Thursday, March 20, 2014

Chapter X -Nokte of Tirap



টিৰাপ জিলাৰ সদৰ স্থান 'খুনচা'


আমি নাহৰকটীয়া - জয়পুৰহৈ খুনচালৈ গৈছিলো। ডঃ ভূপেন হাজৰিকাৰ 'টিৰাপ সীমান্ত - ৰূপৰ নাই অন্ত' গানটো শুনি শুনি খুনচা চাবলৈ আগৰে পৰা ইচ্ছা আছিল।

খুনচা জিলা হস্পিতেললৈ বদলি হৈ কামত যোগদান কৰিবলৈ গ'লো।

নাহৰকটীয়াৰ পৰা কেইঘন্টামান গৈয়ে গন্তব্যস্থান পালোগৈ। বস্তিৰ গাতে লাগি থকা 'ৰামকৃষ্ণ মিশনৰ' প্রতিস্থানটো প্রথমেই চকুত পৰিল। গাড়ীৰ পৰাই অনুভৱ কৰিলো, চাপৰ চাপৰ পাহাৰেৰে ভৰা খুনচা সঁচাকৈয়ে মন মুগ্ধ কৰি নিয়াকৈ সুন্দৰ।  কিন্তু টাওনখন বৰ ওখ-চাপৰ ভাবে বিস্তৃত, চলা-ফুৰা কৰাত খুব অসুবিধা হোৱা ঠাই। টিৰাপ নগালেন্ডৰ গাতেই লাগি আছে, আৰু খুনচাৰ আশে পাশে থকা ইয়াৰ জনজাতি নক্তে বিলাক আচলতে নগাই। কিন্তু শাৰীৰিক ভাবে বেছি সবল নহয়। নগা পাহাৰৰ নগা মানুহৰ দৰে  থুলন্তৰ মানুহ কমেই দেখা পালো।

টিৰাপৰ এই অঞ্চলটোত আফু খেতি হয়। সদ্যহতেই গাঁৱৰ বহু মানুহেই কানি খায়। আৰু স্বাভাবিকভাবেই হস্পিতেলত এটা `ওপিয়াম ডি-এডিক্সন চেণ্টাৰ' আছে। আগতে হেনু অনেক কানিয়া আছিল। এতিয়ালৈ বহু কমিলে।

খুনচাত মই থকা ঘৰটোৰ সন্মুখত অলপ সমান ঠাই আছিল। এদিন কি জানো মন হ', ভাবিলো শাক-পাচলি খেতি কৰো। ঘৰৰ বাৰীত হোৱা শাকৰ সোৱাদ সৌ তাহানিতেই পাহৰি পেলাইছো। কোৰ মাৰি মাটিখিনি তৈয়াৰ কৰিবলৈ দুটা নিষকতীয়া যেন নক্তেক মাতি আনিলো। সিঁহত দুয়োটা আটাইবোৰ নক্তেৰ দৰে দেখিবলে একেই, শ্রীবৃদ্ধি নাইকিয়া আছিল।
কিছু সময় নিৰ্বিকাৰ ভাবে থিয় হৈ থকাৰ পিছত সিহঁত দুয়োটাই ভৰিৰ পতাৰে মাটি জোখিবলৈ ল'লে। এটাই কেইখোজ মান গৈ মাটিতে ভৰিৰ গোৰোহাৰে দাগ এটা দি ক'লে -
"আমি ইমানহে কৰিম"।

সিহঁত দুটাৰ লগত মোৰ বন্দোবস্ত কৰোতেই বহু সময় পাৰ হ'ল। কোনো মীমাংসা নহ'ল। শেষত দুয়োটাকে বিদায় দিলো। ইহঁত দুইটা কানিয়া আছিল, কাম একো নকৰে। মাত্র ইফালে সিফালে ঘূৰি ফুৰে আৰু এনেয়ে সময় কটাই।
অৱশেষলৈকে মোৰ শাকপাচলি কৰা হৈ নুঠিল।

আন এদিনৰ কথা, হস্পিতেলত গৈ দেখিলো এটা কানিয়াই বাৰান্দাত বহি আছে, অহা যোৱা সকলোৰে পৰা কানি খুজি খুজি । কাৰো পৰা কানি নোপোৱা স্বত্বেও সি দুদিন হম্পিতেলৰ বাৰান্দাত বেৰতেই আঁউজি বহি থাকিল অকনো লৰচৰ নকৰাকৈ।
তৃতীয়দিনালৈকে কানিয়াটো বাৰান্দাত বহি বহিয়েই মৰি থাকিল।

হস্পিতেললৈ প্রায়ে কিছুমান উদ্ফাই বেমাৰী আহিছিল। বহুত উশাহ-নিশাহৰ সমস্যাত  ভুগিছিল। খুনচাত ময়ো যেন কিবা এটা অসুখীয়া অসুখীয়া ভাৱ অনুভৱ কৰিছিলো।


ৰডূৰীয়া নামঘৰ

খুনচা বস্তিৰ অলপ নিলগত বৰডুৰীয়া বস্তি। নাহৰকটিয়াৰ খুনচালৈ আহোতে  ৰাস্তাটোৱে বৰডুৰীয়া বস্তি চুই যায়। কিছু নিলগত বৰডূৰীয়া নামঘৰ, আৰু অকণমান দূৰৈত বৰডুৰীয়া ৰজাৰ হাউলী।খুনচাত কামত যোগ দিয়াৰ কেইমাহ মানৰ পিছতেই নামঘৰৰ পৰা দুগৰাকী তত্বাবধানকাৰী মহিলা আহিছিল চিকিৎসা সম্বন্ধীয় কামত। উভটি যোৱাৰ সময়ত মোক নামঘৰলৈ আমন্ত্রণ জনাই গ'ল। 
ৰজানো দেখিবলৈ কেনে হয়, ৰজাৰ হাউলীয়েই বা কেনে হয় সৰুতে নিজকে সোধিছিলো। এতিয়া বৰডূৰীয়ালৈ
নিমন্ত্রণ পাই ভাল পালো। ৰজাৰ ঘৰটো দেখা পাম।
বৰডূৰীয়ালৈ পাঁওতে আবেলি হৈছিল। ৰাজহাউলীটো এটা ডাঙৰ কংক্রিটৰ পকা ঘৰ।
কল্পানাত থকা ৰজাৰ ঘৰ ভাম্ভিৰ্য্য থাকিলেও স্থানীয় স্থাপত্যশিল্পৰ কোনো আভাষ নাছিল। দেখি হতাশ হ'লো। নামঘৰ ওলালোগৈ। নামঘৰটো এটা অৰ্দ্ধস্থায়ী ঘৰত স্থাপিত। তোৰণত উপস্থিত হঁওতেই তত্বাবধানকাৰী  দুগৰাকী ওলাই আহি আমাক ভিতৰলৈ আগবঢ়াই নিলে। নামঘৰটো  আমাৰ ভৈয়ামৰ নামঘৰৰ দৰেই, একে আচনিতে সজা। স্কুলত পঢ়ি থাকোতে সত্রতেই নিবাসী এজন সহপাঠীৰ লগত নাজিৰাৰ বাৰেঘৰ সত্রলৈ গৈছিলো। সত্রত মই লগ কৰা  এগৰাকী মহন্তয়েই এই বৰডূৰীয়া নামঘৰৰ দীক্ষা দান কাৰ্য্যৰ গুৰি ধৰিছিল।
আমাক নামঘৰৰ মজিয়াতে ঢৰা পাৰি বহিবলৈ দিলে। কাহৰ বান বাতিত চাহ আহিল। প্রাথমিক শুভবাৰ্তা আৰু চাহৰ পিছত আমি নামঘৰৰ বিষয়ে কথা পাতিলো। নামঘৰলৈনক্তে সমাজৰ ভকত মাজে মাজে আহে, চাকি জলাই সেৱা জনাই যায়, নাম প্রসঙ্গও মাজে মাজে হয়। বাৰেঘৰ সত্রৰ পৰা মহন্তদেৱ আহিলে  নক্তে ভকত সকল তেখেতৰ দৰ্শনৰ বাবে আহে। আগতে বহুত ভকত আহিছিল, আজিকালি পাতলীয়া হৈছে। নামঘৰৰ পৰিচালনা বিষয়ে কথা পাতি অনুমান কৰিলো নামঘৰৰ আজন্তৰিন অৱস্থাটো বৰ সুস্থ নহয়। মই মনতে অলপ অস্থিৰতা অনুভৱ কৰিলো। 
বৰডূৰীয়া বস্তিত খ্রিষ্টান ধৰ্মৰ এটা অন্তঃস্রোতৰ আভাষ পালো। প্রকাশ্যে একো নেদেখিলেও সমাজৰ লোকৰ ভাবৰ কিছু পৰিবৰ্ত্তন অনুভব হ'ল। তাহানি ৰাম আতাই স্থাপন কৰি যোৱা বৈষ্ণব ধর্মৰ প্রাদুৰ্ভাবৰ প্রৱনতা কিয় হ্রাস পাইছে ? খ্রিষ্টান ধর্মৰ শিপা তলে তলে কিয় পুখাইছে? আমাৰ দুৰ্ব্বলতা ক'? নিশ্চয় আমাৰ কৰ্ত্তব্যনিস্থাৰ অভাব।
নামঘৰৰ বেৰত, এগৰাকী মাতৃয়ে এটি নবজাত শিশুক স্তনপান কৰাই থকা ছবি বন্ধাই থোৱা আছিল। ছবিখন দেখি খ্রিষ্টান ধর্মৰ মাদাৰ মেৰীলৈ মনত পৰিল। মই কলো এই ছবিখন মোকেই দিয়ক, মোৰ চিকিৎসা কক্ষতে বেচি সুৱাব। তাৰ সলনি নামঘৰৰ উপযুক্ত অন্য ছবিৰ মই জোগাৰ কৰি দিম। 
নামঘৰৰ তত্বাবধানকাৰী দুগৰাকীৰ পৰা বিদায় লৈ আমি ওলাই আহিলো। মনত অনেক ভাব আহিল- আমাৰ ধৰ্ম্মীয় অনুস্থান বোৰৰ কিবা সংস্কাৰৰ প্রয়োজন নেকি বাৰু? হিন্দুধৰ্ম্মৰ দাৰ্শনিকতা অতি গভীৰ। আমি হয়তো নিজেই বুজা নাই নাইবা
আনকো বুজাব পৰা নাই।
উভটি আহোতে বৰদূৰীয়া ৰজাৰ ৰাজহাউলীটোলৈ আকৌ চালো- পকা বেৰৰ ফাটবোৰৰ কৰবাত কৰবাত বৰগছৰ শিপা গজিছে।



তিনিটা যমজ সন্তান


এদিন হস্পিতেলত খুনচা বস্তিৰ এজনী সন্তানসম্ভবা নক্তে তিৰোতা ভৰ্তি হ'লহি। সময়ত তাই এটা এটাকৈ তিনিটা ল'ৰাৰ জন্ম দিলে। মাকৰ লগতে কেচুৱা তিনিটা প্রসূতি ৱার্ডত ৰাখিলো। কেচুৱাকেইটা বেচ স্বাস্থ্যৱান আৰু মৰমলগা। 
কিন্তু কি বিৰম্বনা, নক্তে সমাজত এনে তিনিটা যমজ সন্তান  হোৱাটো এটা বেয়া চিন। অমঙ্গল হয়, গতিকে এনে কেচুৱা ৰাখিব নালাগে। মাক, বাপেক দুটাই মোক ক'লে - শিশু তিনিটা বস্তিলৈ নিলে গাঁৱৰ মানুহে সিহঁতক মাৰি পেলাব। মই `ডি চি'ৰ অফিচ'ত খবৰ দিলো শিশু কেইটাৰ সুৰক্ষা বিচাৰি। কোনোবা এজন প্রশাসনিক বিষয়া আহিল আৰু ময়ো প্রসূতি গৰাকীক `ডিছচার্জ' নিদি ৰাখি দিলো।
এদিন পুৱা হস্পিতেললৈ গৈ দেখো মানুহজনীৰ বিছনাখন উদং, তাই আৰু কেচুৱা কেইটা নাই। ডিউটিত থকা নাৰ্চগৰাকীয়ে ক'লে - কেচুৱা তিনিটা লৈ মাকজনী গুছি গ'ল।
মই লৰালৰিকৈ খুনচা বস্তি পালোগৈ।
ইতিমধ্যে যমজ শিশু কেইটা বস্তিৰ আলোচনাৰ মুখ্য বিষয় হৈ পৰিছিলগতিকে প্রসূতি গৰাকীৰ ঘৰটো বিচাৰি উলিওৱাটো অকনো অসুবিধা নহ'ল।  এটা সাধাৰণনক্তে মানুহৰ ঘৰ। বাহিৰত বেচকিছু মানুহৰ সমাগম। হয়তু কিবা গুপুত ভিতৰুৱা কথাৰ আলোচনা চলি আছিল। মোৰ উপস্থিতিত সকলো নিস্তব্ধ হৈ গ'কিজানি তাত মোৰ প্রবেশ অনুচিত নহলেও বৰ আকাঙ্ক্ষিত নিশ্চয় নাছিল।

মোক দেখি মানুহজনীৰ গিৰিয়েকটো  আগবাঢ়ি আহিল।  ইমান সময়লৈকে ঘটনা কোনফালে গৈছিল মই ভালকৈয়ে অনুমান কৰিব পাৰিছিলো, গতিকে পোনেই কেচুৱা কেইটাৰ কথা সোধাটো উচিত যেন নেপালো। মই মানুহজনীক অকণমান চাব বিচাৰিছো বুলি ক'লো। মানুহটোৱে মোক ৰবলৈ কৈ সমাজৰ মাজত বহি থকা মানুহ এটাৰ কানে কানে কিবাক'লে।  মানুহবোৰৰ মাজত গুনগুননি উঠিল। মানুহজন কিজানি গাঁওবুঢ়া আছিল, তেঁওৱেই মোক ভিতৰলৈ লৈ যাবলৈ অনুমতি দিলে।

চাংঘৰৰ আন্ধাৰ কোঠাৰ কোনা এটাত জ্বলি থকা চাকি এখনৰ শিখাটোলৈ একেৰাহে  নিৰ্বিকাৰ ভাবে চাই চাই বাঁহৰ চাং এখনত মানুহজনী বহি আছিল। কি কম, কি সোধিম, এনে  পৰিস্থিতিত কি কোৱা যায় একো ভাবি নেপাই মই কেবল তাইৰ ওচৰত ঠিয় হৈ ৰৈ গ'লো। মানুহজনীয়ে জোৰকৈ ওঁঠ কামুৰি, বুকু ফালি ওলাই আহিব খোজা কান্দোনটো ৰখাই, মুখখন আনফালে ঘুৰাই দিলে।
শান্তনাৰ এটা ব্যৰ্থ চেষ্টাত মই তাইৰ মুৰত হাতখন ফুৰাই দিলো। মোৰ স্পৰ্ষই কিজানি  সকলো পাৰ ভাঙি দিলে আৰু মানুহজনীয়ে, ভৰ বাৰিষাৰ বানে বান্ধ ভাঙি নিয়াৰ দৰে, মোৰ ককালত খামুচি, হুকহুকাই কান্দি  দিলে।
গিৰিয়েকটোৱে গৈ দৰ্জা খন বন্ধ কৰি দি কাষলৈ আহি সৰু সৰুকৈ মোক কৈ গ'ল-

"আমি হস্পিতেলত থাকোতেই সিঁহত আহিছিল কেচুৱা কেইটা লৈ যাবলৈ। আমাৰ কোনো কথাই নেমানে। আমি ক'লো কেচুৱাকেইটা আমি নিজেই লৈ আহিম।"
"পিচদিনা পুৱা সিঁহত আকৌ  আহিল। আমি আৰু এদিনৰ সময় বিচাৰিলো। গধূলিগাওবূঢ়াই আৰু মানুহ পঠাই ক'লে- কালিলৈ যদিহে আমি বস্তিলৈ নাহো, কেচুৱা কেইটাক জোৰকৈ লৈ যাব, আমাক গাঁওৰ পৰা খেদাই দিব। নক্তে সমাজত থাকিবলৈ হ'লে নিয়ম মানিবই লাগিব। নহ'লে কথা বেয়া হৈ যাব। আমাৰ আৰু কোনো উপাই নাছিল, কেচুৱা কেইটাক লৈ আমি গাঁৱলৈ উভটি আহিলো।"

"আজি পুৱা গাঁওবুঢ়াই লগত কেইটামান মানুহ লৈ আমাৰ ঘৰলৈ আহিল। কেইটামানে মোক ডিঙিত হেঁচা মাৰি ধৰিলে, গাঁওবুঢ়াই মাকক গটিয়াই ঠেলি পেলাই কেচুৱাকেইটাক লৈ গ'ল। কান্দি থকা বেচেৰা কেইটাৰ মুখকেইখনো সিঁহতে জোৰেৰে টেপা মাৰি থৈছিল।"

"মই সিঁহতৰ পিচে পিচে কান্দি কান্দি কাকুতি মিনতি কৰি গ'লো।  মোৰ ক'ত শুনে  সিঁহতে? কেচুৱা তিনিটাক নি নদীৰ পাৰৰ শিল এটাত থেকেচি থেকেচি সিঁহতে মাৰি পেলালে। তাতো সিঁহতৰ শান্তি নহ'ল। ডাঙৰ শিল এটাৰে মুৰ কেইটাও খূন্দিয়াই খুন্দিয়াই ভাঙি দিলে সিঁহতে। আৰু মই কেৱল চাই থাকিলো। তিনিদিনীয়া কেচুৱাকেইটাতকৈও মই দুৰ্বল, অসহায়, মই একোৱেই কৰিব নোৱাৰিলো।"

"আমাৰ কনমান ল'ৰা কেইটা এতিয়াও নদীৰ পাৰতেই পৰি আছে। এতিয়া এই
সোপাই গৈ সিঁহতক পুতি পেলাবগৈ।"

ঘৈনীয়েকৰ ওচৰতে বহি মানুহটোৱে ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে। বহুত চেষ্টা  কৰিও মই মুখেৰে একো কব নোৱাৰিলো। শান্তনা দিবলৈ মোৰ লগত একোৱেই নাছিল। দুয়োটাৰে গাত হাত ফুৰাই মই ঘৰটোৰ পৰা ওলাই আহিলো।


প্রতি সমাজৰ নিজা নিয়ম আছে। সমাজত থাকি সমাজৰ নিয়ম সকলো সদস্যই মানি  চলিব লাগিব। কিন্তু ইয়াৰ মানেই এইটো নহয় যে সমাজৰ প্রতিটো নিয়মেই যুক্তিসংগত, প্রতিটো নিয়মেই উচিত। নিয়ম বিস্বাসৰ ফলত হয়। বিস্বাসৰ লগত অন্ধবিস্বাসো থাকে। নক্তে সমাজৰ মাজতো বহুত অন্ধবিশ্বাস আছে। তথাপিও এই সমাজত থকা সকলোৱে ইয়াৰ নিয়ম মানিবই লাগিব। কিন্তু এইমাত্র পৃথিবীৰ পোহৰত চকু মেলিয়েই জীৱন হেৰুৱাই পেলোৱা তিনিটা শিশুৰ অপৰাধ কি আছিল ?

'টা মাহ গৰ্ভত সঞ্চাৰ হৈ থকা জীবনটোৰ লগে লগে দেখি থকা মাতৃত্বৰ মিঠা  সপোনটো, এটা নহয় তিনিটাকৈ সুন্দৰ সন্তানেৰে দিঠক হোৱাৰ পিছ মুহুৰ্তত চকুৰ পলকতেই হেৰুওৱা মাতৃজনীৰ, আৰু পিতৃত্তৰ দায়িত্বত প্রথম খোজতেই বিফল হৈ নিজৰ তিনিটাকৈ নবজাত শিশুৰ নৃশংস, ঘৃনণীয় হত্যা অসহায় ভাবে চাই থাকিব লগীয়া বাপেকটোৰ অপৰাধ কি আছিল ? শিশুহত্যা কিমান পাপ, তথাপিও ইয়াৰ সমাজৰ নিয়মক কোনেও উলঙ্ঘ কৰিব নোৱাৰে। পাহাৰীয়া জনজাতিৰ মুখ্য মানুহজনৰ বিচাৰ কোনেও লৰাব নোৱাৰে। প্রশাসনেও এই সামাজিক নিয়মত হকা বাধা কৰিবলৈ আগ নাবাঢ়ে।

মোৰ চিকিৎসা অধীনত জন্মলোৱা শিশুকেইটাই জীবনৰ প্রথম পুৱাটোত মোৰ  আস্বাসতেই চকু মেলিছিল। মই সিঁহতৰ হৈ যুজিবলৈ লৈও হাৰি গ'লো। সিঁহতৰ মৃত্যুৰ বাবে নিজকে দুষী যেন ভাবি বৰ অকলশৰীয়া অনুভব কৰিলো।
ঠিক কৰিলো এই ঘটনাটোক মনৰ কোনোবা কোনত লুকুৱাই পাহৰি পেলাম। শেষলৈকে নোৱাৰিলো।
ভাবিলো ঘটনাটো কোনোদিনেও কাকো নকওঁ।
কিন্তু শেষলৈকে কৈ পেলালো।

No comments: