Thursday, March 20, 2014

Chapter VII - Shangti The Fairyland

শাংতি


পৰীৰ ৰাজ্যত

মোৰ `হেল্থ ইউনিট স্টেচন' ডিৰাঙৰ পৰা বাৰ কিলোমিটাৰ দূৰৰ এই  শাংতি নামৰ গাঁও খনলৈ আকৌ এবাৰ গৈছিলো।
শাংতিত মনপা গোষ্ঠীৰ বৌদ্ধধৰ্মী মানুহৰ বসতি। ডিৰাঙৰ পৰা নদীৰ পাৰে পাৰে তিনি কিলোমিটাৰ মান যোৱাৰ পিছত,পাহাৰীয়া ৰাস্তাটোৰে আন এখন নদীৰ পাৰে পাৰে সাত কিলোমিটাৰ গৈ শাংতি ওলামগৈ। খোজ কাঢ়ি কাঢ়ি নদীৰ পাৰে পাৰে গৈ আছো। ৰান্তাটো কেতিয়াবা নদীৰ একেবাৰে পানীৰ ওচৰেদি আৰু কেতিয়াবা  আকৌ পাহাৰৰ ওপৰলৈ উঠি নদীৰ পৰা বহু ওপৰেদি একাবেকা হৈ গৈছে। নদীৰ পানী একেবাৰে পৰিস্কাৰ। নদীৰ বুকুৰ শিলবোৰ ফট্ ফটীয়াকৈ দেখা যায়।

মনতে কিবা এটা গানৰ সুৰ সুঁৱৰি সুঁৱৰি খোজ কাঢ়ি গৈ আছো।  কিছুদূৰ যোৱাৰ পিছত নদীৰ পাৰত চকু পৰিল অনেক দূৰ বিয়পি পৰা ৰঙীন ফুলৰ মেলা। অনেক ৰঙৰ সৰু সৰু ৰঙীন বনফুল - নদীৰ পাৰ ভৰি পৰা।
কি সুন্দৰ দৃশ্য - ফুলেৰেই যেন দলিছা পৰা! সৰু ল'ৰাৰ দৰে ফুলৰ কাষে কাষে দৌৰি  ফুৰিবৰ মন গ'ল। শিলৰ বুকৱে বাগৰি অহা পানীৰ কুলু কুলু শব্দ,পাৰত ৰঙৰ মেলা, দুয়োপাৰে ওখ নীলা পাহাৰ আৰু মই মাজত অকলে। মোৰ ডেকা মন কিবা উৰুঙা হৈ গ', মই নিজকে পাহৰি গ'লো। 

এইখন এখন সপোনভৰা পৰীৰ ৰাজ্য, আৰু ফুলৰ মাজত লুকা-লুকি খেলি থকা  আটাইতকৈ সুন্দৰ পৰীজনী যেন এতিয়াই হাঁহি হাঁহি মোৰ ফালে দৌৰি আহিব!

শাংতি পাঁওতে আবেলি হ'ল।
মোক থাকিবলৈ দিলে গাঁৱৰ মাজত থকা বৌদ্ধ বিহাৰটোত।

গাঁৱৰ মানুহৰ কাৰণে ই এটা মন্দিৰ আৰু আমাৰ দৰে অতিথীৰ কাৰণে ই এটা আলহী  ঘৰ। ইয়াৰ এক অংশত এটা পানী মিল আছে। পাহাৰীয়া জুৰিৰ পানী বোৱাই আনি প্রপেলাৰৰ সৈতে ছাফ্টদাল ঘুৰাই, মাকৈ গুৰি কৰি আটা বনোৱা হয়। পাহাৰীয়া জনজাতি যদিও বেছ বিজ্ঞান সুলভ তেঁওলোকৰ কাৰোবাৰ!
মোৰ খোৱা বোৱা গাঁৱত কোনোবা পাকঘৰত কৰি অনাৰ ৱ্যৱস্থা হ'ল। গাঁৱৰ মানুহ ওচৰ চাপি আহি অসুখ বিসুখৰ কথা ক'লেহি। মই অনুযায়ী দিয়া ঔষধ ইত্যাদি লৈ তেঁওলোক গ'লগৈ।
শাংতি গাঁৱৰ মনপা ডেকা-গাভৰু
 আলোকচিত্র- ক্রিসট্ফ ফন ফ্যুৰা হাইমেনডৰ্ফ 
  “স্কুল অৱ অৰিয়েন্টেল এন্ড আফ্রিকান স্টাডীজ”

ইতিমধ্যে ৰাতি ন-মান বাজিল আৰু মই থকা বিহাৰলৈ ছোৱালী কেইজনীমান সোমাই  আহি মোক মনপা ভাষাতে কিবাকিবি ক'লে। মই একোৱেই বুজি নাপালো। মোক উত্তৰ নিদিয়া দেখি দুজনীমানে মোক হাতত ধৰি  বিহাৰ ঘৰটোৰ পৰা বাহিৰৰ এটা ঘৰলৈ টানি লৈ আহিল। ঘৰৰ ভিতৰত অন্য কেইবাজনো মানুহ বহি আছে। মাজত একুৰা জুই জলি কোঠাটো গৰম কৰি ৰাখিছে। সকলোৰে হাতত স্থানীয় সুৰা চাঙৰ  পিয়লা।
ছোৱালী কেইজনীয়ে হেঁচামাৰি মোক বহুৱাই দি এটা পিয়লাত চাং মোৰ মুখত লগাই  পিবলৈ ইংগিত দিলে।
"আঃ বৰ চোকা"!
প্রথম ঢোকতেই গম পালো। ছোৱালী কেইজনীয়ে আকৌ এঢোক খাবলৈ পিয়লাটো  মোৰ মুখলৈ দাঙি ধৰিলে। মই ঘৰত সাঁজ খোৱা ল'ৰা। কিন্তু চাং মোৰ সেৱন ক্ষমতাৰ বাহিৰত! মই পিয়লাটো ঠেলি আঁতৰাই দিলো। ছোৱালী কেইজনীয়ে সিহঁতৰ মাজতেই কিবাকিবি ক'লে - বুজি নাপালো যদিও সিহঁতৰ ভঙ্গিমাত বুজিলো, কৈছে-
"অ ই নাখায়। ৰ'বা, আমি তোমাক খুৱাই হে এৰিছোঁ"!
চাৰিজনী ছোৱালী মোৰ ওচৰ চাপি আহিল। দুজনীয়ে মোৰ দুয়োফালে বহি , এজনীয়ে  পিছফালৰ পৰা মোক ধৰি ললে। আনজনীয়ে মোৰ সন্মুখত আঁঠুকাঢ়ি পিয়লাটো লৈ মোৰ মুখখন জোৰ কৰি খোলাই মুখত চাং ঢালি দিলে। মই নিগিলা দেখি এজনীয়ে
গালত চিকুতিও দিলে।
আহ ই কি! মোৰ ওপৰত অত্যাচাৰ! কেনেকৈ এতিয়া পলাঁও ?

ওচৰত থকা মানুহবোৰে মোৰ অৱস্থাটো দেখি হাঁহি হাঁহি ক'লে - "এনেকৈ তুমি সাৰিব  নোৱাৰা। ছোৱালীবোৰৰ লগত সহযোগ কৰা। চাং খোৱা আৰু ছোৱালীহঁতৰ লগত থাকি ধেমালি কৰা। অন্যথা তোমাক সিহঁতে নেৰে। আজিৰ এই অনুষ্ঠানটোৰ নাম 'ধুন চাং', ছোৱালীৰ অনুষ্ঠান। ইয়াত আমাৰ কোনো হাত নাই। সিহঁতে যি কয় আমি তাকেই মানিব লাগিব"।
'তে মৰো মই এতিয়া! ৰাতিৰ সময়। মই এখন অজান জনজাতি সমাজৰ মাজত -  তাতে গাভৰু ছোৱোলীৰ মাজত। মই বুজিলো `ৰিজার্ভড' হৈ আকোৰগোজ হৈ থাকিলে নচলিব। পৰিস্থিতিৰ লগত সহজ হৈ মিলি যোৱাই ভাল।

ঠিক আছে তেনেহলে, দিয়া চাং ঢালি দিয়া মোৰ পিয়লাত । আজি কিজানি ওমৰ  খৈয়ামৰ ৰুবায়ৎ গোৱাৰ সুযোগ মোৰও হৈছে -
-"আজিয়েই দিয়া কালিলৈ কিয়।
কোনে জানে মোৰ কালি কি হব"।-
লগে লগে ছোৱালীকেইজনীৰ মুঠি ঢিলা হৈ গ'ল। জোৰ কৰি চাং দিয়া বন্ধ হৈ গ'ল ।  মই নিজেই হাতত পিয়লা ল'লো। এটা খেলত জিকি যোৱা যেন দুষ্টালিৰ হাঁহি মুখত বিৰিঙাই ছোৱালী কেইজনীয়ে মোক এৰি দিলে।

মাজনিশাৰ সময় হ'ল। পাৰ্টি তেতিয়া শীৰ্ষত উঠিছে। ল'ৰা ছোৱালীবোৰ বহাৰ পৰা  উঠি  ঘৰটোৰ মাজ মজিয়ালৈ গৈছে। লাৰা-ছোৱলীয়ে ইটোৱে সিটোৰ ককালত ধৰি ঘূৰি ঘূৰি বৃত্তাকাৰে নাচিছে আৰু গাইছে -
"চাং এ চিৰিং এ-" আমাৰ চাহ বাগিচাৰ ঝুমুৰ নাচৰ দৰেই।
হঠাৎ মোৰ ককালত হাতখন মেৰিয়াই এজনী ছোৱালীয়ে মোক টানি লৈ আনিলে  মজিয়ালৈ ।
"আৰে, মোক ক'লৈ টানিছা ' ময়ো নাচিব লাগে ? ঠিক আছে। ময়ো নাচিম"।
মোৰ ককালত দুজনী ছোৱালীয়ে দুফালৰ পৰা ধৰিলে আৰু বৃত্তত ময়ো এটা অংশ হৈ  নাচিবলৈ ধৰিলো।

ৰাতিৰ গভীৰতালৈ লক্ষ্য কাৰো নাছিল, কোনেও দেখোন ৰব নোখোজে। সবকে  নাচিবলৈ আৰু গাবলৈ লাগে। বাহ ৰে, কি মুক্ত উন্মত্ত জীৱন! জীৱনৰ ৰং উপভোগ কৰিছো পূৰা মাত্রাই।

চাঙৰ নিচা আৰু নাচৰ তাল লাহে লাহে তীব্র হব ধৰিলে- ঘৰৰ চাৰি বেৰ মোৰ চকুৰ  আগৰ পৰা বিলীন হৈ গ'ল ডিৰাঙৰ পাৰৰ হেজাৰ হেজাৰ ৰঙ্গীন ফুলৰ মাজত সেই পৰীৰ ৰাজ্যত!

মোক কোনে কেতিয়া বিহাৰত থৈ গ'লহি কব নোৱাৰো। বোধকৰো  চাংৰ নিচাত মই  ঢলি গৈছিলো। পিছদিনা পুৱা সাৰ পাইহে দেখো, মই আগদিনা পিন্ধা সাজতেই আছো। এটা সুন্দৰ সপোনৰ পৰা যেন সাৰ পাই গ'লো !

চকুৰ আঁতৰত

১৯৭৫ চন। ডিচেম্বৰ মাহ। ব'মডিলাত হাড় কপোৱা জাৰ। দিনতে কঁপি থাকিব লাগে।  মাজে মাজে বৰফ পৰিছে।
সুৰক্ষা সম্বন্ধীয় বিশেষ এটা কথা লৈ মিলিটেৰী ইউনিট এটাৰ লগত আলোচনা  কৰিবলৈ মই আৰু ডা: বৰা যাব লগীয়া হ'ল। মিলিটেৰী বিষয়া এজনে আমাক নিৰ্দেশনা দি লৈ গ'ল।
পাহাৰৰ মাজৰ অকোৱা পকোৱাকৈ কেনি নিলে একো ধৰিবই নোৱাৰিলো। এটা সৰু  লুং-লুঙীয়া বাটেৰে গৈ পাহাৰৰ গাত সৰু প্রৱেশ পথ এটা পালো। ৰহস্য কাহিনীৰ কিতাপত কোনোবা গুপ্ত গুহাৰ দুৱাৰ খোলাৰ দৰেই নিঃশব্দে দুৱাৰ  খোল খালে। সদায়
সন্মুখেৰে অহা -যোৱা কৰিলেও বাহিৰৰ পৰা ধৰিবই নোৱাৰি যে ঘাঁহ বন গজি ঢাক খাই থকা পাহাৰৰ গাত এখন দুৱাৰ লুকাই আছে।আমি সোমোৱাৰ পিছত দুৱাৰখন বন্ধ কৰি দিয়া হ'ল। কম পোহৰত চকুকেইটা সজ হবলৈ কিছুক্ষণ দি অলপ আগবাঢ়ি
গলো- সন্মুখত এটা আর্মিৰ বাংকাৰ।  মই আগতে কেতিয়াও বাংকাৰৰ ভিতৰত সোমোৱা নাছিলো। পাহাৰৰ গাত আৰু মাটিৰ
তলত সকলো সা -সুবিধা থকা এটা আহল বহল আৰামদায়ক আবাস স্থান। ভিতৰত  অফিচাৰৰ ৰুম, ডাইনিং ৰুম, টয়লেট, কনফাৰেন্স ৰুম যুদ্ধৰ সা -সঁজুলি, আৰু আন সা -সুবিধাৰ সৈতে ইলেক্ট্রিচিটি’, ‘টেলিফোন’, ‘ৰানিং ওৱাটাৰ’, ৰন্ধা বঢ়াৰ যোগাৰ
সকলো আছে। ইয়াৰ সাজ সজ্জা আৰু সুবিধা দেখি ক'বই নোৱাৰি যে আমি এটা পাহাৰৰ ভিতৰত মাটিৰ তলত সোমাই আছো।
আমাক আলোচনা কক্ষতে বহিবলৈ দিয়াৰ কিছু পিছত কেইবাজনো অফিচাৰ   আহি  আমাৰ লগত চিনাকি হ'লহি। আলোচনা কক্ষটোত আমাৰ সতে দহজনমান অফিচাৰৰ মাজত আলোচনা আৰম্ভ হ'ল।  বহুত ক্ষেত্রত আমি চিভিল স্টাফে আর্মিৰ লগত আপচ-মীমাংসা কৰিব লগা হয়। মোৰ দায়িত্বই বেছি আছিল। আর্মিত মৃত্যু হোৱা শ'বোৰৰ মই প্রায়ে `'ষ্ট-মৰ্টেম' কৰিব লগা হৈছিল। বহুত `'ৰ্ট-মাৰ্চিয়েলো' এটেণ্ড কৰিছিলো। চৰকাৰী দায়িত্ব আৰু আইন সম্পর্কৰ ওপৰিও আমি এটা ব্যক্তিগত আৰু সৌহৃদ্যমূলক সম্পর্কও ৰাখিছিলো।
ইতিমধ্যে লঘূ আহাৰৰ সময় হোৱাত আমাক মেছলৈ লৈ যোৱা গ'ল। নাস্তা আৰু  ড্রিংক আৰম্ভ হ'ল। গধূলি সময়কন বৰ সুন্দৰভাবে উপভোগ কৰি কটাই এঘন্টামানৰ পিছত আমি বিদায় ল'লো। আমাক এজন অফিচাৰে আগবঢ়াই গুপ্ত দুৱাৰৰ
বাহিৰলৈকে থৈ গ'ল। 

আমাৰ সুৰক্ষাৰ, বাবে আমাৰ সন্মুখত থাকিও আমাৰ অজ্ঞাতে কোনোবাই যে অবিৰাম
সতৰ্ক হৈ কাম কৰি আছে জানিয়েই মনটো ভাল লাগিল।

যাংমু

তিব্বতীয়ান মানুহজনীৰ নাম `যাংমু', কিন্তু মানুহে তাইকো ইন্দিৰা বুলিহে মাতে।
'মডিলা বজাৰত `যাংমু'ৰ দোকান আৰু  কাষতে ঘৰটো। চামৰাৰে বনোৱা জোতা  বেগ আদিৰে তাইৰ দোকানৰ খলপাবোৰ ভৰি থাকে। সামগ্ৰীবোৰৰ মান বেছ উচ্চ। আমি প্ৰায়েই তাইৰ দোকানৰ পৰা আমাৰ লাগতিয়াল বস্তু কিনি আনিছিলো।ইন্দিৰাৰ
গিৰিয়েকে ঠিকাৰ ব্যৱসায় কৰিছিল। দেখাত তেঁওলোকৰ ব্যৱসায় ভালেই আছিল।  ইন্দিৰাৰ ঘৰলৈ গ'লে আমাক বৰ আদৰ সাদৰ কৰি মাতি নিছিল।

এদিন ইন্দিৰা হস্পিতেললৈ আহিছিল। কিবা অসুখ হোৱা বুলি দেখুৱাবলৈ। ঔষধ পাতি  নি খাইছিলগৈ। তাৰ পিছত ইন্দিৰাৰ লগত দেখা সাক্ষাত হোৱা নাছিল। এবাৰ ইন্দিৰাৰ দোকানলৈ যাঁওতে গিৰিয়েকে ক'লে -ইন্দিৰাৰ অসুখ ভাল হোৱা নাই। তাই বেছিভাগ সময় বিছনাতে থাকে। ডাক্তৰি ঔষধে কাম কৰা নাই। গতিকে তিব্বতীয়ান নিয়ম মতে `লামা' আনি পূজা কৰিব লাগিব। কিন্তু তিব্বতীয়ান পূজা বৰ
ব্যয় সাপেক্ষ কাম। বহুত খৰচ হয়। লামাকো বহুত টকা দিব লাগে। চিন্তা কৰি  আছে।পইচাৰো যোগাৰ কৰিব লাগে।

কিছুদিন পিছত ইন্দিৰাৰ খবৰ কৰিবলৈ গ'লো। ঘৰত সোমাই দেখিলো ঘৰৰ ভিতৰে  বাহিৰে অসংখ্য চাকি জ্বলি আছে। এহেজাৰ চাকিৰ পূজা। শাৰী শাৰী কৰি বিশুদ্ধ ঘিউৰ চাকি। থাক থাক কৰি সজাই সজাই দিনে নিশাই কেইবাদিনো ধৰি জ্বলাই
আছে। ভিতৰত কেইজনমান লামাই তিব্বতীয়ান মন্ত্ৰ উচ্চাৰণ কৰি পূজা কৰি আছে - 
`ঔম মানে প্ৰেমে,ঔম মানে প্ৰেমে'
কেইবাদিনো ধৰি চলা পুজাৰ অন্ত পৰিল। গিৰিয়েকৰ ঠিকাৰ ব্যৱসায়ত ব্যাঘাত হ'ল। ইন্দিৰাৰ দোকানৰ বিক্ৰী বন্ধ ৰখা হ'ল।পুজাৰ সামগ্ৰীত অনেক পইচা খৰছ হ'ল। লামাকো বহুত পইচা দিব লগা হ'ল। গোটেই পৰিয়ালটো ধাৰৰ বোজাত পোত গ'ল।

কোনো উৎসবত মনপাৰ সমাবেশ 
 আলোকচিত্র- ক্রিসট্ফ ফন ফ্যুৰা হাইমেনডৰ্ফ 
  “স্কুল অৱ অৰিয়েন্টেল এন্ড আফ্রিকান স্টাডীজ”

এদিন শুনিলো -ইন্দিৰা একেবাৰে শয্যাশায়ী। পিছত জীৱনৰ বন্তিও নুমাই থাকিল।  ইন্দিৰা গ'লগৈ। লগত লৈ গ'ল ইন্দিৰাৰ ব্যৱসায়, গিৰিয়েকৰ ঠিকাৰ ব্যৱসায়।কিছুদিন পিছত শুনিলো - ধাৰৰ বোজা পৰিশোধ কৰিবলৈ গিৰিয়েকে ঘৰ বাৰী সম্পত্তি সকলো
বেচিব লগা হ'ল।ইয়াৰ পিছত ইন্দিৰাৰ ব্যৱসায় প্ৰতিস্থানৰ ফালে যাবলৈ মোৰ সাহস  নোহোৱা হ'ল।
পৰবৰ্তী সময়ত ব'মডিলাত থকা সময়ছোৱাত ইন্দিৰাৰ পৰিয়ালৰ কাকো পুনৰ  'মডিলাত দেখা নাপালো।

আকৌ শাংতি

কিছু বছৰৰ পিছত শাংতিলৈ আকৌ এবাৰ যাব লগা হ'ল। এইবাৰ গাঁৱৰ কিছু  পৰিবৰ্তন দেখিলো। আগৰ `মেৰিনো' ভেৰা পলা ফার্মখন আৰু নাই। তাৰ সলনি নতুনকৈ আপেলৰ বাগিচা এখন  কৰিলে। বহুত আপেল আছে। বজাৰত আপেল দেখিলে খোৱাৰ হেঁপাহ হয়। বাগিচাৰ মাজত  সোমালে চাৰিওফালে আপেল দেখি সেই  ইচ্ছা নাইকিয়া হৈ যায়। 
নদীখনৰ পাৰত ৰঙীন বনফুলৰ দীঘল দীঘল লানিবোৰ আজিও আছে। শাংতিৰ মনোৰম নিৰিবিলি পৰিবেশত এটা স্বপ্নিল অলৌকিকতা আছে যি মনতো প্রসন্ন ভাবেৰে ভৰাই দিয়ে।



শাংতি গাঁও
নিজৰাৰ পাৰত কোনোবা মনপা’ৰ ঘৰ আৰু  সিপাৰে ধানৰ পথাৰ-

এদিন শাংতি গাঁৰৰ সন্মুখত এটা বিয়াৰ সমদল ওলোৱা দেখিলো। কইনাজনীয়ে এখন  ৰঙীন কাপোৰৰ ধাৰ্মিক পতকা কাঠি এদালেৰে হাতত লৈ খোজ কাঢ়ি নিজৰ গাঁৱৰ পৰা দৰাৰ গাঁৱলৈ গৈছে । লগত থকা পৰিয়ালবর্গ আৰু গাঁৱৰ অন্য মানুহৰ দলটোৱে মৃদু
সুৰেৰে মন্ত্র গাই গাই লগে লগে খোজ দিছে। সমস্বৰে গোৱা এই বৌদ্ধিক মন্ত্রবোৰে  এটা ডাঠ গুঞ্জন তুলি দিয়ে। বিয়াৰ কিছুদিন আগৰে পৰাই দৰা আৰু কইনা একেলগে সহবাস কৰে। এইখিনি সময়তে কইনাজনী গর্ভবতী হৈ এটা সন্তানৰ জন্ম দিব লাগিব।
তেতিয়াহে তাই বিয়াৰ উপযোগী বুলি বিবেচিত হ'ব। নহলে বিয়া নহ'ব।'মডিলাৰ ওচৰতে এখন বস্তিত এবাৰ এজনী স্কুলীয়া মনপা ছোৱালী লগ পাইছিলো। কিছু বছৰৰ পিছত হঠাৎ এদিন তাইকো ট্রাক এখনত দেখি আচৰিত হঁওতে তাই ক'লে ট্রাকখন হেনু তাইৰেই, কিনি লৈ এতিয়া ট্রান্সপৰ্টেচনৰ ব্যৱসায় চলাইছে।    

শাংতি গাঁৱৰ মেৰিনো ভেৰাৰ ফাৰ্ম
আলোকচিত্র- ক্রিসট্ফ ফন ফ্যুৰা হাইমেনডৰ্ফ
“স্কুল অৱ অৰিয়েন্টেল এন্ড আফ্রিকান স্টাডীজ”

শাংতিত গাঁৱত আৰু এজনী ছোৱালী দেখা পাইছিলো। মোক কোৱা মতে তাইৰ দেউতাক কোনাবা এটা অসমীয়া মানুহ আছিল। তাইৰ জন্মৰ আগতেই তেওঁ শাংতি এৰি কৰবালৈ গুছি গৈছিল। অসমীয়া বাপেকৰ চেহেৰা ছোৱালীজনীৰ মুখত দেখা পাওঁ নেকি বুলি তাইলৈ ঘূৰি ঘূৰি চাইছিলো। তেৰ কি চৈধ্য বছৰীয়া মৰমলগা ছোৱালীজনী ইয়াত মন্পাবিলাকৰ মাজত গাঁৱত ঘুৰি ফুৰিছে। অসমত হোৱা হ'লে তাই এতিয়া হাই স্কুললৈ গ'লহেঁতেন।
অবশ্যে তাই তাত অবৈধ বুলি এটা নাম পালে হেতেন, কিন্তু ইয়াত তাই মন্পাহঁতৰে মাজৰ, সিঁহতৰৰেই নিজৰ এজনী।
এবাৰ তাইৰ মাককো লগ পাইছিলো। মাকে মোক কৈছিল -মনপা সমাজত কোনোবা অবিবাহিত ছোৱলী মাক হ'লে তাইৰ কেচুৱাটোক ফকিৰে দিয়া বুলি কয়। সেই সন্তানটোৱে আন ল'ৰা-ছোৱলীৰ দৰেই সমাজত স্থান পায়। মনপা সমাজত অবৈধ সন্তান বুলি কোনো বস্তু নাই। -মন্পাসকলৰ বাবে শিশু এটা সদায়ে নিষ্পাপ হয়।
চাকিগছাৰ শলিতা যিহৰেই নহওক, তাৰ পৰা ওলোৱা বন্তি-শীখাই সদায় পোহৰেই বিলায়।
 মনপা লৰা ছোৱালী
 আলোকচিত্র- ক্রিসট্ফ ফন ফ্যুৰা হাইমেনডৰ্ফ 
“স্কুল অৱ অৰিয়েন্টেল এন্ড আফ্রিকান স্টাডীজ”
 
ডিৰাঙত কিন্তু বেছ কিছু আপেল খাইছিলো। বিভিন্ন প্রজাতিৰ আপেল। চৰকাৰী  আপেলৰ বাগিচাৰ ওপৰিও অনেক ব্যক্তিগত `আপেল অৰ্সাৰড্' আছে।
শাংতি গাঁওখন বেছ ডাঙৰ । সুন্দৰ পৰিস্কাৰ পৰিচন্নকৈ ৰখা আৰু অতি সংযত। গাঁৱৰ নিচেই কাষেদি নদীখন বৈ গৈছে। বহুতো সৰু বৰ শিলেৰে ভৰা। নদীখন বেছি ভাগত বাম যদিও মাজে মাজে দ'। কাষতে থকা পথাৰত গাঁৱৰ মানুহে তাত ধানখেতি কাৰে।

মই শাংতিলৈ যাঁওতে শীতকালীন সময় আছিল। প্রত্যেক বছৰেই এই সময়ছোৱাত শাংতিলৈ পৰিভ্রমী চৰাইবোৰ আহে। পথাৰত এজাক শীতকালিৰ পখী চৰি ফুৰা মইও দেখা পাইছিলো। ডাঙৰ চৰাই। আমাৰ বৰটোকোলাটোৰ সমান। সমপূৰ্ণকৈ বগা। গাঁৱলৈ অহা পৰিভ্রমী চৰাইবোৰ ধৰা বা মৰা নিষেধ। গাঁবৰ ৰাইজে নিজেই কাঢ়া নিয়ম  কৰি দিছে। চৰাই ধৰি অনিষ্ট কৰিলে তেতিয়াৰ সময়ত দণ্ড আছিল পঞ্চাশ টকা।
এইয়া ১৯৭৫ চনৰ কথা।

এদিন দেখিলো - গাঁৱৰ মানুহে নদীত মাছ ধৰিবলৈ আঁচনি লৈছে। তেঁওলোকৰ মাছ  ধৰাৰ এটা অভিনব কৌশল আছে। গাঁৱৰ মানুহে লগ লাগি নদীৰ শিলবোৰ গোটাই নদীৰ ইটো পাৰৰ পৰা সিটোপাৰ লৈ এটা দীঘল বান্ধ দিয়ে। দেখাত ৰামে সাগৰত বন্ধা এটা সৰুসুৰা সেতুৰ দৰেই। বান্ধটোৰ নামনিত পানী শুকাই যায়।  নদীৰ বুকৰ সৰু সৰু পানী ডোঙাবোৰত বান্ধ খোৱা মাছ বোৰ  যেয়ে যিমান পাৰে ধৰি বান্ধটো আকৌ খুলি দিয়ে। নদীখন আগৰ দৰেই বৈ যায়, প্রাকৃতিক বাতাবৰনক অকনো অনিষ্ট নকৰাকৈ ।

মনপা মানুহৰ মাজত আৰু এটা নিয়ম দেখিলো। মানুহ মৰিলে নদীৰ পাৰত নি শ'টো  এশ এটা টুকুৰা কৰি কাটি পানীত উটাই দিয়ে নদীৰ মাছে খাবলৈ।
সেয়ে ডিৰাঙৰ ফালে 'মানুহে শ উটোৱা নদীৰ মাছ নাখায়। 

No comments: