Wednesday, March 19, 2014

Chapter VI -Tibetan Hounds

দিৰাঙৰ হাউণ্ড

সীমান্তৰ চৌকীত এভূমুকি

এবাৰ এটা সীমান্তৰ চৌকীলৈ গৈছিলো। ইয়াত ইন্দিয়ান 'ইন্টেলিজেন্স ব্যুৰ'ৰ এটা 'চেক প'ষ্ট' আছে। চৌকীতো তিব্বতীয় মানুহৰ গাও এখনৰ লগতে লাগি আছিল। ব'মডিলাৰ পৰা চল্লিছ কিলোমিটাৰ দূৰত ডিৰাং, তাৰ পৰা বাৰ' কিলোমিটাৰ ৰাস্তা ব'মডিলা টাৱাং হাইৱেৰ পৰা এই চৌকীলৈ খোজকাঢ়ি পাহাৰ বগাই যাব লাগে। প্রথম কেই কিলোমিটাৰমান আমি খোজ কাঢ়ি গ'লো। তাৰ পিছত ঘোঁৰা ললো। পাহাৰত থকা এইবোৰ সৰু সৰু 'পনি' ঘোঁৰা। মই উঠা 'পনি'টো তেনেই সৰু আছিল। কোনোমতে সি মোক পিঠিত লৈ পাহাৰত উঠিবলৈ ল'লে। কিছুদূৰ যোৱাৰ পিছত বেচেৰা সৰু ঘোঁৰাটোৱে ফোঁপাবলৈ ধৰিলে। সি ঘামি জামি ৰৈ গ'ল। মই তাৰ অৱস্থা দেখি  পিঠিৰ পৰা নামি দিলো। 
অলপ জিৰণি লোৱাৰ পিছত আকৌ যাত্রা আৰম্ভ কৰিলো। এইদৰেই মাজে মাজে জিৰাই জিৰাই চাৰি ঘন্টাৰ পথ অতিক্রম কৰি সীমান্তৰ
চৌকীটো পালোগৈ। 'আউট প'ষ্ট'টো  লাগি থকা  গাঁওখনৰ উচ্চতা আঠ হেজাৰ ফুট। আমি পাওঁতে দিনৰ প্রায় দুই বাজিছে।  দূৰত গাঁৱৰ ঘৰ এটা চকুত পৰিল। ঘৰৰ সন্মুখত এটা দামৰি গৰু খুটি এটাত বান্ধি থোৱা যেন লাগিল। মোৰ লগত যোৱা কর্মচাৰীটো আৰু স্থানীয় মানুহটোৱে মোক ক'লে - সেইটো হেনু দামৰি গৰু নহয়, এটা কুকুৰহে। তিব্বতীয়ান হাউণ্ড। পিছত ওচৰৰ পৰা  দেখিলো - সঁচাই এটা ভয় লগা প্রকাণ্ড কুকুৰ। তাৰ ভুকনি শুনিলে বুক কঁপি যায়। গধূলি হ'লে গাঁৱৰ মানুহে  হাউণ্ডবোৰ খুলি দিয়ে। লগে লগে সিহঁতে দৌৰা দৌৰি কৰি ভুকি ভুকি ঘূৰি ফুৰে। সকলো গাঁৱৰ মানুহ ঘৰৰ ভিতৰত সোমাই যায়, নহ'লে কেনেবাকৈ কুকুৰকেইটাই পালে কামুৰি খাই পেলাব। হিমালয় পর্বতৰ এই অঞ্চলটোত অনেক কুকুৰনেচীয়া  বাঘও আছে। গাঁৱৰ মানুহবোৰে ভেৰা পোঁহে। ভেৰাৰ পালবোৰক কুকুৰ নেচীয়াৰ পৰা বচাবলৈকে এই হাউণ্ডবোৰ ৰাখে। 
আমি গৈ সীমান্ত চৌকীৰ কর্মচাৰীৰ কেম্পত আলহী হলোগৈ। পাহাৰৰ ইমান ওখত  থকা সীমামুৰীয়া মনপা গাঁওখনৰ মাজৰ কেম্পটো একেবাৰে নাম মাত্র, তেনেই অস্থায়ী ব্যৱস্থা। অকণমাণ ঘৰ এটা। ষ্টাফৰ দুজন এই ঘৰটোত থাকে। বাকী কনিষ্টবল কেইজন স্থানীয় জনজাতিৰ মানুহ। গতিকে গাঁৱৰ মানুহৰ লগত থকাৰ সুবিধা কৰি লৈছে। এইয়ে আমাৰ ৰক্ষাৰ ব্যৱস্থা। অস্থায়ী বাসগৃহটো সৰু হ'লেও কর্মচাৰীকেইজনে আমাৰ আলপৈচান ধৰাত কোনো ত্রুটি কৰা নাছিল। উষ্ম আতিথ্যই পালো। 
ইতিমধ্যে গধূলি হ'ল। আন্ধাৰ হোৱাৰ লগে লগে গাঁৱৰ মানুহে কুকুৰবোৰ খুলি দিলে। কি ভয়ানক কুকুৰ! মুকলি হৈ পাগলৰ দৰে চাৰিওফালে দৌৰিবলৈ ধৰিলে। সিহঁতৰ বাঘৰ দৰে গর্জনত বুকু কঁপি গ'ল। আমি সকলো ঘৰৰ ভিতৰত সোমালো। দুৱাৰ খুলি হাউণ্ড কেইটাক চাবলৈকো সাহস নহ'ল। কি ভয়ানক কুকুৰ! মুকলি হৈ পাগলৰ দৰে চাৰিওফালে দৌৰিবলৈ ধৰিলে। সিহঁতৰ বাঘৰ দৰে গর্জনত বুকু কঁপি গ'ল। আমি সকলো ঘৰৰ ভিতৰত সোমালো। দুৱাৰ খুলি হাউণ্ড কেইটাক চাবলৈকো সাহস নহ'ল। 
তেতিয়া ডিচেম্বৰ মাহ। দিনতেই হাৰ কপাই যোৱা ঠাণ্ডা। ৰাতিৰ কথা বৰ্ণনা কৰাই নেযায়। ৰাতি ৰন্ধামেলা কৰিলে স্টাফৰ মানুহেই। আঞ্জা ৰন্ধা হ'ল মূলাৰ। গাঁৱৰ মানুহে গৰমৰ দিনত মুলাৰ খেতি কৰে। মুলাবোৰ পুৰঠ হলে উঠাই মাটিত পুতি থয়। গোটেই বছৰটো অলপ অলপ কৈ তুলি খাই থাকে। মই প্রথমে কথাটো বুজা নাছিলো। পিছতহে বুজি পালো, ঠাণ্ডা মাটিয়ে আমাৰ ফ্রিজৰ দৰেই কাম কৰে। ইমান উচ্চতাত মাটিৰ উষ্ণতা সদায়েই শূন্য ডিগ্রী চেলচিয়াচৰ তলত থাকে। গতিকে পুতি থোৱা মূলাবোৰ সদায়েই সতেজ হৈ থাকে।

ৰাতি পুৱাল, সাৰ পাই দেখো চাৰিওফালে ডাঠ কুঁৱলী। হাউণ্ডবোৰ নাই। 
গাঁৱৰ  মানুহবোৰে নিজৰ নিজৰ ঘৰত সিহঁতক আকৌ বান্ধি ৰাখিলে। মোৰ লগৰ কর্মচাৰীজনে ক'লে - "ব'লক ওলাই যাওঁ। গাঁওখন চাই আহো"।
তেতিয়ালৈ কুঁৱলী কমিছে। পুৱাৰ ৰদৰ পোহৰ গাঁওখনত বিয়পি পৰিছে। পাহাৰৰ  ওপৰলৈ  কিছুদূৰ উঠাৰ পিছত দেখিলো এঠাইত পানীৰ ফোঁৱাৰা এটা পাহাৰৰ গাৰ পৰা  ফুটি ওলাই তললৈ বৈ গৈছে, এটা সুন্দৰ পাহাৰী নিজৰা হৈ। লোককথা মতে এজন সন্যাসীয়ে জপ কৰি ইয়াতে দেহ লীলা সম্বৰণ কৰিছিল। আৰু তেঁওৰ নিশ্বৰ দেহা ইয়াৰ পৰা পানী হৈ পাহাৰৰ পৰা তললৈ বৈ আহিল। একেবাৰে ফট-ফটীয়া
পৰিস্কাৰ পানীৰ নিজৰাটো গাঁৱৰ মাজেৰেই বৈ গৈছে। গাঁৱৰ মানুহে নিজৰাটোৰ ওপৰতে  এঠাইত এটা বৌদ্ধ বিহাৰ সাজি দিছে। তাত এটা পানী কলও আছে। পানীকলৰ লগত সংযোগ কৰা হৈছে এটা `প্রে'ইং ড্রাম' । পানীয়ে যেতিয়া  কলৰ চকাটো ঘূৰাই, চকাৰ শলাডালৰ লগত বান্ধি দিয়া হাতুৰি কেইটাই কাষৰ কাঁহৰ ঘণ্টাটো কোবাই অহৰহে বজাই থাকে। গাঁৱৰ শেষ সীমালৈকে বিয়পি পৰা ঘণ্টাৰ কোবকেইটাই বতাহত চন্দ তুলি বাৰে বৰে যেন আস্বাস দি আছে যে সব কুশলে আছে। কেতিয়াবা খুব বেছি ঠাণ্ডা পৰিলে নিজৰাৰ পানীও গোট মাৰি বৰফ হৈ যায়। পানী এতিয়াও খুব ঠাণ্ডা। গাঁওখন ঘূৰি পকি আহি কেম্প পালোহি। 
ব্রেকফাস্ট কৰি `ইণ্টালিজেন্স ব্যুৰ'ৰ ষ্টাফৰ পৰা বিদায় ললো।



দিৰাঙৰ হাউণ্ড

বৌদ্ধ বিহাৰৰ ঘণ্টা শব্দ আৰু তিব্বতীয়ান হাউণ্ডকেইটাৰ বুকু কপোৱা ভুকনি বহুত দেৰিলৈ মোৰ মনত বাজি আছিল। তেনে হাউণ্ড জাতৰ কুকুৰ কিজানি ৰাখিলে চুৰে ঘৰত সোমোৱা দূৰৰ কথা হয়তু সেইফালে চাবলৈকো সাহস নকৰিব। কুকুৰ মানুহে কেবল পহৰা দিবলৈকে নুপোহে। এই কুকুৰবোৰ সাধাৰণতে একগৰাকী বিধৰ হয় আৰু গৰাকীৰ এক ইঙ্গিতত শত্ৰুক ফালি চিৰাচিৰ কৰি দিবলৈ বা জলি থকা জুইত জপিয়াই দিবলৈকো সাজু থাকে। এনে এটা কুকুৰ হাতৰ শিকলি দালেৰে বান্ধি নিজৰ বশত ৰাখিলে নিশ্চয়ে যিকোনো মানুহৰে, মনত এক মই বৰ ভাৱ অনুভৱ আহে, নিজকে অপৰাজয় হেন অনুভৱ হয়। কিন্তু বেচিভাগ মানুহেই  ইঁহতক ঘৰৰ পহৰা দিয়া আৰু  সুৰক্ষাৰ বাবেই ৰাখে।

দিৰাঙৰ কুকুৰ ঘৰত পোঁহাৰ ইচ্ছা মোৰ মনলৈ প্রায়ে আহিছিল।
মোৰ দৰেই কিজানি ব'মডিলাৰ উপায়ুক্ত "দাই" চাহাবৰ মনলৈয়ো তেনে ভাব  আহিছিল। গতিকে ভবা মতেই কাম! ডিৰাঙৰ পৰা মতা-মাইকী পোৱালি এহাল লৈ অনা হ'ল।  সৰু হৈ থাকোতে ইটা আন কুকুৰৰ দৰেই। সিহতৰ প্রতিপাল কৰাৰ দায়িত্ব  দিয়া গ'ল দাই চাহাবৰ লগুৱাটোক। তাক আমি প্রায়ে মাংসৰ দোকানৰ কচাইৰ পৰা ছাগলীৰ অৱশিষ্ট নিবলৈ ৰৈ থকা দেখিছিলো। পোৱালীকেইটা অতি সোনকালেই  ডাঙৰ হৈ একো একোটা প্রকাণ্ড কুকুৰ হৈ পৰিল। দাই চাহাবে সিঁহতক ৰাতি পহৰাৰ কাৰণে এৰি দি, পুৱা বান্ধি থোৱা কৰিলে।

এদিন কমিচনাৰ অফিচৰ পৰা এজন কৰ্মচাৰী উপায়ুক্তৰ বাংলো'লৈ কিবা এটা বিশেষ  কামত আহি উপস্থিত হ'লহি। দূৰ্ভাগ্য ক্ৰমে সেইদিনা কুকুৰকেইটাক তেতিয়ালৈকে বন্ধা হোৱা নাছিল। মানুহজনে ওচৰতে ৰৈ থকা কুকুৰ কেইটাৰ বিষয়ে একেবাৰেই অজ্ঞাত আছিল আৰু পিছ মুহূৰ্তত কি হ'ব পাৰে নজনাকৈ জপনাখন খুলি ভিতৰলৈ সোমাই আহিল। জপনা খুলাৰ শব্দ শুনিয়েই কুকুৰকেইটাই ৰৌৰোৱাই খেদি আহিল। মানুহজনে সন্মুখত যমদূত হেন দৈত্যক দেখি তাতে থৰকাচুতি হেৰুৱাই পেলালে। কোনোমতে  কুকুৰ কেইটা আহিপোৱাৰ আগতে দৌৰি ওচৰত থকা বিজুলী তাৰৰ খুটা এটাৰ ওপৰলৈ বগাই উঠি ওলমি "হাঐ, মোক খালেঐ, মই মৰিলোঐ" কৈ চিঞৰিব
ধৰিলে। কুকুৰকেইটাই আহি তলৰ পৰা জপিয়াবলৈ লাগিল।আৰু এটাই মানুহজনৰ  তললৈ নামি অহা টিকাতোত দাঁত বহৱাই কামুৰি ওলমি ধৰিলে। দেৰমোন গধূৰ হাউণ্ডটোৰ ওজনৰ ভাৰ মানুহজনৰ নিতম্বদেহৰ কোমল মাংসপেষীয়ে আৰু পেন্টৰ বুতামে বেচি দেৰী সহিব নোৱৰিলে।
দাঁতত টিকাৰ এবকলা আৰু পেন্টটো লৈ কুকুৰটো তললৈ খহি আহিল। মানুহজন  নিম্নদেহ সম্পূৰ্ণ নগ্ন হৈ চিঞৰি বাখৰি খুটাটোত প্রাণপণে খামুচি ধৰি ওলমি থাকিল।চিঞৰ বাখৰ শুনি দাই চাহাব আৰু  বাংলো'ৰ তত্বাধানকাৰী বোৰ আহি কুকুৰকেইটাক আতৰাই নি বান্ধি থলে। মানুহজন  তললৈ নামি আহি কপি কপি মাটিতে বহি পৰিল। দাই চাহাবে মানুহজনক তলদেহ ধাকিবলৈ কাপোৰকানি দি ঘৰৰ
ভিতৰলৈ লৈ গ'ল। আনৰ বাবে কৌতুকপূৰ্ণ হলেও মানুহজনৰ বাবে দুখ লগা ঘটনাটোৰ কথা ব'মডিলাত বহুদিনলৈ মানুহৰ মুখত শুনা গৈছিল। এনে কুকুৰ পোঁহি নিজৰ সুৰক্ষাৰ ব্যৱস্থা কৰাৰ লগত আনৰ সুৰক্ষাৰ  প্রতিও মন দিয়াটো অতি প্রয়োজনীয় হৈ পৰে- ই এটা গধূৰ
দায়িত্ব।

এই ঘটনাৰ আকৌ পুনৰাবৃত্তি হ'ল ঠিক কিছু দিনৰ পিছতেই !
খুব পুৱাতেই এদিন হস্পিতেৰ পৰা জৰুৰী ৰোগী চাবলৈ মোক মাতি পঠোৱা হ'ল।  ইমান পুৱাতে কিনো হ'ল বুলি লৰা লৰিকৈ ওলাই গ'লো। ইমাৰ্জেন্সি কোঠাত ন্যায়িক দণ্ডাধীশৰ পত্নী পৰি আছে। হাতে ভৰিয়ে আৰু দেহৰ প্রতি অংশতেই কুকুৰৰ দাঁতে ফালি বখলাই নিয়াৰ দ' ঘাঁ। বেদনাত হেহাই হেহাই মানুহ গৰাকীয়ে কেনেকৈ কুকুৰকেইটাই আক্রমণ কৰিলে মোক কৈ গ'ল।
কিবা এটা জৰুৰী কামৰ বাবে পুৱাই তেঁওৰো উপায়ুক্তৰ ঘৰলৈ যাব লগীয়া হ'ল। কুকুৰ  থকা বুলি জনা সত্বেও আগত থকা কামৰ চিন্তাত অন্যমনস্ক হৈ জপনা খন খুলি তেঁও ভিতৰলৈ সোমাই গ'ল। জপনা খোলাৰ লগে লগেই হাউণ্ডকেইটাই তেঁওক খেদি আহিল। চিঞৰ মাৰি, নিজকে বচাবলৈ মানুহগৰাকীয়ে মুখ আৰু ডিঙি হাতেৰে ঢাকি বহি পৰিল। কুকুৰকেইটাই মানুহজনীৰ ওপৰত জপিয়াই বগৰাই দি গোটেই গাত কামুৰি দাতেৰে কাপোৰকানি আৰু গাৰ মাংসলৈকে ফালি পেলালে। হস্পিতেল পাঁওতে মানুহজনী বিষত অৱশ হৈ পৰিছিল। কেইবাদিনো হস্পিতেলত থকাৰ আৰু বহু সুশ্ৰসাৰ পিছতহে ভাল হৈ উঠিছিল।

এদিন মোৰ লগৰ নিলমণীয়ে হঠাতে হাউণ্ডৰ পোৱলী এজনী লৈ মোৰ কোৱাৰ্টাৰ  পালেহি। সিও হাউণ্ড পোঁহিব হেনু আৰু কিছুদিনলৈ তাইক মোৰ কোৱাৰ্টাৰত ৰাখিব বিচাৰিছে। কিছুদিনৰ আগতেই আমি দুয়োটাই ব'মডিলাৰ বজাৰৰ ঠেক গলি এটাৰে গৈ থাকোতে ক'লা ৰঙৰ হাউণ্ড এটাৰ সন্মুখত পৰিছিলোগৈ। ঘৰ এটাৰ ৰাস্তাতেই লাগি থকা বাৰান্দাখনত সি শুই আছিল। দেখিয়েই আমি থতমত খাই স্তব্ধ হৈ ৰ'লো। তাৰ ডিঙিত শিকলীদাল দেখিহে আমি সকাহ পালো, আৰু  লাহেকৈ ৰাস্তাটোৰ সিটো পাৰ ললো। কুকুৰটোৱে চকু খুলি আমালৈ চাই এটা গম্ভীৰ গেঙৰণি দিলে। বহুত দেৰিলৈকে আমাৰ মুখত মাত নাছিল। এতিয়া আকৌ নিলমণীয়েই এজনী হাউণ্ডৰ পোৱালী আনিছে পোঁহিবলৈ। ডাঙৰহৈ এইজনীয়ে বা কি কৰে! যি হব দেখা যাব যেন হাঁহি এটা দি নিলমণীয়ে কথাটো তাতে সামৰি থলে।

এসপ্তাহ মানৰ পিছত হস্পিতেলত মোৰ কক্ষলৈ মনপা মহিলা এজনী আহিল। প্রায়ে তেঁও ইটো সিটো সৰু সুৰা কাৰণে আহি থাকে। এইবাৰ হেনু মোৰ কাৰণে কিবা এটা আনিছে। ওচৰলৈ আহি পেটৰ ওপৰৰ কাপোৰৰ মাজৰ পৰা অকণমানি কুকুৰ পোৱালী এটা মোৰ হাতত দিলেহি। খুব মৰম লগা বগা পোৱালীটোৱে  হাতত বহি মোৰ আঙুলি চেলেকিবলৈ ধৰিলে।

নিলমণীৰ হাউণ্ডৰ পোৱালীটোৱে লগ এটা পাই বৰ ভাল পালে। দুয়োটাই খুব খেলিবলৈ ললে। কিন্তু হাউণ্ডৰ প্রকাণ্ড পোৱালীটোৰ লগত খেলোতে মোৰ কনমাণি  পোৱালীটোৰ অৱস্থা নাইকিয়া হোৱা হল। হাউণ্ডটোৱে যেতিয়া তাৰ ওপৰত জপিয়াই হেঁচি ধৰে বেচৰাই উশাহ নেপায় চিঞৰিবলৈ আৰম্ভ কৰে। পিছলৈ সি হাউণ্ডটোক দেখিলেই পলাই কৰবাত লুকাই থকা হল। কেইদিনমানৰ পিছত নিলমণীয়ে তাৰ হাউণ্ডৰ পোৱালীটো নিজৰ ঘৰলৈ লৈ যোৱাতহে মোৰ পোৱালীটোৱে ৰক্ষা পালে।
লাহে লাহে পোৱালীটো বেচ ডাঙৰ হৈ এটা খুব ফূৰ্তিয়াল কুকুৰ হৈ পৰিল। মোৰ লগত  দৌৰি জপিয়াই বিচনাৰ তলত সোমায় লোকা লুকি খেলিব ধৰিলে। ইতিমধ্যে মোৰ বদলিৰ হুকুম আহিল। ব'মডিলা অতি ঠাণ্ডা ঠাই। ইয়াত থকা কুকুৰে ভৈয়ামৰ গৰম সহ্য কৰিব নোৱাৰিব। অনিচ্ছা সত্বেও মই তাক হস্পিতেলৰ নাৰ্চ এগৰাকীক দি আহিলো।
'মডিলা এৰি অহাৰ সময়ত সি মোলৈ চাই খুব চিঞৰিছিল।

1 comment:

tahirida said...

Online Slots - The best casino games to play for money
The 부산광역 출장샵 best 세종특별자치 출장샵 online slots for real money in 2021. Play slots from leading providers and get 영천 출장샵 instant cash 성남 출장샵 rewards at 화성 출장샵 top rated casinos.