ব'মডিলা
হুছিয়াৰ সিং পইণ্ট
ব্রিগেডিয়াৰ হুছিয়াৰ সিং
ব'মডিলাৰ
পৰা টাৱাংৰ ফালে গ'লে ব'মডিলা- টাৱাং `নেশনেল হাইৱে'ত এটা `পাছ্' পোৱা
যায়। ঠিক ব'মডিলা `টাউনশ্বিপ' পাৰ হ'লেই গিৰিপথটো পায়।
`পাছ্' বা
গিৰিপথ মানে ওখ পাহাৰৰ একাষৰ পৰা আনটো ফাললৈ পাৰ হৈ যাবলৈ কৰা এটা
ৰাস্তা। এই পাছটোৰ নামেৰেই `ব'মডি-লা'। লা' মানে গিৰিপথ।
এই ব'মডিলা
পাছৰ এটা কেকুৰীত এখন ফলি আছে। তাতে লিখা আছে -
`ব্রিগেডিয়াৰ হুছিয়াৰ সিং পইন্ট'।
১৯৬২ৰ
কথা।
চীনা
সেনা বাহিনীয়ে পিছ হুঁহুকি যোৱা ভাৰতীয় সেনা বাহিনীক খেদি খেদি যাকে য'তে পালে
মাৰিলে। ব্ৰিগেডিয়াৰ হুছিয়াৰ সিং ৰাথীকো চীনা সৈন্যই মাডলা পুডং নামৰ ওচৰৰ
বস্তি এখনত মাৰিলেগৈ। তেওঁক আৰু লগৰ সৈন্যবিলাকক গুলিয়াই, মৃতদেহবোৰ
বেয়েনেটেৰে খুঁচি,
কাটি ক্ষত বিক্ষত কৰি তাতে পেলাই থৈ চীনা সৈন্য ব'মডিলালৈ
আগবাঢ়ি গ'ল।
ভাৰতীয়
সেনাই চীনা সেনাৰ পৰা যেতিয়া ব'মডিলা পুনৰূদ্ধাৰ কৰিলে, ব্ৰিগেডিয়াৰ হুছিয়াৰ
সিঙৰ পত্নীক হেলিকপ্তাৰে মাডলা পুডং গাঁওখনলৈ লৈ অনা হ'ল- শ' শ' বিচ্ছেদ
হৈ, উঁৱলি যাব ধৰা অঙ্গৰে শাৰি শাৰিকৈ পেলাই ৰখা মৃতদেহবোৰৰ মাজত ব্ৰিগেডিয়াৰ
হুছিয়াৰ সিঙৰ দেহটোৰ চিনাক্তকৰণ কৰিবলৈ।
তেওঁৰ
স্মৃতিতেই এই ঠাইডোখৰৰ নাম ৰখা হ'ল।
হুছিয়াৰ
সিং পইণ্ট এৰি যাঁওতে পিছলৈ উভটি আকৌ এবাৰ চালো। এনে লাগিল যেন ঠাই
ডোখৰে সন্মুখৰ বিশাল হিমালয়ক ব্যঙ্গ কৰি ভূপেন হাজৰিকাৰ লগত একে সুৰে কৈছে-
"-----হেনু হিমালয় ভাৰতৰ প্রহৰী
তাহানি শুনিছিলো কাহিনী-------"
আপেল আৰু মনপা
ব'মডিলাত
মই যোগদান কৰোতে আগস্ট মাহ পালেহি। ব'মডিলাৰ বজাৰত আপেল ওলাইছে।
সেইবিলাক স্থানীয় আপেল।
ব'মডিলা
কামেং জিলাৰ সদৰ স্থান। এখন সৰু পাহাৰীয়া নগৰ। কিন্তু বেছ ধুনীয়া `হিল স্টেচন্' বুলিয়েই
ক'ব পাৰি। প্রায়বোৰেই বৌদ্ধ ধর্মীয় তিব্বতীয় মানুহ। শেৰদুকপেন
ঠালৰো মানুহ আছে। সৰু নগৰখনত থকা তিব্বতীয় মানুহবিলাক বৰ ধর্মপৰায়ন।
খুব ভদ্র। আমাক লগ পালেই হাতযোৰ কৰি নমস্তে বুলি মূৰ দোঁৱাই অভিনন্দন
জনায়। সকলোৱেই হিন্দীত কথা বতৰা পাতে। নিজৰ মাজত তিব্বতীয় ভাষাত
কথা পাতে।
ব'মডিলাৰ মনপা
তিব্বতীয়
বিলাক ভাল বেপাৰী মানুহ। প্রায়বোৰৰে কিবা নহয় কিবা ব্যবসায় আছে। তেতিয়াৰ
সময়ত ব'মডিলাত বিদেশী সামগ্রী খুব পোৱা গৈছিল। বিদেশী কেমৰা, কলম, ইলেক্ট্রনিক
সামগ্রী, ঊলৰ কাপোৰ, জেকেট আদিৰে ব'মডিলাৰ বজাৰ ভৰি থাকে।
তিব্বতীয় ল'ৰা ছোৰালীবোৰ দেখিবলৈ বৰ ধুনীয়া আৰু স্বাস্থ্যবান। গালবোৰ ণ্ডলপীয়া, ৰঙা হৈ
থাকে। এদিন নীলমণি আৰু মই ব'মডিলাৰ কোনোবা ঠাইলৈ যাঁওতে
এজনী বৰ ধুনীয়া ছোৱালীয়ে,ৰাস্তাৰ পাথ্থৰ ভাঙি থকা দেখিছিলো ।
মনপা পৰিয়াল
ব'মডিলাৰ আশে পাশে কিছুমান মনপা গাঁও আছে। দুই এখন গাঁৱলৈ গৈছিলো। বহুতৰে একোখনকৈ আপেলৰ বাগিচা আছে। ধুনীয়া ধুনীয়া আপেলবোৰ দেখিলেই মনটো বৰ ভাল লাগে। তেতিয়া ১৯৭৪-৭৫, ব'মডিলাত আপেলৰ দাম কিলোত দুটকা আছিল। মানুহে বস্তাত বিশ-ত্রিশ কিলো আপেল কিনি ঘৰলৈ অনাটো এটা নিয়মৰ ভিতৰত পৰিছিল।
ব'মডিলাত
এখন চৰকাৰী আপেল বাগিচা আছিল। নীলমণি আৰু মই প্রায়ে তালৈ গৈছিলো।
ডাক্তৰ হোৱা কাৰণে আমাক সকলোৱে আদৰণি জনাইছিল। বাগিচাত সোমাই
বিধে বিধে আপেল দেখি কোনটো খাম কোনটো নাখাম লাগিছিল। পিছে এটা বা দুটা
খোৱাৰ পিছত পেটত জেগা নোহাৱা হয়।
এতিয়াও
মনত আছে - `গ'ল্ডেন ইয়েলো',
`ছেৰী ৰেদ', `চফ্ট চেন্ডি', `ফ্লেছী', কত যে বিধে
বিধে বিভিন্ন ধৰণৰ আপেল আছিল।
এবাৰ
ডিৰাঙ হৈ শাংতি গাঁৱলৈ গৈছিলো।
তাৰ পৰা
বিচম আৰু পুডং নামৰ দুখন বস্তিলৈ চিকিৎসা সাহাৰ্য্য দিবলৈ যাব লগা হৈছিল।
পাহাৰীয়া
লুং-লুঙীয়া ৰাস্তাবোৰ শুকান আৰু বালিয়া। ও'ক গছৰ হাবিৰ মাজেৰে গৈ থাকাতে
নিজকে কোনোবা ইউৰোপীয় গাঁও এখনৰ মাজত থকা যেন লাগিছিল। মই অকলে
খোজ কাঢ়িছিলো। মোৰ পৰ্টাৰ কেইটা আৰু চিকিৎসা কৰ্মী কেইজন পিছত দুৰে
দুৰে আহি আছিল।
বিচম গাঁওখন
পাঁওতে কেইঘণ্টামান লাগিছিল। আমি এটা জনজাতীয় ঘৰত উঠিলোগৈ।
মানুহঘৰৰ আগকোঠাটো ঠিক আমাৰ মানুহৰ ঘৰৰ বাৰান্দাখনৰ নিচিনা। বহিবলৈ
একো নাই। মই লাগতিয়াল ঔষধ পাতিবোৰ বাৰান্দাখনতেই উলিয়াবলৈ ক'লো আৰু
গোটখোৱা মানুহবোৰৰ বেমাৰ আজাৰৰ কথা সুধিবলৈ ললো।
সবেই
আমাক চাৰিওফালৰ পৰা ঘেৰি ধৰি আমি উলিয়াই লোৱা ঔষধপাতিবোৰ চাবলৈ
হেঁতা ওপৰা লগালে। মোৰ নিজকে কিবা ভূটীয়া বেপাৰী যেনহে অনুভৱ হ'ল। আমাৰ
নগৰবোৰলৈ মাজে মাজে ভূটীয়া বেপাৰী আহে।
পহুৰ শিং, তেল, মণি, পাথ্থৰ আদি লৈ
ৰাস্তাৰ কাষত বহি গ্রাহকলৈ বাট চাই থকা দৃশ্যবোৰলৈ মোৰ মনত পৰি নিজকে কিবা তললৈ নামি যোৱাৰ দৰে লাগিল। মোৰ যেন কিবা
অৱনতিহে ঘটিছে এনে
লাগিল।
মই ল'ৰাকইটাক
ক'লো -
"পে'ক কৰ।
ইয়াত কাৰো কোনা বেমাৰ নাই"।
মই
ঘৰটোৰ পৰা নামি আহিলো।
১৯৬২ৰ
চীনা আক্রমনৰ সময়ত চীনা সৈন্যই এই ঠাইখনৰ মাজেৰে আগ বাঢ়িছিল। গাঁও
অঞ্চলটোৰ মাজে মাজে অনেক বনৰীয়া জন্তু ঘূৰি ফুৰে। ভালুক, হৰিণা, বন গাহৰি
প্রায়ে লগ পোৱা যায়। চিকিৎসা সাহার্য্য ইয়াত আৰু দিয়া নহ'ল।
গভীৰ
অৰণ্যৰ মাজত থকা গ্রাম্য জীৱনৰ এটা ছবিহে মোৰ দেখা হ'ল।
বিষ্ণু
তাৰ নাম
আছিল `বিষ্ণু',
বিষ্ণু
গুৰুং। নেপালী।
গুৰুং
নেপালী মানুহবোৰ থুলন্তৰ,খুব মজবুত। বেছি ওখ নহয়। কিন্তু খুব সাহসী।
বিষ্ণু
ব'মডিলা জিলা চিকিৎসালয়ৰ পিয়ন আছিল। তাক মই মোৰ ৰান্ধনী হিচাবে ৰাখিছিলো।
সি অতি বিশ্ৱাসী আছিল। কিন্তু ভয়ানক। কেতিয়াবা তাক হম্পিতেলত নিশা
চকীদাৰৰ দায়িত্ব দিছিলো। সি `নাইট ডিউটি'ত থাকিলে সবেই
সুৰক্ষিত অনুভৱ
কৰিছিল। কোনোবা মহিলা মেডিকেল অফিচাৰ থাকিলে সি আহি কোৱাৰ্টাৰৰ পৰা
হম্পিতেললৈ `এচকৰ্ট' কৰি লৈ গৈছিল। ৰোগী চোৱাৰ পিছত আকৌ কোৱাৰ্টাৰত থৈ
গৈছিলহি। মহিলা ডাক্তৰ সম্পূর্ণ সুৰক্ষিত।
ব'মডিলাৰ
উচ্চতা ৮০০০ ফুট। ভীষণ ঠাণ্ডা। গৰমৰ দিনতো গৰম কাপোৰ লাগে। ঠাণ্ডাৰ
দিনকেইটা বৰ কষ্টকৰ। মাটিত ভৰি দিবই নোৱাৰি। ঠাণ্ডাই জোতাৰ ভিতৰেদিও ভৰিৰ
তলুৱাত বিন্ধে। ঘৰৰ ভিতৰত 'ভুখাৰি' জ্বলি থাকে দিনে-নিশাই। আমি ট্রাক ভৰি খৰি
কিনিব লাগে। মাজ মাজে বৰফও পৰে।
হম্পিতেলত
পিছবেলা বেছি কাম নাথাকে। আবেলি আৰু গধূলি আমি কেতিয়াবা তাচপাত
খেলো। এদিন মোৰ কোৱাৰ্টাৰত গধূলি আমি ডাক্তৰ কেইটাই ৰামী খেলিছো। মই
ভালকৈ নেজানো। প্রায়ে হাৰো। সেইদিনা ৰামী খেলি থাকাতে সময়বোৰ কেনি পাৰ হ'ল গমেই
নাপালো। বিষ্ণু আহি মোক ভাত খাবলৈ ক'লে। খেলাৰ নিচাত এতিয়া নাখাও
পিছত খাম বুলি কোৱাত বিষ্ণু ওলাই গ'ল। যথেষ্ট সময়ৰ পিছত নীলমণিয়ে বিষ্ণুক
মাতি মোৰ খোৱা দিবলৈ ক'লে। বিঞ্চুৱে গহীন হৈ উত্তৰ দিলে-চাহাবে এতিয়া ভাত
নাখায়, মই ভাত নিদিওঁ।
তাৰ
উত্তৰ শুনি মই গম পালো বিষ্ণুৰ মূৰ গৰম। এতিয়া তাক ঠাণ্ডা কৰাই মুস্কিল হ'ব। আমি
খেলা বন্ধ কৰিলো। ডাক্তৰ বৰা গ'লগৈ। মই আৰু নীলমণিহে থাকিলো । মই উঠি
চৌকালৈ গৈ দেখো চৌকাত মূঢ়া এটা লৈ বিষ্ণু বহি আছে। তাৰ মুখ ওফোন্দা। মাত
নাই। তাক খোচামতি কৰি কিবাকিবি কোৱাৰ পিছত যেনিবা সি অলপ কোমলিল আৰু মোক
ভাত দিবলৈ মান্তি হ'ল! দেৰিকৈ হলেও,মোক খুৱাই মেলি সি তাৰ ঘৰলৈ গ'ল। মই
ভালকৈয়ে বুজি পালো- মোৰ লগুৱাটো বৰ একাচেকা। কেতিয়া তাৰ মূৰ গৰম হয়
ক'ব নোৱাৰি। তাক অলপ আঁতৰত ৰখাই ভাল হ'ব।
কেইদিন
মানৰ পিছত বিষ্ণুৰ বদলিৰ হুকুম আহিল। থ্রিজিনিঅলৈ, এটা `আউট প'ষ্ট'। এদিনৰ
খোজৰ বাট। মই বিষ্ণুক হম্পিতালৰ পৰা `ৰিলিজ' কৰি
দিলো। সি নতুন ঠাইত
চাকৰিত যোগ দিলেগৈ।
বিষ্ণুৱে
কেতিয়াও নেজানিলে তাৰ বদলি কিয় হ'ল।
No comments:
Post a Comment