰু জিৰ’ পইণ্ট'ৰ ৰাস্তাও বন্ধ। `লেন্ড স্লাইড'হৈ অনেক ঠাইত যোগাযোগ
বিচ্ছিন্ন। বতৰ তেতিয়াও বেয়া, কেতিয়া যোগাযোগ পুনৰ স্থাপন হব তাৰো কোনো নিশ্চয়তা নাই।
চেপ্পাত
দুসপ্তাহ বহিব লগা হ'ল। অৱশেষত ডুংগ্রুক লৈ চেপ্পা এৰি বানা লৈ পুনৰ যাত্রা কৰিলো।
বানাৰ পৰা পুনৰ পদযাত্রা। গধূলি সময়ত `বৰ্ডাৰ টাস্ক ফৰ্চ'ৰ কেম্প এটা পালোগৈ। `অফিচাৰ
ইনচাৰ্জ'ক লগ কৰি ৰাতিটো তাতে থকাৰ যোগাৰ কৰিলো।
পিছদিনা
পুৱা পুনৰ খোজ কাঢ়ি ওলালো। আজি মোৰ গন্তব্যস্থান কি নেজানো। মই কেবল জানো,মই আগলৈ যাব
লাগে। গতিকে গৈ আছো। অন্তহীন পাহাৰৰ দুর্গম পথ। মাজে মাজে হতাশা আহি পৰে। মই ক'ত কাম
কৰিবলৈ আহিছো? মোৰ লগৰবোৰে ভাল ভাল ঠাইত কাম কৰি টকা পইচা উপার্জন কৰি সুখে শান্তিৰে
আছে। মই পাগলৰ দৰে কেৱল কষ্টৰ বোজা বৈ লেলাই ধেন্দাই দিশাহীন ভাবে এই অজান্তি মূলূকত
ঘুৰি ফুৰিছো। কিহে পাইছিল মোক ইয়াত সোমাবলৈ!
পিছবেলা
হ'ল। মোৰ বিপৰীত ফালৰ পৰা অহা কেইজনমান মানুহক লগ পালো। তেওঁলোকে কলে - "কেই কিলো-মিটাৰমান
আঁতৰত এটা `ৰ'ড ব্লক' আছে। তাতে মজদুৰৰ কেম্প এটাত কিছুমান মানুহ কেম্প কৰি বহি আছে"।
মই মনত জোৰ বান্ধি খোজ কাঢ়িবলৈ ধৰিলো। কেইঘন্টামান খোজ কাঢ়ি গৈ লেবাৰ কেম্পটো পালো।
তাতে মই আমাৰ `আউট-প'ষ্ট'ৰ কিছুমান মানুহকো লগ পালো। তেঁওলোকৰ মতে কিছু আগত `চি পি
ডব্লিউ দি'ৰ কেম্প এটা আছে। তেঁওলোকে মোক তালৈকে যোৱাত জোৰ দিলে। মই যাবলৈ ইচ্ছা নকৰা
স্বত্বেও তেওঁলোকে মই ইয়াত থকাতো নিবিছাৰিলে। মনত কি কৰো কি নকৰো ভাবি থাকোতেই ডুংগ্রু
আহি কলে - এখন `বুল-ড'জাৰ' আহি আছে - ৰাস্তাটো মুকলি কৰিবলৈ।
ভগবানক
খাটিলো তাৰ কথা যেন সঁচা হয়।কিছুপৰৰ পিছত সঁচাকৈ `বুল-ড'জাৰ'খন আহি ওলাল আৰু খহি যোৱা
মাটিবোৰ আঁতৰাবলৈ আৰম্ভ কৰিলে। এখন ট্রাক এই লেবাৰ কেম্পটোত আৱদ্ধ হৈ আছিল। ৰাস্তাটো
খুলি যোৱাত ট্রাকখন `চি পি ডব্লিও দি'ৰ কেম্পলৈ যাবলৈ ওলাল। ময়ো মোৰ বস্তুবোৰ লৈ উঠাই
ডুংগ্রুক বিদায় দি ট্রাকত উঠিলো। এয়াই ডুংগ্রুৰ লগত মোৰ শেষ দেখা।
গধূলি
হ'লগৈ। কেম্পটো পালোগৈ। ৰাতিটো তাতে থাকি পিছদিনা অন্য এখন ট্রাকত উঠি ৰঙাপাৰা হৈ তেজপুৰ
পালোগৈ।
তাৰ
পিছত আছে গন্তব্য স্থান - ব'মডিলা।
No comments:
Post a Comment