Monday, March 17, 2014

Chapter III- Cyangtazo and the Bangnies



চিয়াংতাজুৰ বাংণী


য়ালং

পুৱা নটামান বাজিছে। `পি এইছ ইউ'ৰ ডাক্তৰৰ চেম্বাৰত বহি আছো।
চিয়াংতাজুৰ জলবায়ু শীতল। ইয়াৰ উচ্চতা ৫৩৩৩ ফুট ওপৰত হব। গতিকে গোটেই বছৰটোতেই ঠাণ্ডা থাকে। সেইদিনা বতৰটো ফৰকাল। পুৱাৰ ৰ'দটোও মিঠা। মোৰ `পি এইছ ইউ'টো খেল-পথাৰখনৰ কাষতে। খেল-পথাৰখন পাহাৰৰ মাটি কাটি সমানকৰা, ঘাঁহ বন এডালো নাই। খিৰিকিৰে চাই দেখিলো খেল-পথাৰত কিছুমান বাংণী মানুহ গোট খাইছে, কমেও চল্লিছজন মান হব। মানুহখিনি দুটা শাৰি পাতি বহিছে। প্রত্যেকজনৰ সন্মুখত কিছুমান বাঁহৰ কাঠি শাৰি শাৰি কৰি কৰি সজোৱা আছে। এজনে কিবাকিবি কৈ আছে।

এইয়া মই 'পি এইছ ইউ''ত যোগ দিয়াৰ কিছু দিনৰ পিছতে হৈছিল এই কথাটো। বাংণী সমাজৰ কথাবতৰা ভালকৈ তেতিয়াও মই বুজি পোৱা নাছিলো, প্রথমতে ভাবিলো - এইটো এটা `ট্রাইবেল' খেল, কিন্তু খেলৰ দৰে একো হোৱা নাই।মই 'পি এইছ ইউ''ৰ চতুৰ্থ বৰ্গৰ বাংণী কর্মচাৰী এজনক মাতি আনি সুধিলো-
"মানুহবোৰে এইবোৰ কি কৰিছে।"
তাৰ কথাৰ পৰা বুজিব পাৰিলো এইটো এটা য়ালং', এটা বিচাৰ পদ্ধতি।

কথাটো এনেধৰণৰ-
এটা ল'ৰাই এজনী ছোৱালী বিয়া কৰাব খুজিলে। সি ছোৱালীৰ বাপেকৰ ওচৰলৈ গৈ প্রস্তাৱটো দিলে। ছোৱালীৰ বাপেকে ছোৱালীৰ দাম কলে। ল'ৰাটো ঘৰলৈ আহি ছোৱালীজনীৰ দাম অৰ্থাৎ কইনাৰ মূল্য যোগাৰ কৰিবলে আৰম্ভ কৰিলে। সাধাৰণতে কইনাৰ মূল্য এনে ধৰণৰ - দহটামান মেথোন, দহটামান গাহৰি, বিশটা মান মুৰ্গী, কেইখনমান এড়ি কাপোৰ আৰু অহৰহ ভাবে আপঙৰ জোগান ধৰিব লাগে। এটা মেথোনৰ দাম ১৯৭২ চনত প্রায় বিশ হেজাৰ টকা। যিজন আটাইতকৈ বেচি মেথোনৰ গৰাকী সেয়ে বাংণী সমাজত, আটাইতকৈ ওচ্চ সন্মাণৰ গৰাকী। মই চাকৰিত যোগ দিওঁতে মোৰ মাহিলি বেতন আছিল ৩৫০ টকা । এতিয়া হিচাব ধৰক কইনাৰ মূল্য কিমান হব?

ল'ৰাই এটা এটাকৈ কইনাৰ মূল্য দিয়ে মানে ল'ৰা বুঢ়া হবগৈ। ছোৱালীয়ে কি ইমান দিন ৰৈ থাকিব ? সেই কাৰণে কিছুমানে অলপ বুদ্ধি কৰি মাকৰ পেটত থাকোতেই বন্দবস্ত কৰে। যদি ছোৱালী জন্ম হয় সেই ছোৱালীজনী এটা পক্ষই কিনিব আৰু ছোৱালীৰ দাম দিয়া আৰম্ভ কৰি দিয়ে যাতে ছোৱালী ডাঙৰ হয় মানে সম্পূৰ্ণ দাম দিয়া হৈ যায়। যদিহে ছোৱালী নহৈ ল'ৰা জন্ম হয় তেতিয়া মূল্য ঘূৰাই দিব লাগিব। -আকৌ এখন য়ালং !

এতিয়া আঁহো আগৰ মামলাটোলৈ-
ল'ৰাটোৱে ছোৱালীৰ দাম দিয়েই আছে । ইফালে ধান পকে মানে টুনীৰ মৰণ। ছোৱালীয়ে মনে মনে বেলেগ কাৰোবাক বিচাৰি তাৰ লগত পলাই গ'ল ! খবৰটো পাইয়ে ল'ৰা অগ্নিশৰ্মা। পোনেই গৈয়ে ছোৱালীৰ বাপেকৰ ওচৰ পালেগৈ। ইয়াৰ উত্তৰ লাগে। ছোৱালীৰ বাপেকৰ কথা ল'ৰাৰ পছন্দ নহ'ল। বছ হৈ গ'ল এটা গোচৰ।এতিয়া দুটা পক্ষ হৈ গ'ল। এটা ল'ৰাৰ পাৰ্টি আৰু আনটো ছোৱালীৰ পাৰ্টি। সেইদিনাৰ বিচাৰো এয়াই হৈছে। এটা পক্ষই হিচাব দিছে - কিমান মেথোন দিলে, কিমান গাহৰি দিলে ইত্যাদি, আৰু প্রত্যেকটো বস্তুৰ মূৰে মুৰে একোডালকৈ কাঠি চলাই গৈছে। দুইটা পক্ষৰ প্রত্যেকটো মানুহে কথা কব লাগিব। নহলে গোচৰটো শেষ নহব। এদিনত কোৱা শেষ নহলে পিছৰ দিনাও বিচাৰ বহিব।

সাধাৰণতে গোচৰৰ ফল বেয়া হয়। কোনো সিদ্ধান্ত নহয়। তেতিয়া সিহঁতে স্থানীয় প্রশাসনৰ ওচৰগৈ যায় মোকর্দমা কৰিবলৈ। স্থানীয় প্রশাসনে কটকী ধৰি দিয়ে। কটকী মানে মধ্যস্থতাকাৰী। কটকী বিলাক সাধাৰণতে খুব সুবিধাবাদী আৰু দুইপক্ষৰ পৰাই ভেঁটি লয়। যিটো পক্ষৰ ভেঁটিটো গধূৰ হয়,কটকীৰ ৰায় সেই ফালেই যায়। ওপৰত তাৰ পোতক তোলে। মৰামাৰি, কটাকটিও হৈ যায়। 
য়ালং-
বাংণী সমাজৰ বিচাৰ পদ্ধতি -
 
 
 দুই দলৰ মাজত থকা এটা বহুদিন লেনদেনৰ গোচৰলৈ বহা এখন য়ালং
তৰ্কপ্রিয় বাংণীৰ প্রতিটো ব্যক্তিৰ আপত্তিৰ বহল বাখ্যা - কিমান মেঠুন কিমান গাহৰি তাৰ হিচাব-
 প্রতিটো আপত্তিৰ বাবে  এদাল বাঁহৰ কাঠি-  প্রত্যুত্তৰত আকৌ দীঘলীয়া বাখ্যা -
 দহ দিনজুৰি বহা এইখন য়ালংৰ শেষ পৰ্য্যায়ৰ নিৰ্নয়-  একো নিৰ্নয় নহল !      
আলোকচিত্র- ক্রিসট্ফ ফন ফ্যুৰা হাইমেনডৰ্ফ 
 স্কুল অৱ অৰিয়েন্টেল এন্ড আফ্রিকান স্টাডীজ


খেলৰ পুতলা আৰু এটা জীৱনৰ দাম

চিয়াংতাজুত এটা হত্যাকাণ্ড হ'ল। প্রশাসনৰ পৰা বার্তা আহিল মই তৎক্ষণাৎ যাব
লাগে। স্বাথ্যকেন্দ্রৰ সহকাৰী কেইজনমান লৈ মই চিয়াংতাজু বস্তিৰ ফালে খোজ ললো। এঘন্টা মান খোজ কাঢ়ি আবেলি পৰত বস্তিখন পালোগৈ। গাঁৱৰ মানুহে মোক চাং ঘৰ এটালৈ লৈ গ'ল। বহুত মানুহ ঘৰটোৰ পিচ ফালৰ বাৰান্দাত গোট খাই ৰৈ আছিল। সিঁহতে বেৰি থকা বাহৰ চাং এখনৰ ওপৰত এজনী গাভৰু ছোৱালীৰ মৃতদেহ পৰি আছে। তাইৰ ডিঙিৰ বাঁও ফালে জখম হৈছে। মস্তিষ্কলৈ যোৱা প্রধান ধমণীডাল চিঙি গৈ তৎক্ষণাৎ মৃত্যু হৈছে। ইফালে সিফালে চাং ঘৰৰ বাঁহৰ মজিয়াত তেজৰ গোট মৰা টুকুৰাবোৰ তেতিয়াও শুকুৱা নাই।

এই বস্তিখনে ৰক্তাক্ত সংঘৰ্ষ বহুত দেখিছে। চীনা আক্রমণৰ সময়ত ইয়াত অনেক ৰক্তপাত হৈছিল। তাৰ পিছতো কিবা নহয় কিবা এটা সঘনে হৈয়ে থাকে। বস্তিখন যেন অভিশপ্ত, কিবা কালিকা লগা।

চিয়াংতাজুত কেইজনমান "স্পেচিয়েল ব্যিউৰ'"ৰ জোৱানৰ দলে প্রশিক্ষণ শিবিৰ পাতিছিল। সেইদিনা জোৱান কেইজনে উভটি আহি এইখন বস্তিত কিছু সময়ৰ বাবে জিৰণী লব খুজিছিল। আটাইকেইজন জোৱানৰ লগত স্বয়ংক্রিয় ৰাইফল আছিল। তাৰে এটা ৰাইফল ঘৰটোৰ বাৰাণ্ডাতেই থৈ সিঁহত কিছু দুৰত ৰৈ আছিল। ওচৰতে থকা লৰা ছোৱালীবোৰে ৰাইফলটো লৈ খেলিবলৈ ধৰিলে।

সিঁহতে ভবাই নাছিল যে ৰাইফলটো স্বয়ংক্রিয় আৰু তাত গুলি খজা আছে। লৰা এটাই বন্দুকটো লৈ ছোৱালী এজনীৰ ফালে টোঁৱাই ধৰোতেই, কেতিয়ানো তাৰ আঙুলীৰ হেঁচা ট্রিগাৰত পৰিলে সি কবই নোৱাৰিলে। তৎক্ষণাৎ একেলেথাৰিয়ে কেইবাটাও গুলি ওলাই গৈ ছোবালীজনীৰ ডিঙি পাৰ হৈ গ'ল। তাই মাটিত ধলি পৰিলে আৰু ৰক্তক্ষৰণ হৈ তৎক্ষণাৎ মৰি থাকিল। ছোৱালীজনী ধলি পৰাৰ পিছতহে সিঁহতৰ হুঁচ আহিল - কি এটা ভয়ানক কাণ্ড হৈ গল! চাৰিওফালে হৈ চৈ লাগি গ'ল।
জোৱানটোৱে দৌৰি আহি ৰাইফলটো ল'ৰাটোৰ হাতৰ পৰা কাঢ়ি নিলে। গাঁৱৰ মানুহে লৰাটোক ধৰিলে, কিছুমানে ছোৱালীজনীৰ মৰাদেহটো দাঙি নিলে। চিয়াংতাজু প্রশাসনক খবৰ দিয়া হল, পুলিচ আহি লৰাটোক ধৰি নি বান্ধি থলে। 
বাংণী ডেকা গাভৰু 
আলোকচিত্র- ক্রিসট্ফ ফন ফ্যুৰা হাইমেনডৰ্ফ 
 “স্কুল অৱ অৰিয়েন্টেল এন্ড আফ্রিকান স্টাডীজ


এটা স্বয়ংক্রিয় মৰণাস্ত্রক যন্ত্র, কেইটামান জোৱানৰ লা-পৰোৱাহি, কিছুমান সৰু লৰা-ছোৱালীৰ ধেমালি আৰু এটা অনাহকতে নষ্ট হৈ যোৱা জীৱন! ছোৱালীজনীৰ জখমৰ বিবৰণ এটা টুকি মই ঘৰটোৰ পৰা নামি আহিলো। চিয়াংতাজুৰ প্রশাসনে বিচাৰৰ সিদ্ধান্তৰ বাবে য়ালংৰ নিৰ্দেশ কৰিলে। গাঁৱৰ মানুহ আৰু য়ালংৰ সিদ্ধান্ত অনুযায়ী লৰাৰ পৰিয়ালে ছোৱালীৰ পৰিয়ালক ছোৱালীৰ দাম দিবলৈ সন্মত হ'ল। কিছুদিনৰ পিছত লৰাটো মুক্তহৈ গাঁৱৰ ঘৰলৈ ঘুৰি আহিল।

কেইটামান মেলুন, কেইটামান গাহৰী আৰু আপং, -এটা জীবনৰ দাম! 

চিয়াংতাজুত চৰাই 

এদিন গধূলি বেলি মাৰ যাবৰ সময় হৈছে। পশ্চিম ফালে পাহাৰৰ আঁতৰত সূর্য্যৰ কিৰণ বোৰ ডাৱৰৰ মাজে মাজে সেঙুল ৰহন সানি বিয়পি পৰিছে। চিয়াংতাজুত বগলী দেখা নাযায়। অসমত নীড়মুখী পখী জাক জাক আকাশত উৰে। বগা কৈ বগলীৰ শাৰী শাৰী আকাশৰ এটা মুৰৰ পৰা আনটো মূৰলৈ আমাৰ ঘৰৰ পৰিবেশত দেখা পাইছিলো। কোৱাৰ্টাৰৰ বাহিৰত ৰৈ থাকোতে দেখিলো -এজাক চৰাই চিয়াংতাজুৰ আকাশত গধূলি উৰি ফুৰিছে। বহুত চৰাই, কিজানি কেইবাহাজাৰো হব। ইমান চৰাই চিয়াংতাজুৰ আকাশত মই আগতে কেতিয়াও দেখা নাছিলো। এইজাক নিশ্চয় পৰিভ্রমী চৰাই । উৰি আহি আহি এইখিনি পাঁওতে গধূলি হ'ল । আকাশৰ ওপৰতে উৰি উৰি ঠাইৰ অনুসন্ধান কৰিছে - ক'ত ৰাতিটো থাকিব পাৰি ।

মোৰ আবাসগৃহৰ উত্তৰ ফালে নামনিৰ পাহাৰটোত এজোপা বৰ ডাঙৰ গছ আছিল । গছজোপাৰ আনটো ফালে ষ্টাফৰ কিছুমান কোৱাৰ্টাৰ আছিল কিছুসময় আকাশত ঘুৰি ঘুৰি চৰাইৰ জাকটো সেই ডাঙৰ গছজোপাৰ ওপৰলৈ আহি গছজোপাৰ ওপৰত ঘুৰিবলৈ ধৰিলে ৰাতিটো তাতে থাকিবলৈ মন কৰিলে। ইতিমধ্যে বেলি পৰিছে, চিকি-মিকি গধূলি হৈছে । অলপ অলপকৈ চৰাই জাক নামি গছজোপাৰ ভিতৰলৈ সোমাই আহিল আৰু প্রায় আধা ঘণ্টামানৰ ভিতৰত গোটেই জাকটো গছজোপাৰ ভিতৰত সোমাই পৰিল। চৰাইৰ চিঁ চিঁ মাতে আজিৰ চিয়াংতাজু বেলেগ দেখোন ! অনেক বাংণী মানুহক হাতত জোৰ লৈ সেই গছজোপাৰ ফালে যোৱা দেখিলো। অলপ পাছতে শুনিলো কূঠাৰৰ ঘাপ সেই গছজোপাৰ ওপৰত । বাংণী মানুহবোৰে গছজোপা কাটি বগৰাই পেলাই চৰাইবোৰ ধৰিবলৈ পাং পাতিছে । মই বাহিৰত ৰৈ চাই থাকিলো - কি হয় চাঁওচোন ।
কিছু সময়ৰ পিছত গছজোপা মাটিত বাগৰি পৰিল । চৰাই জাকটো গছৰ পৰা উৰি আন কৰববালৈ গুছি গ'ল ।
বাংণীহঁতে চৰাই পালেনে নাই, নেজানিলো ।

চুলুং'

'চুলুং' বাংণীৰ এটা সম্প্রদায়। চুলুং সম্প্রদায়টো বাংণীবোৰৰ দাস। চুলুংবোৰ আজিও দাস হিচাবেই জীয়াই আছে। কোনোবা নহয় কোনোবা এটা বাংণী গোষ্ঠীৰ দাস হৈ গোটেই জীৱনটো সিহঁতে দাসত্ব কৰিব লাগে। এইটো আমি তুলনা কৰিছিলো আমেৰিকাৰ নিগ্রো দাসবোৰৰ লগত।
চুলুংবোৰ শাৰীৰিক ভাবে ক্ষীণ মীন। সিহঁতে বান্দৰৰ দৰে গছত বগাব পাৰে। সৰু ল'ৰা এটাইও ওখ গছৰ ডালে ডালে বগাই ফুৰে। সিহঁত সাধাৰণতে ডাঠ হাবিত থাকে। মালিক বাংণী গাঁওখনৰ লগত সিহঁতৰ যোগাযোগ এটা থাকে। যেতিয়াই মালিকৰ দৰকাৰ হয় সিহঁতে শাৰীৰিক পৰিশ্রম কৰি দিব লাগে। চুলুংবোৰ কেতিয়াও স্বাধীন নহয়।
দাস হৈয়ে জন্ম হয় আৰু দাস হৈয়ে মৰে।

এখন চুলুং বস্তিলৈ গৈছিলো। দুটা ঘৰ, দুটা পৰিয়াল, মানুহ এঘাৰটা নে বাৰটা। এয়ে এখন চুলুং গাও। জংঘলৰ ঘাহঁ বনৰ আহেঁৰে তৈয়াৰী আমাৰ চটি থৈলাৰ দৰে একোখন কাপোৰ মাইকীবোৰে গাত মেৰিয়াই লয়। গা-পা ধোৱাৰ কাৰোবাৰ নাই। জংঘলৰ পৰা খাদ্য সংগ্রহ কৰে আৰু কেতিয়াবা চিকাৰ কৰি মাংস সিজাই খায়।

মোৰ 'পি এইছ ইউ'লৈ কেতিয়াবা দুই এটা চুলুং আহে। এবাৰ এটা সৰু ল'ৰা আহিছিল, সাত কি আঠ বছৰীয়া হ'ব। কেনেবাকৈ জখম হ'ল। গধূলি সময়ত আহি `পি এইছ ইউ' পালেহি। দেখিলো বহুত কাটি গৈছে, চিলাই কৰিব লাগিব। এনাচস্থেচিয়া নাছিল গতিকে তেনেকৈয়ে চিলাই কৰিবলৈ ল'লো। আচৰিত সেই সৰু ল'ৰাটোৱে মাত্র `এপত' বুলি মাজে মাজে কোৱাৰ বাহিৰে অকনো কেঁত-কুত নকৰিলে। 'এপট' মানে চুলুং দোৱানত 'মোক এৰি দে'। মাত্র চিলাই কৰি ড্রেচিং কৰি পঠাই দিলো। `এন্টিবায়টিক' দিয়া হৈছিল নে নাই পাহৰিলো হয়তো দিয়া নাছিলো- কিন্তু সি আৰু ঘূৰি নাহিল।
সিহঁতৰ ৰোগ প্রতিৰোধ কৰাৰ শক্তি বহুত বেছি। আৰোগ্য হবই।

চুলুং গাঁৱৰ পৰা ঘূৰি আহোতে ডঃ ভূপেন হাজৰিকাৰ গান এটা মনলৈ আহিল- `মানুহে মানুহক কিনিব খুজি ..........'
মানুহৰ সভ্যতাৰ স্তৰবোৰ কি আচৰিত। মই ডাক্তৰ হৈ ৰৈ আছো এটা মেৰুত আৰু এই চুলুং মানুহখিনিৰ অৱস্থান সভ্যতাৰ আনটো মেৰুত! 

তাজুৰ হেলেন

'পি এইছ ইউ'ৰ মোৰ কোঠালৈ হঠাৎ মানুহ এজন লৰালৰিকৈ সোমাই আহি বাংণী দোৱানত কিবাকিবি ক'লেহি। বাংণী ল'ৰা এটাক মাতি আনি মানুহটোৱেনো কি কৈছে মোক বুজাই দিবলৈ ক'লো।
 ল'ৰাটোৱে ক'লে –
"চাৰ, গাঁৱত কটাকটি গৈছে। এটাৰ ডিঙি কাটিছে। আন কিছুমান জখম হৈছে। লৰালৰিকৈ যাব লাগে"। শুনিয়েই মোৰ কিবা লাগি গ'ল। বাংণীৰ মাজত কটাকটি হৈছে। কি কৰো ? নগ'লেও নহয়। যাবলৈও ভয়। অলপ চিন্তা কৰি কেইটামান কর্মচাৰীক লগত লৈ যাবলৈ তৈয়াৰ হ'লো। ৰুমলৈ আহি ৰগমক ভাত দিবলৈ আৰু মোৰ লগত ওলাবলৈ ক'লো।

আমাৰ দলটোক বাট দেখুৱাই বাংণী মানুহজন পাহাৰ বগাই বগাই আমাক আগুৱাই লৈ গ'ল। গাঁৱৰ ওচৰ পাঁও মানে গধূলি হ'ল। এফালে পাহাৰৰ মাজৰ অচিন বাংণী গাঁও, সময় গধূলি, তাতে দুটা বাংণী ঠালৰ মাজত কটাকটি, একেবাৰে যুদ্ধক্ষেত্র, কিবা হলে পলাই যাবলৈকো উপায় নাই। আনফালে কর্তব্যৰ তাড়না, মানৱীয় দায়িত্ব, জখম হোৱা মানুহজনকো চাব লাগে। ৰগমে কলে-

"চাৰ সিটো ফৈদৰ কোনোবা হয়তো ৰাস্তাৰ কাষত লুকাই থাকিবও পাৰে। হঠাৎ আক্রমণ কৰাৰ অভিপ্রায় লৈ"। মোৰ মুখৰ মাত হেৰাল।

কিছুদূৰ যোৱাৰ পিছত বাংণীটোৱে আমাক চাংঘৰ এটালৈ লৈ গ'ল। ভিতৰ সোমাই দেখিলো -এজন মানুহ জুহালৰ কাষতে পৰি আছে। ডিঙিৰ সন্মুখৰ পৰা পিঠিৰ ফাললৈকে দাৰে কটা এটা দীঘল ঘাঁ। গাঁৱলীয়া মানুহৰ কোনোবাই জংঘলৰ লতা এডালেৰে চিলাই থৈছে। চিলাইটো সুন্দৰ, নিপোন। একেবাৰে কাপোৰ চিলোৱাৰ দৰেই। মানুহটোৱে কোনো সাৰ সুৰ নোহোৱাকৈ পৰি আছে। তাতেই মই তাক চিকিৎসা কৰিবলৈ লাগি গ'লো।

দুখন গাঁৱৰ মাজত কাজিয়া-মাইকী লৈ। এখন গাঁৱৰ মানুহে নিব খোজে, ইখন গাঁৱে নিদিয়ে। ফলত কটাকটি-মৰামৰি। একেবাৰে যেন `ট্রয়'ৰ হেলেন'!

বিয়া এখনৰ কাহিনী

চিয়াংতাজুত চিকিৎসা সাহার্য্য দিবলৈ এবাৰ অন্য এখন গাঁৱলৈ গৈছিলো। গাঁওবুঢ়াৰ ঘৰতে আলহী হলোগৈ। মাচাং ঘৰটোৰ পিছফালৰ মূৰত থকা মুকলি বহল বাৰান্দাতে আমি থকা ঠিক কৰিলো।

দিঘলীয়া চাং ঘৰৰ দুটা মূৰ থাকে। এমুৰে ঘৰত সোমাবৰ কাৰণে এখন দুৱাৰ। বাৰান্দাখন সৰু, সচৰাচৰ ব্যৱহাৰৰ কাৰণে নহয়। পিছফালে থকা বাৰান্দাখন ডাঙৰ আৰু ইয়াকেই চ'ৰা ঘৰৰ দৰে ব্যৱহাৰ কৰা হয়। ইয়াত পৰিয়ালৰ সমূহীয়া বৈঠকখানাৰ আৰু আলহী থকাৰ সুবিধা থাকে। বাৰান্দাখনৰ লগতেই সংলগ্ন হ'ল গাহৰি গড়ালটো। সেইটোৱেই পৰিয়ালৰ টয়লেট। গড়ালৰ চাঙৰ তলৰ কোঠাটোত গাহৰি থাকে। ওপৰত বহি ত্যাগ কৰা সকলো মল-মূত্র তলৰ গাহৰিকেইটাই খায় পেলায়। গতিকে চফা কৰাৰ দৰকাৰ নাই। মানুহ ওপৰৰ কোঠাত সোমালেই গাহৰিবোৰে ওপৰলৈ জপিয়াবলে আৰম্ভ কৰে। একো মাটিত পৰিবলৈ খাই থয়।
গাঁৱত ডাক্তৰ অহা বুলি প্রচাৰ হৈ গ'ল। গাঁৱৰ মানুহে চিকিৎসা সাহাৰ্য্য বিচাৰি আহিবলৈ ধৰিলে। সৰহভাগৰ এটাই বেমাৰ - গাৰ বিষ। "টাকি আসি" মানে গোটেই গাটো বিষাইছে।
"বেজী জিত" মানে বেজি দে।
গাঁওবুঢ়াৰ ঘৈনীয়েকো আহিল। তাইকো বেজী লাগে।

ঠিক দুপৰীয়া বাৰ'মান বাজিছে। গাঁৱত বিয়া এখনৰ আয়োজন চলিছে। ল'ৰাৰ পক্ষই মেথোন, গৰু আদি লৈ আহিছে। দুয়ো পক্ষৰ কথা-বার্তা হোৱাৰ পিছত এতিয়া মেথোন কাটিব লাগে। ইফালে গাৰ বিষ থকা কেইটাৰ হেঁচা। বেজী দিব লাগে। গাত বিষ লৈতো বিয়ালৈ যোৱা নেযায়!
মোৰ সহকাৰী জনে ক'লে -
"চাৰ গাঁওবুঢ়াৰ ঘৈনীয়েকক `পেথিডাইন' আৰু বাকী গোটেই বোৰক `ছেলাইন ৱাটাৰ'ৰ বেজী দি দিঁও"। কথামতেই কাম। গাওবুঢ়াৰ ঘৈনীয়েকে বেজী লৈ, নিচাত ক'ব নোৱাৰা হৈ ভিতৰলৈ গৈ মজিয়াতেই পৰি দিলে। বাকীবোৰৰ কোনো প্রতিক্রিয়া নাই। বেজী লৈ সিহঁত বিয়াৰ মেথোন কটা চাবলৈ গ'ল।
ময়ো সিহঁতৰ পিছে পিছে গ'লো।

এটা মানুহে মেথোনটোক শিঙত ৰচীৰে বান্ধি আগলৈ টানি আছে। আৰু আন এটাই দীঘল চোকা দা এখনেৰে মেথোনৰ মূৰত বাৰে বাৰে ঘপিয়াই তাৰ মূৰটো কাটি চিঙি দিলে। মেথোনটো মাটিতবাগৰি পৰি গ'ল আৰু কেইটামানে সিহঁতৰ দীঘল দীঘল দা কেইখন মেথোনটোৰ পেটত ভৰাই দিলে। নিমিখতে জন্তুটো মৰি থাকিল। লগে লগে গাঁৱৰ মানুহবোৰে দাৰে মেথোনটো টুকুৰা টুকুৰ কৰি কাটি একো একোভাগ নিজৰ ঘৰলৈ বুলি লৈ গ'ল। এটাই তাৰ ভাগৰ মাংস আনি মোৰ ওচৰত ৰাখিলেহি।
মাংস টুকুৰা সেই সময়তো কপি আছিল।

এক বীভৎস দৃশ্য দেখিলো। আদিম মানুহবোৰেও নিশ্চয় এনেকৈয়ে জন্তু মাৰি, কাটি খাইছিল।
ইতিমধ্যে গাঁওবুঢ়াৰ ঘৈনীয়েকে সাৰ পাই থৰক বৰকৈ কৈ উঠি আহিল। তাইৰ মনত বৰ দুখ। ইমান ডাঙৰ বিয়া এখন ঘৰৰ আগতে হৈ গ'ল আৰু তাই একোৱেই দেখা নাপালে, `ইনজেকচন'ৰ নিচাত শুই থাকোতেই গ'ল। বাকী মানুহবোৰে অভিযোগ কৰিলে - `ইনজেকচনে সিহঁতৰ গাত একো কামেই নকৰিলে। নিশ্চয় গাওবুঢ়াৰ ঘৈনীয়েকক দিয়া বেজীটো বেলেগ আছিল।
মই একো নামাতিলো। 
 

মেঠুনৰ বলি-   গাঁৱত পতা বিয়াত আজি ভোজ
ফেৰেকা কৰি ঠিয় কৈ বন্দ্ধা খুটিকেইটাত ওলমাই দিয়া  মেঠুনৰ পেটত 
 দীঘল দা কেইখন সোমোৱাই দিয়াৰ পিছত কিছু দেৰিলৈ জন্তুটো ধৰফৰাই থাকে
 হয়তু একেবাৰে মৰি যোৱাৰ আগতেই তাক কাটি দোখৰ দোখৰ কৰা হয় !
আলোকচিত্র- ক্রিসট্ফ ফন ফ্যুৰা হাইমেনডৰ্ফ 
স্কুল অৱ অৰিয়েন্টেল এন্ড আফ্রিকান স্টাডীজ


দুটা পোৰা কল

চিয়াংতাজুত থাকোতে এবাৰ কিছু নিলগৰ এখন গাঁৱত চিকিৎসা সাহার্য্য দিবলৈ গৈছিলো। এইটো এটা নিয়মৰ কাম আছিল। তেতিয়া আমি মাহৰ প্রায় আধা দিন গাঁৱত গৈ চিকিৎসা সাহার্য্য দিব লাগিছিল। গাঁওবোৰৰ কিছুমান চিয়াংতাজুৰ ওচৰ পাজৰত আৰু কিছুমান বেছ দূৰত। কেইবাদিনো খোজ কাঢ়ি যাব লাগে। বহুত গাঁৱলৈ খোজ কাঢ়ি যাব পৰা ৰাস্তাও নাই। পাহাৰ বগাই হাবি জংঘলৰ মাজেৰে যাব লাগে। পাহাৰৰ মাজত সাপ প্রায়ে লগ পাইছিলো। জোক থাকেই। অনেক পোক পৰুৱাতো আছেই। দীঘল পেন্ট আৰু হাত দীঘল চাৰ্ট পিন্ধি মূৰত টুপিটো পিন্ধি নিজকে বচাই ৰাখিব লাগে। 

পুৱাৰ পৰা আধা দিন খোজ কাঢ়ি গৈ গাঁওখন পাঁওতে দুপৰীয়া হ'ল। মোৰ লগত মোৰ পিয়ন আৰু ৰান্ধনিটো আছে। আমি গাওঁবুঢাৰ ঘৰলৈকে পোনালো। গাঁওবুঢ়াৰ মাচাংঘৰৰ সন্মুখৰ ফালটো ডাঙৰ এটা খোলা ৰুমৰ দৰে। মোৰ অস্থায়ী বাহৰ তাতেই কৰা হৈছে। হান্টিং বুটজোৰ খুলি, হাত ভৰি ধুই অলপ চফা হৈ এই বাৰান্দাতে বহি গাঁওবুঢ়া আৰু তেওঁৰ পৰিয়ালৰ মানুহ কেইজনমাৰ সৈতে গাঁৱৰ মানুহৰ বেমাৰ আজাৰৰ কথা পাতিবলৈ ললো।

গাঁৱলৈ ডাক্তৰ আহিছে, খবৰটো ইতিমধ্যে বিয়পি পৰিল। এজন দুজন কৈ গাৱৰ মানুহ আহিবলৈ ধৰিল। প্রত্যেকৰ হাতত কিবা এটা উপহাৰ আছেই। কোনোৱে মুর্গী এটা, কোনোৱে কনী কেইটামান, কোনোৱে আপং এচুঙা-যেয়ে যি পাইছে আনি মোক উপহাৰ যাচিছে। তেঁওলোকে দুই এটা কথা পাতি সন্মুখত তলত মাটিত বহিছে নহয় কাষত থিয় হৈ আছে আৰু আলোচনাত যোগ দিছে। কিছু সময়ৰ ভিতৰতে যথেষ্ট মানুহ গোট খালে।

এনে সময়তে এজন মানুহ অহি মোৰ ওচৰত ঠিয় হ'ল। তেওঁৰ হাতত দুটা কলা বস্তু। ভালকৈ চাই দেখিলো - দুটা কল। জুইত পুৰি ক'লা কৰি আনিছে। মোৰ ফালে কল দুটা আগবঢ়াই দি লবলৈ অনুৰোধ কৰিলে। মই তেওঁৰ হাতৰ পৰা কল দুটা লৈ ওচৰতে ৰৈ থকা পিয়নজনক দিলো। সি কল দুটা লৈ থ'লে। মানুহ জনে কথাটো লক্ষ্য কৰি তেওঁ থকা ঠাইতে অকনো লৰচৰ নকৰি ৰৈ থাকিল।
অলপ পিছত দেখিলো তেওঁ, মোৰ পিয়ন ডুংগ্রুক বাংণীতে কিবা কিবি কৈছে । মই প্রথমতে কথাটো মন কৰা নাছিলো। কিবা এটা সন্দেহ হোৱাত মই ডুংগ্রুক সুধিলো -
"কি হৈছে"?
ডুংগ্রুৱে কলে -
"চাৰ এই মানুহজনে তেওঁ আপোনাক দিয়া কল দুটা ঘূৰাই খুজিছে। আৰু কৈছে যাৰ কাৰণে মই কল দুটা আনিছো, সেয়ে লোৱা নাই, তই কিয় লবি? তই খোৱাতকৈ মই নিজে খামগৈ। গতিকে কল দুটা ঘূৰাই দে"।
মই সম্বিত ঘূৰাই পালো। মই লগে লগে ডুংগ্রুক কলো -
"কল দুটা মোক দে। মই খাম"।
এই বুলি কৈ কল দুটা লৈ মই মোৰ ওচৰত ৰাখিলো আৰু মানুহজনক ক্ষমা খুজি আশ্বাস দিলো - "বেয়া নাপাবা, কল দুটা মোৰ পছন্দ হৈছে আৰু ময়ে খাম । ডুংগ্রুক নিদিওঁ।" 

মানুহজনৰ মনটো পাতল হ'ল আৰু কলে -
"গাঁৱলৈ ডাক্তৰ অহা বুলি শুনিলো। মই তেতিয়া খেতি পথাৰত। অকণমান নিলগৰ পাহাৰত জংগল চফা কৰি পাহাৰীয়া ধান গজোৱাৰ কাম কৰি আছো। গাঁৱৰ আন মানুহে ডাক্তৰ চাৰলৈ আহিলেই। ময়ো খেতিৰ কাম এৰি ঘৰলৈ আহিলো। ঘৰ পাই দেখো ঘৰত একো এটা নাই। কণী নাই, আপং নাই, মুর্গীও নাই। মই এখন খালী হাত লৈ কেনেকৈ ডাক্তৰ চাবলৈ যাওঁ? কি কৰো ভাবি ভাবি বাৰীলৈ গলো- বাৰীত কল এথোক আছিল। ঠিক বুঢ়া হৈছে কিন্তু পকা নাই। এই কেঁচা কল ডাক্তৰক দিও কেনেকৈ? 
জুইকুৰা জ্বলাই তাতে দুটা কল পুৰিলো। পিছত চফা কৰি মই এই লৈ আহিছো আ'ৰু আপোনাক দিছো। 
কিন্তু যেতিয়া দেখিলো - মোৰ কল দুটা পিয়নটোৱে লৈছে - মই বৰ দুখ পালো। ভাবিলো ডাক্তৰ চাহাবে মোৰ উপহাৰটো ভাল পোৱা নাই। সেয়ে পিয়নটোক দি দিছে। 
কিন্তু মই ইমান যত্নকৈ অনা কল দুটা পিয়নটোক কিয় খাবলৈ দিম? ময়ে নি ঘৰত খামগৈ। 
সেয়ে মই কল দুটা ঘূৰাই বিচাৰিছিলো"। 

মই পুনৰবাৰ ক্ষমা খুজিলো আৰু কল দুটা যে মোৰ বৰ ভাল লাগিছে আৰু ময়ে যে খাম তাৰ প্রতিশ্রুতি দিলো। মানুহজন বৰ সুখী হ'ল আৰু তেঁওৰ মুখত হাঁহি ওলাল আৰু তললৈ নামি গৈ সমাজৰ মাজত বহি আলোচনাত ভাগ ললেগৈ। 
বসন্তৰোগ নির্মূলকৰণ আঁচনি

অৰুণাচলৰ `ইনাৰ লাইনচ'লৈ সোমাব খোজা জীপ খনলৈ `চেক-পোষ্ট' কৰ্মচাৰীজন আনদিনাৰ দৰেই আগবাঢ়ি আহিল। কিন্তু সেইদিনাৰ ব্যতিক্রম এইয়ে আছিল যে কৰ্মচাৰীজন আছিল এজন `হেল্থ ইন্সপেক্টৰ'।
"কলৈ যাব আপোনি"? `হেল্থ ইন্সপেক্টৰ'জনে সুধিলে।
"ডিস্ট্রিক্ট হস্পিতেললৈ"। চমুকে জীপত বহি থকা মানুহ জনে উত্তৰ দিলে।
"স্মল পক্স'ৰ `ভেক্চিনেছন' লব লাগিব। কাঢ়া নির্দেশ আছে।" হেল্থ ইন্সপেক্টটৰজনে কলে।
-"তুমি নেজানা মই কোন"?
-"ওঁহো, মই নাজানো।"
-"মই `ডি ডি এইছ এছ ডেপুটি ডিৰেক্টৰ অৱ হেল্থ চাৰ্ভিছেজ'।"
-"হ'ব পাৰে আপুনি `ডি ডি এইছ এছ'। মই কিন্তু আদেশ মানিবই লাগিব। চিটা নল'লে `ইনাৰ লাইন' আপুনি পাৰ হব নোৱাৰিব"।

ঘটনাটো হৈছিল ১৯৭৫ চনত। `ৱৰ্লড ওৱাইড প্র'গ্রাম'; পৃথিৱীৰ পৰা বৰ আইক নির্মূল কৰিব লাগিব। পূৰ্ণ শতকৰাই `ভেক্চিনেত' কৰিব লাগিব। ময়ো আঁচনিৰ অধীনত কাম কৰি কৰিছিলো। 
মই সেই সময়ত অৱশ্যে ব'মডিলাত আছিলো।

চিয়াংতাজুত দেখিছিলো জনজাতীয় মানুহে চিটা ল'বলৈ বৰ বেয়া পায়। কাৰণ হাতত ঘা লাগে আৰু কামৰ ক্ষতি হয়। যিমান পাৰে চিটা লোৱাৰ পৰা আঁতৰি থাকে। গাঁৱলৈ চিটাবাবুৰ দল গ'লেই মানুহবোৰ পলাবলৈ ধৰে। দিনত গাঁৱত কাকো পোৱা নাযায়। সেয়ে দলটো দিনত ক'ৰবাত শুই বহি কটায়। গধূলি হোৱাত যেতিয়া মানুহবোৰ কামৰ পৰা ঘৰলৈ ঘুৰি আহে চিটা দিয়াৰ কাম আৰম্ভ কৰি দিয়ে।
এবাৰ চিটা দিয়া দল আৰু মোৰ মেডিকেল দল আকস্মিক ভাবে একেখন গাঁৱলৈকে যাব লগা হৈছিল। 

কেইবাদিনো বাহৰ কৰিও চিটা দিয়াৰ কাম ভালকৈ কৰিব নোৱাৰাত মোৰ ওচৰলৈ আহি উপায় বিচৰাত গধূলি ময়ো চিটা দিয়া দলটোৰ লগত যাবলৈ ঠিক কৰিলো। আমি এটা বিশেষ ঘৰ বাচি ললো। ঘৰত সোমোৱাৰ লগে লগে কোনোবাই বাংণী দোৱানত ইঙ্গিত দিলে - চিটা বাবু আহিছে বুলি। লগে লগে ঘৰত থকা আটাইবোৰ মানুহ হুলস্থুল কৰি পলাবলৈ ধৰিলে। নিমিষতে ঘৰটো খালি হৈ গ'ল।
`হেল্থ ইন্সপেক্টৰ' নন্দীয়ে ক'লে -
"চাৰ প্রায়বোৰ মানুহেই জংগললৈ নামি গ'ল। তথাপিও কিছুমান ইফালে সিফালে থাকিব পাৰে, বিচাৰি চাঁও"।
এটা ৰুমত সোমাই দেখিলো - চৌকাত জুই জ্বলি আছে, মানুহ নাই।অন্য এটাত সোমাই দেখিলো - এটা ডাঙৰ ধান ৰখা ডুলি। ডুলিৰ ঢাকনিখন নন্দীয়ে ডাঙি চিঞৰি দিলে।
"চাৰ চাওক, এইটো ইয়াতেই সোমাই আছে"।

তাক চিটা দিবলৈ ধৰিলো । মানুহটোৱে ভীষণ আপত্তি কৰিলে -
"চিটা দিলে মই কেনেকৈ কাম কৰিম? পথাৰত অনেক কাম পৰি আছে"।
জোৰ কৰিয়েই তাক চিটা দি সুধিলো -
"তোৰ মাইকী, ল'ৰা-ছোৱালী কত"।
সি ক'লে -
"নিফুং ড'ম"! মোৰ মাইকী নাই। মই মাইকী যোগাৰ কৰিবই পৰা নাই। ল'ৰা ছোৱালী হব কৰ পৰা"?

এটা ৰুমত মাক এজনী কেচুৱাৰ সতে লুকাই আছিল। দুয়োকে জোৰ কৰি চিটা দিয়া হ'ল।

এইবাৰ ঘূৰি আহো আমাৰ আগৰ `ডেপুটি ডিৰেক্টৰ অৱ হেল্থ চাৰ্ভিছেজ' আৰু `হেল্থ ইন্সপেক্টৰ'জনৰ ওচৰলৈ।
'ডি ডি এইছ এছ'এ নিজৰ পজিচনৰ ভেম দেখুৱাই ঠিয় হৈ ৰৈ আছে। ইফালে `হেল্থ ইন্সপেক্টৰে'ও অর্ডাৰৰ ক্ষমতাৰে আকোৰগোজ । কোনো তললৈ নেনামে।`ডি ডি এইছ এছ' আহিছে শ্বিলঙৰ পৰা আৰু `চেক গেইট' হ'ল টিৰাপ জিলাৰ সীমাত। পুৰা এদিনৰ বাট। তেঁও এতিয়া ঘূৰিও যাব নোৱাৰে আৰু `হেল্থ ইন্সপেক্টৰে' আগলৈকো যাব নিদিয়ে। 
অৱশেষত খঙতে নিজৰ হাত খন ডাঙি আগবঢ়াই দি কলে -
"অঃকেঃ, গিভ ইয়ৰ ভেক্চিনেছন"
`হেল্থ ইন্সপেক্টটৰে'ও নিজৰ কৰ্তব্য পালন কৰিলে। চিটা লৈ তেঁও 'ইনাৰ লাইন' পাৰহৈ জিলা চিকিৎসালয় পালেগৈ।

এসপ্তাহ মানৰ পিছত `হেল্থ ইন্সপেক্টৰ'জনৰ নামত শ্বিলংৰ পৰা এখন চিঠি আহিল। `ডি ডি এইছ এছ'এ তেওঁক কোনোবা এটা অতি ভিতৰোৱা `আউট- প'ষ্ট'লৈ বদলি কৰিছে।
নিজৰ কর্তব্যনিষ্ঠাৰ পুৰস্কাৰ লৈ `হেল্থ ইন্সপেক্ট ৰ' জনে দুর্গম ঠাইত কাম কৰিবলৈ গ'লগৈ।


কাৰ্ফিউ

কলিতাক হেনু পিটিলে- সঠিককৈ নামটো কি আছিল পাহৰি গৈছো। খুব সম্ভব কিবা কলিতাই হব লাগে।মেলেৰীয়া নির্মূলকৰণ প্রগ্রেমৰ এটা নিয়মিয়া কৰ্মী।
কলিতা আহিল মোৰ ওচৰলৈ অভিযোগ লৈ-
"চাৰ, আমাক ঘৰতে মাৰিছেহি। এইয়া চাওক - মোৰ চোলা ফাটি গৈছে"।

আগদিনাৰ পুৱাবেলা আমি আটায়ে ওচৰৰ চুলুং বস্তিত পিকনিক খাবলৈ গৈছিলো। পাহাৰৰ জংঘলৰ মাজেৰে কেইঘন্টামান লুং-লুঙীয়া বাটেৰে গৈ বস্তিখন পালোগৈ। বস্তিত ঘৰ মাত্র দুটা, মানুহ মাত্র চাৰিটা নে পাঁচটা। এয়াই চুলুং গাঁও। অলপীয়া সংখ্যাৰ হলেও প্রায় আটাইখিনি স্টাফ মেম্বাৰেই পিকনিকত যোগ দিছিল। সেইদিনা কোনে ক'ৰ পৰা মদৰ যোগাৰ কৰিলে নেজানো কিন্তু নিচাত আটাইসোপাই ভালকৈয়ে মচগোল হ'ল। সচৰাচৰ হোৱাৰ দৰেই কাজিয়া হ'ল আৰু সৰু সুৰা কাজিয়াৰ পৰা গধূলিলৈকে মাৰপিট হ'ল।

পিছদিনা পুৱা, `পি এইছ ইউ'ৰ দুটা চতুৰ্থ `গ্রেড'ৰ বাংণী কৰ্মচাৰীয়ে আহি মোক ক'লে সিহঁতে হেনু দাস বোলা জনক পিটিব। আমাৰ স্টাফক মাৰিছে। গতিকে সিহঁতকো মাৰিব লাগিব, সিহঁত দাসৰ স্টাফ, গতিকে দাসকেই পিটা যাব! এইটো এটা বাংণী জনজাতীয় চেন্টিমেন্ট, ইয়াৰ অন্যথা নাই! গাঁওবোৰৰ মাজতো একেই কথা, কিমান যে মাৰ পিট কটা মৰা হৈ থাকে।

দাস চোৰাংচোৱা বিভাগৰ বিষয়া আছিল আৰু তেঁওৰ কেইটামান ভূটীয়া চিপাহীয়েই কলিতাক পিটিছিল। অলপ পিছতেই শুনা পালো আমাৰ বাংণী দুটাই দাসক চিয়াংতাজুৰ `চাৰ্কোল অফিছাৰ' লগত আহি থাকোতে ৰাস্তাতেই পিটিলে। এতিয়াহে হিচাব সমান!

কিন্তু পৰিস্থিতি বেয়া হৈ গ'ল। মোৰ স্টাফে দাসক পিটিলে, এতিয়া দাসৰ স্টাফে আহি মোক পিটিব পাৰে। হিচাবৰ কথা আছে। ভাগ্য ভাল যে দাস চোৰাংচোৱা বিভাগৰ বিষয়া আছিল। চিয়াংতাজুত কাৰ্ফিউ জাৰি হৈ গ'ল। `চি আৰ পি এফ'ৰ কনিষ্টবলবোৰে হাতত ৰাইফল লৈ টহল দিবলৈ ধৰিলে। খবৰ গৈ `ডিভিজনেল হেড কোৱাৰ্টাৰ' পালেগৈ। চেপ্পা `এ ডি চি' নিজেই আহিবলে ওলালে তদন্তৰ বাবে। আমাক সকলোকে মাতি মিটিং বহালে। এ ডি চি' আহিল। তদন্ত হ'ল। ৰেকর্ড কৰিলে, তদন্তৰ অন্তত `এ ডি চি' চেপ্পালৈ উভতিল।

মিটিঙৰ পিছত `ই এ চি' অফিচৰ পৰা ওলাই আহি ৰাস্তাৰ পৰা মিঃ দাসৰ ঘৰত মই সোমাই গ'লো। তাক দেখি আটায়ে চিন্তা কৰিলে এতিয়া দাসে আৰু দাসৰ স্টাফে মোৰ কিবা অনিষ্ট কৰিব পাৰে নেকি? দাসৰ কোৱাৰ্টাৰত সোমাই দাসৰ লগত মিটমাত কৰাৰ পিছতহে পৰিস্থিতিৰ শাম কাটিলে।

 

ৰাখে গাঁৱৰ ঘৰত বন্ধকী হৈ বন্দী পেমিৰ গাঁৱৰ ছোৱালী-
বন্দীৰ মৰ্য্যদা বন্দীকাৰী ঘৰৰ সদস্যৰ সমানেই!  
 মিত-মাতৰ পিছত আকৌ আগৰ বন্ধুত্ব !
বিদা ৰাখেৰ পত্নীয়ে কনমানিজনীক নিজৰ জীয়েকৰ দৰেই মৰমেৰ ৰাখিছিল- 
আলোকচিত্র- ক্রিসট্ফ ফন ফ্যুৰা হাইমেনডৰ্ফ  
 “স্কুল অৱ অৰিয়েন্টেল এন্ড আফ্রিকান স্টাডীজ”


পাফা

কেইদিনমানৰ পিছত `ই এ চি'ৰ নতুন কাঠৰ অফিচ ঘৰটো ৰাতি কোনোবাই জ্বলাই দিলে। বেচ আহল বহল সম্পূর্ণ কাঠৰে সজোৱা ঘৰটোলৈ অফিচ তুলি নিয়া কেই মাহমানহে হৈছিল। `এ ডি চি'এ কিছুদিনৰ আগতে কৰি যোৱা `এনকোৱাৰি ৰিপৰ্টবোৰো তাতেই আছিল।
আকৌ এখন কমিটি বহুৱাই মোক `এনকোৱাৰি অফিচাৰ' পাতি তদন্তৰ ৰিপৰ্ট দিবলৈ ক'লে। ইয়াৰ আগৰ `এ ডি চি' এ কৰা অনুসন্ধান ৰিপৰ্টত কাক দোষী সাব্যস্ত কৰিছিল, অগ্নিকাণ্ডৰ লগত ইয়াৰ কিবা সম্বন্ধ আছিল নেকি এই অনুসন্ধান কমিটিৰৰ সন্দেহ কিছু হৈছিল। কিন্তু সাক্ষী গোটোৱা সিমান সহজ নহয়। কোনে জ্বলালে প্রমাণ কৰিব পৰা সাক্ষী পোৱা নগ'ল।
বাংণী `দোং-দায়' আৰু পাফা অনুস্থান
আলোকচিত্র- ক্রিসট্ফ ফন ফ্যুৰা হাইমেনডৰ্ফ
“স্কুল অৱ অৰিয়েন্টেল এন্ড আফ্রিকান স্টাডীজ”

কিছু দিনৰ পিছৰ কথা-

স্বাস্থ্যকেন্দ্রত কিছু ৰোগীৰ লগত ব্যস্ত হৈ থকাৰ সময়তে চতুৰ্থবৰ্গৰ বাংণী লৰাটোৱে আহি মোক খবৰ দিলেহি-"চাৰ, পাফা পতা হৈছে, আপুনি যাব লাগে।পাফা, বাংণী এটা সমাজৰ অনুস্থান, আমাৰ স্বাথ্যবিভাগৰ কলিতাক পিটা, আমাৰ বাংণী কৰ্মচাৰীবিলাকে চোৰাংচোৱা বিভাগৰ কৰ্মচাৰীৰ লগত মাৰপিট কৰা, `ই এ চি'ৰ অফিচ ঘৰটো জলাই দিয়া ইত্যাদি কাজিয়া পেচালৰ তেতিয়াও শেষ হোৱা নাছিল। অতি সঘনেই সৰু-সুৰা কথা লৈয়ে সংঘৰ্ষৰ সূত্রপাত হৈছিল। অবশেষত স্থানীয় প্রসাশনৰ সৈতে চেপ্পাৰ প্রসাশনে অনুসন্ধান কৰি আইনগত ব্যৱস্থা লৈ দুয়ো পক্ষক শান্তি স্থাপনৰ আদেশ দিলে। দুয়ো পক্ষ সন্মত হল। এতিয়া সেই শান্তি স্থাপনৰ আপোচ সমজোৱাকৈ কৰিব লাগে। তাৰ বাবেই আজিৰ এই পাফা।

নিজৰ কামত ব্যস্ত থকাৰ বাবে লৰাটোৰ কথা বৰকৈ মনোযোগ দিব পৰা নাছিলো। সি আকৌ কলে - "চাৰ, আপোনাৰ কাৰনে বাকী সকলো মানুহ ৰৈ আছে। সোনকালে ওলাওক।"
মই যাবলৈ ওলালো। স্বাস্থ্যকেন্দ্রত তেতিয়াও বেছ কিছু ৰোগী ৰৈ আছিল। কিন্তু বাংণী সকলে পাফাত খুব গুৰুত্ব দিয়ে। গতিকে ৰোগীবোৰে মই স্বাথ্যকেন্দ্রৰ পৰা ওলাই যোৱাত কোনো আপত্তি নকৰিলে।

ৰাস্তাৰ পৰা তলফালে সৰু টিলা এটাৰ নামনিত কেইটামান অস্থায়ী বাঁহেৰে বনোৱা চোৰাংচোৱা বিভাগৰ চৰকাৰী বাসস্থানত পাফা পতা হৈছিল। ইয়াতেই কিছু সময়ৰ আগতে বাংণী `দোং-দায়ে' পূজা কৰি গৈছে। ঘৰৰ বাহিৰত মুকলি ঠাইকনত কেইবা শাৰীকৈ বাঁহৰ খুটি পুতি পূজাৰ বেদী তৈয়াৰ কৰা আছিল। ঠিয়কৈ পুতা খুটি কেইদালত বাঁহৰ বুকুৰ পৰা কৰা চুঁচলী আৰু ওপৰৰ মূৰটোত চৰাইৰ পাখী বান্ধি, একেবাৰে ওপৰত চালনীৰ দৰে সজা জালী এখনৰ পৰা নানান গছৰ পাত আৰু কুকুৰাৰ ঠেং আৰি আৰি ওলমাই থৈছিল।

ঘৰৰ ভিতৰত গোটখোৱা মানুহ বোৰৰ মাজত স্বাথ্যকেন্দ্রৰ প্রায়বোৰকেই দেখা পালো। চোৰাংচোৱা বিভাগৰ মানুহ কেইবাজনকো দেখিলো। চিনি নোপোৱা প্রায় সকলোৱে কিজানি নিজৰ চিনাকি লুকুৱাই ৰাখি কাম কৰা চোৰাংচোৱা বিভাগৰ মানুহ । মোৰ বাবে বহাৰ ঠাই ৰাখি দিয়া আছিল। অলপ পিছত আপং আৰু সিজোৱা কুকুৰাৰ মাংস আনি মোৰ আগত ৰখা হল। সমজোৱাকৈ তৈয়াৰ কৰা এই অৰ্ঘ বিনা দ্বিধা, সংকোচ বা সন্দেহে গ্রহণ কৰাৰ মানেই হল, পাফাৰ সিদ্ধান্ত মানিলৈ বিপৰীত পক্ষৰ বন্ধুত্ব স্বীকাৰ কৰাটো।

পাফা অধিবেশন কৰাজনে মোক কলে-
" আপুনি এইয়া খাওক, তেতিয়াহে সকলোৱে বুজিব যে আপোনাৰ মনত কোনো মলিনতা নাই। মন আপোনাৰ সম্পূৰ্ণকৈ পৰিস্কাৰ হৈছে।" 

এইয়া বাংণী সমাজৰ নীতি। মাৰপিত কৰিবই। য়ালং বহিব, স্থানীয় প্রশাসনে অনুসন্ধান কৰি আইনী ব্যৱস্থা লব। কিন্তু যেতিয়ালৈকে পাফা নহয় তেতিয়ালৈকে সংঘৰ্ষিত দুয়ো দলৰ মাজলৈ শান্তি নাহে। পাফা কৰাৰ পিছত সকলোৱে মনৰপৰা বৈৰী ভাব আঁতৰাই সংঘৰ্ষৰ পূ্ৰ্বৰ অবস্থানলৈ ঘূৰি আহিবই লাগিব । ইয়াৰ পিছতো যদিহে কোনোবাই মনত শত্রুতা ৰাখি আন দলক আক্রমণ বা অনিষ্ট কৰে তাৰ প্রতিফল ভয়ানক হব, মৃত্যুদণ্ডও হব পাৰে। গতিকে স্থানীয় শান্তিৰ কাৰণে পাফা অতি আনিবাৰ্য্য।

মইও পাফাত যোগ দিলো। আপং আৰু সিজোৱা কুকুৰাৰ মাংস সমবেত সকলৰ লগত খাই সকলোৰে লগত মিলি গলো। মোৰ মনৰ পৰা মলিনতা আঁতৰি গল। সঁচাকৈয়ে মনলৈ শান্তি নামি আহিলে আৰু নিজকে মুক্ত অনুভব কৰিলো।





No comments: