Thursday, March 20, 2014

Chapter XI -Made for each other




দুয়ো দুয়োৰে লগৰীয়া

চৈধ্যটা বছৰ অৰুণাচলত পাৰ হৈ গ'ল।
এটা বিদ্রোহ মনোভাবেৰে আহি লাহে লাহে অৰুণাচলৰ বৈচিত্ৰময় পৰিবেশৰ লগত খাপ খাই গৈছিলো। মই বুজি পাইছিলো ইয়াৰ নিয়ম, ভাবধাৰা যিমানেই জটিল, ই সিমানেই সহজ আছিল। চিয়াংতাজুৰ ঊদণ্ড বাংণীৰ পৰা উদাৰ মনপালৈকে সকলো মোৰ আপোন হৈ পৰিছিল। কিন্তু মই যিমানেই অৰুণাচলৰ লগত সহজ হৈ নপৰিছিলো লাগে, অৰুণাচলে মোক কোনোবা নহয় কোনোবা মুহুৰ্তত আকৌ বিভ্ৰান্ত কৰি তুলিবলৈ কোনোদিনেই বিফল নহৈছিল। এই পাহাৰে সাৱটি ৰখা বিভিন্ন জনজাতিবোৰৰ মাজত মই উদাৰ আৰু
বিজ্ঞানসুলভ মনোভাৱৰ মনপাৰ পৰা আদিম লাজুলৈকে দেখা পাইছিলো। 

খুনচাৰ পশ্চিম ফালে প্রায় চল্লিছ কিলোমিটাৰ নিলগত টিৰাপৰ এটা `আউট প'ষ্ট' 'ল লাজু। এই 'আউট প'ষ্ট'টো নাগালেণ্ডৰ প্রায় ওচৰত। লাজু এতিয়াও বহু আদিম অবস্থাতেই আছে। লাজুৰ প্রায়বোৰ মানুহেই নগা জনজাতিৰ আৰু আমাৰ তথাকথিত সভ্যতাৰ পৰা বহু দূৰত।এবাৰ জীপত গৈ থাকোতে ৰাস্তাৰ ওপৰত একেবাৰে উলঙ্গ গাভৰু ছোৱালীৰ জাক দেখি মই অবাক হৈ গৈছিলো! আমাৰ জীপ ওচৰ চাপি অহাত সিহঁত কাষৰ হাবিলৈ সোমাই লুকাই গৈছিল।  লাজুৰ দৰে নক্তেবোৰো নগাই। সিহঁতৰ মাজতো তেতিয়াও মানুহৰ মূৰ চিকাৰ কৰা প্রথাটো প্রচলিত আছিল। শক্রৰ মূৰ কাটি লৈ অনাটো এটা গৌৰৰ আৰু বীৰত্বৰ চিন বুলি ভাবিছিল। শত্রুৰ মূৰটো এটা ডাঙৰ ট্রফী। বহুতৰ ডিঙিত কাঠেৰে বনোৱা মানুহৰ মূৰৰ মালা দেখিছিলো। এবাৰ এজন নক্তেৰোগীয়ে মোকো এদাল কাঠেৰে বনোৱা মানুহৰ মূৰ থকা মালা পিন্ধাই দিছিল। বহুদিনলৈ ৰোগীটোৱে কৃতজ্ঞতাৰ চিন হিচাবে দিয়া এই ট্রফীটো মোৰ লগত আছিল।

মই ভাবিবলৈ বাধ্য হৈ পৰছিলো, দা'ৰে কাটি গণহত্যা কৰিব পৰা বাংণী, মানুহৰ মূৰৰ মালা বনোৱা নিৰ্দয় নক্তে, ইহঁতৰ মনত জানো কিবা অনুভূতি হব পাৰে?  
উত্তৰটোৱে মোক আকৌ আচৰিত কৰি পেলাইছিল।

চল্লিছ বছৰৰ পিছত আজি হয়তো বহুততেই সময়ৰ পলস পৰিছে। যান্ত্রিক পৰিবৰ্তনৰ আঁৰত আজি তেতিয়াৰ সেই নিৰীহ অবোধ সৌন্দৰ্য্য কৰবাত লুকাই গৈছে। মই আশা কৰো মোৰ অৰুণাচলৰ কথা ইয়াতেই শেষ হওক যাতে মোৰ সান্নিধ্যলৈ অহা অৰুণাচল খন মোৰ মনত চিৰদিনৰ বাবে ইয়াতেই ৰৈ যাওক।

হস্পিতেলৰ পৰা এদিন পিছ সন্ধিয়া জৰুৰী 'কল' এটা আহিল। গৈ দেখিলো - মধ্য বয়সীয়া নক্তে মানুহ এটা `ইমাৰজেন্সি বেড'ত পৰি আছে। দুয়োটা অণ্ডকোষ থেতেলা খাই সম্পূৰ্ণভাবে ভাঙি গৈছে। মই আচৰিত হ'লো। কেনেকৈ এনে হ'? বিষেৰে জৰ্জৰিত মানুহটোৱে মুখখন আনফালে ঘূৰাই দিলে। হস্পিতেললৈ লৈ অহা লগৰ মানুহটোৱে তাৰ হৈ মোক কৈ গ'ল -
"হঠাতে মই শুনিলো মোৰ মাইকীজনী কোনোবা বেলেগ মতাৰ লগত গুছি গ'ল। গধূলি হৈ গ'ল। মই তাইৰ বাবে বাট চাই ৰৈ থাকিলো, তাই কিন্তু মোৰ ওচৰলৈ উভটি নাহিল।
মই এতিয়া কিয় এনেকৈ জীয়াই থাকিব লাগে ?  যিজনী মাইকীৰ লগত গোটেই জীৱন একেলগে জীবলৈ- মৰিবলৈ লৈছো তাইয়ে মোক এৰি গ'ল আন কাৰোবালৈ। মই এতিয়া এইবোৰ লৈ কি কৰিম ? নেলাগে মোক কোনো অদৰ্কাৰী পুৰুষত্ব। ই মোৰ আৰু কোনো কামত নাহে। পাহাৰৰ জুৰিটোলৈ নামি গ'লো। শিল এটাৰ ওপৰত বহি হাতত আন এটা শিল লৈ মই মোৰ এই বোজা দুটা খুন্দিয়াই খুন্দিয়াই গুৰি কৰি পেলালো। নেলাগে মোক এইবোৰ"!
কোনো `এনাস্থেছিয়া' নিদিয়াকৈয়ে মই তাৰ ভাঙি যোৱা অণ্ডকোষ দুটাৰ জাবৰ বোৰ গুচাবলৈ ধৰিলো। তাৰ মুখত কোনো কষ্ট অনুভব কৰাৰ চিন নেদেখিলো। সি জীৱনৰ প্রতি ইমানেই হতাশ হৈছিল যে ইমান মাৰাত্মক বিষতো মুখেৰে এটাও শব্দ উচ্চাৰণ নকৰিলে। গোটেই অস্ত্রোপ্রচাৰটো কোনো `এনাস্থেছিয়া' নোহোৱাকৈয়ে সম্পূর্ণ হ'ল।

অলপ পিছতে এজনী নক্তে তিৰোতা হস্পিতেললৈ ৰোগীটোক চাবলৈ আহি ৰোগীটোৰ  ওচৰত ঠিয় হৈ ৰ'ল। কাৰো মুখত মাত নাই, ইটোৱে সিটোৰ ফালে চোৱাও নাই, দুয়োটাৰে দৃষ্টি কোনোবা এটা অদৃশ্য শূন্যত স্থিৰ হৈ গৈছে। দুয়োটাৰে চকুত কিন্তু ভাষাহীন প্রশ্নৰ অলেখ আকুতি। এইজনীয়েই হ'ল তাৰ মাইকী - যিজনী কাৰোবাৰ সতে গুছি যোৱা বুলি শুনি সি তাৰ অণ্ডকোষ দুটা থেতেলিয়াই পেলালে।

লাহেকৈ তাই আমাৰ ফালে ঘূৰি চাই সোপা মাৰি ধৰা গলাৰে ক'লে-  
 "মইতো কাৰো লগত যোৱা নাছিলো। কিবা কামতহে অকণমাণ আঁতৰি গৈছিলো। তেনেহলে কিয় সি নিজকে কষ্ট দিছে"?

কেনে উগ্র ভালপোৱা ? কেনে কোমল অনুভূতি! অকণমাণ নেদেখা হ'লেই গোটেই পৃথিৱীখন ডুবি যায়। জগত এন্ধাৰ হৈ পৰে!

সিহঁতৰ অনুভূতিক নমস্কাৰ জনাই মই হস্পিতেলৰ পৰা ওলাই আহিলো।

No comments: