Sunday, March 16, 2014

Chapter II - Public Health Unit, Cyantazo



ডঃ পালৰ চৰকাৰী আবাসগৃহ

চিয়াংতাজুৰ `হেড কোৰ্ৱাটাৰ' পাবলৈ কিছুদূৰ থাকোতেই এটা বাংণী ল'ৰা দৌৰি আহি আমাৰ সন্মুখত ৰ'লহি। তাৰ হাতত কেটলি এটা আৰু কাপ কেইটামান। তাৰ নাম চাংখে কিলো। মানে সি কিলো বস্তিৰ লোক। আমি হেড কোৱাৰ্টাৰৰ ওচৰ পোৱাৰ খবৰ পাই চিয়াংতাজুৰ মেডিকেল অফিচাৰ ডাঃ কনকৰঞ্জন পালে আমাৰ কাৰণে `হেল্থ ইউনিট'ৰ পিয়ন চাংখেৰ হাতত আমাৰ কাৰণে চাহ কৰি পঠাই দিছে। বৰ ভাল লাগিল। উষ্ম আদৰণি পালোৱেই। মাটিৰ ওপৰতে বহি একাপ গৰম চাহ খাই ললো। ল'ৰাটো আকৌ দৌৰি উলটি গ'ল।
আমি চিয়াংতাজুৰ সীমা সোমোৱাৰ লগে লগে `চিভিলিয়ান স্টাফ'ৰ বহুতে আমাক আদৰিবলৈ ওলাই আহিল। ডঃ পালৰ লগত চিনাকি হলো। তেওঁ আমাক আগবঢ়াই তেওঁৰ চৰকাৰী বাসগৃহলৈ লৈ গ'ল।
চৰকাৰী আবাসগৃহ বুলি কলে শুনিবলৈ ভাল লাগে, যেন এইটো এটা প্রকাণ্ড সু-সজ্জিত খুব আৰামদায়ক অনেক লগুৱাই আল-পৈচান ধৰা বাংলো'। কিন্তু বাস্তবতে ইয়াৰ ওলোটা। অৰুণাচলৰ পাহাৰৰ মাজত চুক এটাত সজোৱা বাঁহৰ একেবাৰে অস্থায়ী ঘৰ এটা। হয়তো চীনা আক্রমনৰ আগতেই সজোৱা। ছালত বাঁহৰ কামিৰে দিয়া চালি। প্রতি বছৰে বাঁহবোৰ পচি যায় আৰু বৰষুণৰ পানী নপৰিবৰ কাৰণে আৰু এটৰপ বা দুটৰপ বাঁহৰ কামি জাপি দিয়ে। ছালখনত কিমান টৰপ বাঁহৰ কামি আছে নেজানো। কিজানি কোনোবা এদিন ছালৰ ভৰতে ঘৰটো মাটিত সমান হৈ যাব।
ঘৰটোৰ মজিয়াখন কেঁচা, সেমেকা মাটিৰ। বেৰবোৰ মাটিৰে লিপা আৰু ভেঁকুৰা। ভিতৰখন আন্ধাৰ। পায়খানাটো বাহিৰত বাঁহৰ কামিৰে বেৰ দিয়া তললৈ দ' কৈ খন্দা গাঁত এটাৰ ওপৰত। বাথৰুমৰ অৱস্থাও একেই। ঘৰৰ ভিতৰত দুখন কাঠৰ বিছনা আছে। তাৰ এখনত মই বিছনা পাৰি শুইছিলো। সৰু ৰান্ধনি ঘৰটো অলপ সুকীয়াকৈ সজা। এটা বাঁহৰ চালিৰ বাৰান্দাই দুইটা ঘৰক লগ লগাইছে। ৰগম নামৰ নেপালী পিয়ন ল'ৰাটোৱে ৰন্ধাবঢ়াও কৰে। চৰকাৰী চার্ভে ৰিপৰ্ট মতে ঘৰটো বাসৰ উপযোগী নহয়। মানুহ থকাতো বিপদজনক। ঘৰটো অতি সোনকালে ভাঙি পেলাব লাগে। ৰাতি বতাহ আহিলে ঘৰটো ভাঙি হেঁচা মাৰি ধৰাৰ ভয়। এয়ে হ'ল ডাক্তৰৰ চৰকাৰী বাসস্থান।

পায়খানাৰ ওচৰত এটা চেপ্টিক টেংক আছিল। এটা বৰ দ' কৈ খন্দা ডাঙৰ গাঁত। ঘাঁহ বন গজি ঢাক খাই আছিল। এদিন এজনী গাই গৰু সেইফালে ঘাঁহ খাই চৰি থাকোতে সেই গাঁতটোত পৰি গ'ল। গাঁতৰ পৰা উঠিব নোৱাৰি বেচেৰী গৰুজনী পানীত কক বকাই উশাহ নেপাই মৰি থাকিল। পিছত বাংণী মানুহ কেইটামান আহি গাঁতৰ পৰা মৰা গৰুজনী টানি মেলি উঠাই নি কাটি খাই পেলালে।


ডাঃ কে চি পালৰ পৰা মই চিয়াংতাজু `হেল্থ ইউনিট'ৰ কাৰ্য্যভাৰ লোৱাৰ আগলৈকে ঘটনা প্রবাহ কি আছিল পাহৰিছো। মাত্র`এক্সট্রা এচিচষ্টেণ্ট কমিছনাৰ' মিঃ চি এম্ব্রছৰ `অফিচিয়েল ৰেজিডেন্স'ত হোৱা মোৰ `ৱেলকাম পাৰ্টি'টোৰ কথাহে মনত আছে। মোৰ `ৱেলকাম পাৰ্টি' নে ডাঃ পালৰ `ফেয়াৰৱেল পাৰ্টি' সন্দেহ থাকি গ'ল। মিঃ এম্ব্রছ আছিল বার্মিজ মানুহ। দ্বিতীয় মহাযুদ্ধৰ সময়ত বার্মাৰ পৰা পলাই আহি শ্বিলঙত এজনী খাচীয়া তিৰোতাৰ লগত আছিলহি। মানুহজনীৰ এজনী জীয়েকো আছিল। তেঁও ভাৰত চৰকাৰৰ তলত কেনেকৈ চাকৰি কৰিছিল নেজানো। মাজে মাজে খাছী মানুহজনী জীয়েকৰ সৈতে চিয়াংতাজুত মিঃ এমব্রছৰ লগত আহি আছিলহি। জীয়েকজনী আহি থাকিলে ডাঃ পালৰ গ্রুপটো মিঃ এমব্রছৰ ঘৰলৈ সঘনে যোৱা কৰিছিল। মই জইন কৰাৰ পিছত অৱশ্যে কেতিয়াও অহা নাছিল।
এই মিঃ এমব্রছৰ ঘৰলৈকে মই ডাঃ পালৰ লগত `ৱেলকাম' আৰু `ফেয়াৰৱেল' পাৰ্টি'লৈ গৈছিলো। খোৱা বোৱা বোৰ ভালেই আছিল। `ৱেলকাম এড্রেছ'ৰ উত্তৰত মই কিবা কৈছিলো। কিন্তু কি কৈছিলো মনত নাই। `ফেয়াৰৱেল পাৰ্টি'ৰ পিছত ডাঃ পাল চিয়াংতাজু এৰি গৈছিলগৈ।
পাহাৰৰ টিলাটোৰ ওপৰত মোৰ `হেলথ ইউনিট'টো এটা কাঠৰ চাং-বঙলা। ওপৰৰ চালখনৰ বাহিৰে বাকী সম্পূৰ্ণ কাঠেৰে তৈয়াৰী। এটা ৰোগী ৰখা কোঠাৰ লগতে আৰু এটা ৰোগী চোৱাৰ কোঠাও আছিল। `টয়লেট'ৰ ব্যৱস্থা নাই বাবে নিজেই অস্থায়ীভাৱে মই তাৰ ব্যৱস্থা কৰি ল'ব লগা হৈছিল।
`হেলথ ইডনিটটো'ৰ `স্টাফ'টোত মই একমাত্র ডাক্তৰ, একোজনকৈ `ফার্মাচিষ্ট', `নাৰ্চিং এছিচটেণ্ট, হেল্থ এছিচটেণ্ট আৰু এজন `ফিল্ড ৱর্কাৰৰ `হৈতে তিনিজন `স্মল পক্স ইৰাডিকেশন'ৰ কৰ্মী আছিল।
পুৱা ন'মান বজাত মই হেল্থ ইউনিটলৈ ওলাই যাওঁ। অহা ৰোগীবোৰ বেচিভাগেই বাংণী জনজাতিৰ লোক।
প্রথমে মই বাংণী দোৱান বুজি পোৱা নাছিলো। কোনোবা এটাই আহি মধ্যস্থতা কৰি দিয়ে। লাহে লাহে দুটা এটা কৰি শব্দ শিকি ল'লো। কিছু পিছলৈ অৱশ্যে ভালকৈয়ে যোগাযোগ কৰিব পৰা হলো।
যেনে - "মিং মিং হ'গ" - মানে তোৰ নাম কি?
"হ'গ আসিপা" - তোৰ কষ্ট কি হৈছে?
"'হ'গ নিব"- তই কোন বস্তিৰ? "
আছিং দ'ত"- ভাত খাইছনে?
"কিপ আসি"-পেট বিষ হৈছে।
"আসিকাদা য়ে" - পানী পানী পায়খানা হৈছে।
"যাংত" -যা।
এতিয়া মই প্রায় পাহৰিছো।
কেতিয়াবা বাংণীবোৰে মুখত পাইপ লৈ আহে। স্থানীয় ধপাতবোৰ ভীষণ বেয়া গোন্ধায়। মই অকনো সহ্য কৰিব নোৱাৰিছিলো আৰু তেনে ৰোগী আহিলে তাক মই বাহিৰলৈ যাবলৈ কৈছিলো।
কেতিয়াবা মোক পতিয়ন নিয়াবলৈ বাংণীবোৰে সিহঁতৰ দা'খন মুখত কামুৰি দেখুৱায়। এইটো এটা গুৰুত্বপূর্ণ সংকেত। মানে তাৰ শপত। মই বিশ্বাস কৰিবই লাগিব। মোৰ আগৰ ডাক্তৰ, ডাঃ পালে শিকাই দিছিল - কোনোবা বাংণীয়ে যদিহে বেছি কথা কয় আৰু উগ্র হৈ পৰে, দা'খন তাৰ হাতৰ পৰা কাঢ়ি ল'ব লাগে। তেতিয়া সি অসহায় হৈ পৰে আৰু তাক তেতিয়া কাবু কৰিব পাৰি।
কিন্তু মেকুৰীৰ ডিঙিত টিলিঙা পিন্ধোৱাটো সিমান সহজ নহয়।

হেল্থ ইউনিট'ৰ `মেডিকেল অফিচাৰ ইনচাৰ্জ' হৈ কাম কৰিবলৈ আৰম্ভ কৰিলো। চিয়াংতাজু অঞ্চলটোত উঠৰ-উনৈশ খনমান গাঁও আছিল। গাঁওবোৰলৈ চিয়াংতাজু `হেড কোৱাৰ্টাৰ'ৰ পৰা চাৰি পাঁচদিন খোজ কাঢ়ি যাব লাগে। নিচেই ওচৰৰ গাঁও খনো সাত ঘণ্টা খোজ কাঢ়ি যোৱাৰ বাট। মই `হেড কোৱাৰ্টাৰ'ত মাহৰ পোন্ধৰদিন থাকিব লাগে,বাকী পোন্ধৰদিন গাঁৱত `মেডিকেল এইড' দি `ট্যুৰ' কৰিব লাগে।
মই চিয়াংতাজুত দুই বছৰ ছয় মাহ আছিলো।


 চেপ্পা `হেড কোৱাৰ্টাৰ'লৈ নামি আহিলো


প্রায় সাত মাহ মান চিয়াংতাজুত থকাৰ পিছত প্রথমবাৰ মই চেপ্পা `হেড কোৱাৰ্টাৰ'লৈ নামি আহিছিলো। `আউট-প'ষ্ট'ৰ পৰা `হেড কোৱাৰ্টাৰ'লৈ অহাটো নামি অহা বুলি কয় আৰু ঘুৰি যোৱাটো ওপৰলৈ উঠি যোৱা বুলি কয়। অৱশ্যে `হেড কোৱাৰ্টাৰৰ পৰা আতঁৰত থকা `আউট-প'ষ্ট' আটাইবোৰেই উচ্চ পাহাৰত অৱস্থিত। বোধকৰো মই দৰমহা লবলৈকে আহিছিলো। তিনিদিন খোজ কাঢ়ি আহি চতুর্থদিনা আবেলি চেপ্পাৰ পৰিসীমাত সোমালো। চকুত পৰিল শাৰী শাৰী টিন পাতৰ ঘৰবোৰ। মুখৰ পৰা ওলাই আহিল-
"ইমান ঘৰ"!
মই নিজেই অবাক হলো। মই কি উচ্ছাৰণ কৰিলো ? মোৰ মনৰ পতিক্রিয়াটো পিছতহে বুজি পালো । চিয়াংতাজু ক'ত? পাহাৰৰ মাজত অনেক দূৰত ভিতৰোৱা অঞ্চলত এটা `আউট প'ষ্ট'। এটা প্রাকৃতিক কাৰাগাৰত সাত মাহ থাকি মই বাহিৰৰ জগতৰ লগত সন্পূৰ্ণ যোগাযোগ হেৰুৱাই পেলাইছো। মোৰ মানসিক জগতত চিয়াংতাজুৰ কেইটামান ঘৰ আৰু মাত্র কেইজনমান মানুহৰ এখন সমাজ। এই ছবিখন লৈয়ে মই ইমান দিন চিয়াংতাজুৰ জগতত আছিলো।
এতিয়া চকুৰ আগত হঠাতে চেপ্পাত বহুত ঘৰ দেখি মুখেৰে ওলাই গ'ল প্রতিক্রিয়াটো 
-'ইমান ঘৰ'।
হাপলি- এডমিনিস্ট্রেটিভ চেটেলমেন্টআলোকচিত্র- 
ক্রিসট্ফ ফন ফ্যুৰা হাইমেনডৰ্ফ
“স্কুল অৱ অৰিয়েন্টেল এন্ড আফ্রিকান স্টাডীজ”

চেপ্পাত নতুনকৈ ই `এ চি হেড কোৱাৰ্টাৰ' পাতিছে। নিৰ্মাণ কাজ চলি আছে, কিন্তু আঙুলিৰ মুৰত লিখিব পৰা বিল্ডিং কেইটামান। প্রায়বোৰেই কেঁচাঘৰ। বাঁহ কাঠৰ। টিনপাত লগোৱা ঘৰ মাত্র কেইটামান।এইবাৰ মই শ্বিলঙলৈ গৈছিলো। অৰুণাচল প্রদেশৰ অফিচ `ডাইৰেক্টৰ অৱ হেল্থ চাৰভিছেজ'লৈ কি কাৰণে আহিছিলো পাহৰিলো বোধকৰো চিয়াংতাজুলৈ আৰু ঘুৰি নোযোৱাৰ পৰিকল্পনা আছিল নেকি। অফিচত এই বিষয়ে আলোচনা কৰোতে বুজিলো চিয়াংতাজু এৰিলে মই চৰকাৰী বৃত্তিৰ ধন পইছা ঘুৰাই দিব লাগিব। প্রায় চল্লিশ হেজাৰ টকা ।
মই `বন্ড'ত চহী কৰি থোৱা আছে। ১৯৭২ চনত এইটো এটা বিৰাট সংখ্যাৰ টকা। মোৰ দৰমহা আছিল তিনিশ পঞ্চাচ টকা!  আৰু ভাবিবলৈ সাহস নহ'ল, চিয়াংতাজুলৈকে ঘূৰি যাব লাগিব।
ডাইৰেক্টৰ অৱ হেল্থ চাৰভিছেজ'ৰ প্রথম মহলাত ডাঃ ইলিয়াচ চাহাবৰ অফিচ।
একেটা ৰুমতে কাষৰ টেবুলখনত `ডেপুটি ডিৰেক্টৰ' ডাঃ থান্টলুলুংগা চাহাবৰ অফিচ। ডাঃ থান্টলুলুংগা মিজো মানুহ।  মই ইলিয়াচ চাহাবৰ টেবুললৈ গ'লো। `ভিজিটৰ'ৰ বাবে ৰখা চকীখনত বহি মোৰ কথা উলিয়ালো। মই ক'লো চিয়াংতাজুত মোৰ থাকিবলৈ কোৱাৰ্টাৰ নাই। যিটো আছে সিও পুৰণি, `চাৰ্ভে ৰিপৰ্টেড'। কেতিয়া ভাগি পৰে নেজানো।
ইলিয়াচ চাহাবে পোনেই সোধিলে - "হাও ডু ইউ জাস্টিফাই ইয়ৰ ভিজিত তু শ্বিলং’?  মানে মই কি `অথৰিটী'লৈ চিয়াংতাজু এৰি শ্বিলংলৈ আহিলো। "এইটো তোমাৰ এটা `আন- অথৰাইজদ্ এবচেন্ছ ফ্রম দি প্লেইছ অৱ প'ষ্টিং"!
মই এনে এটা জেৰাৰ কাৰণে প্রস্তুত নাছিলো।
মোক ধমকি দি ইলিয়াচ চাহাবে ডাঃ থান্টলুলুংগা চাহাবে নেদেখাকৈ চকুত টিপ মাৰি দি বুজাই দিলে এই ধমকি টো `ডি ডি এইছ এছ'ক দেখুৱাবলৈহে, আচলতে মোক একো নকৰে। তাৰ পিছত মোক ক'লে- `এস্টাব্লিছমেন্ট এফেয়াৰ' বোৰ `ডি ডি এইছ'ৰ অধীনত, গতিকে মই থান্টলুলুংগা চাহাবকহে কব লাগে। মই লগে লগে বহি থকাৰ পৰাই থান্টলুলুংগা চাহাবক কলো-
"চাৰ হোৱাট ছোদ আই দু"?
কথাষাৰ কোৱাৰ পিছতহে উপলব্ধি কৰিলো মই শিষ্টাচাৰ একেবাৰেই পাহৰি গলো। বাংণীৰ মাজত মই কোনো `মেনাৰ' বা `কালচাৰ' দেখা নাছিলো আৰু বাংণীৰ মাজত থাকি মইও সম্পুৰ্ণ ভাবে বাংণীৰ দৰেই হৈ গলো। এই সাত মাহত মই শিষ্টাচাৰহীন সাধাৰণ মানুহ হৈ পৰিলো আৰু নিজকে হেৰুৱাই পেলালো।
মোৰ এই জ্ঞান অহাৰ পিছতহে উঠি গৈ ভালকৈ কথা পাতিবলৈ ললো। এই সাত মাহত মোৰ মানসিক পৰিবৰ্ত্তন কি হৈ গ'ল মই একেবাৰে বৰ্ব্বৰ আদিম হৈ গ'লো।
পৰিবেশে কেনেকৈ মানসিক পৰিবৰ্ত্তন কৰে! 
ঘৰলৈ



কাকাৰ বিয়া। 

ঘৰলৈ যাবই লাগিব।

চেপ্পা পাবলৈ পাঁচদিন খোজ কাঢ়িব লাগিব,তাৰ পৰা তেজপুৰ এদিনৰ বাট। তেজপুৰৰ পৰা ঘৰলৈ আৰু এদিন। কতো নোৰোৱাকৈ যদিহে যাওঁ তেনেহলে সাতদিন পিছত ঘৰ পামগৈ। কিন্তু চেপ্পাত সদায়ে গাড়ী নাথাকে। গাড়ী মানে চি `পি ডব্লিউ ডি'ৰ সামগ্রী কঢ়িওৱা ট্রাক যি কেতিয়াবা সপ্তাহত এখন আহে। সংযোগ-বশত,যদিহে পাহাৰৰ মাটি খহি ৰাস্তা বন্ধ হয় তাৰো কোনো নিশ্চয়তা নাথাকে। মনে মনে পোন্ধৰ দিনৰ হিচাব এটা ধৰি ল'লো। মানে চিয়াংতাজুৰ পৰা খোজ কাঢ়ি ওলোৱাৰ দিনাৰ পৰা পোন্ধৰ দিনৰ পিছত ঘৰ পোৱাৰ আশা কৰিব পাৰো।
চিয়াংতাজুত ডাক্তৰ অকলে মই। জনজাতীয় মানুহৰ কথা বাদেই, চৰকাৰী কর্মচাৰী সকলোৱেও বিচাৰে যেন ডাক্তৰ সদায় তাতেই থাকিব লাগে। অন্যথা বেমাৰ আজাৰ হ'লে কোনে চাব? `চাবচিডিয়াৰী ইন্টেলিজেন্স ব্যিৰ' ৰ অসমীয়া কর্মচাৰী এজন আছিল। ভূঞা উপাধিৰ, নগাঁৱৰ মানুহ আৰু ইয়াত পৰিয়াল লৈ আছিল। ঘৈনীয়েক সেই সময়ত সন্তান সম্ভাবা। ময়ে চোৱা-মেলা কৰি আছো। তেওঁৰ প্রসবৰ দিন কাকাৰ বিয়াৰ লগত একেলগে পৰিছে। এইফালে মই বিয়ালৈ যাবলৈ পাং পাতিছো - সিফালে ভূঞাই বাপেক হোৱাৰ সপোন দেখিছে। কেনেবাকৈ ভূঞাই মই তললৈ নামি ঘৰলৈ যাবলৈ লোৱা কথাটো জানিবলৈ পালে।উধাতো খাই ভূঞা আহি মোৰ `পি,এইছ,ইউ' পালেহি। অনুৰোধ অভিযোগ সব কৰিলে। তেওঁৰ ঘৈনীয়েকক এই অৱস্থাত থৈ মই চিয়াংতাজু এৰিব নোৱাৰো। কি কৰো, দুই নাও দুই ভৰি। কোনোটোকে আওকান কৰিব নোৱাৰি। কি হব ভাবি পাৰ নোপোৱা হ'লো। মনে মনে ভগৱানক খাটিলো - ভূঞাৰ ঘৈনীয়েকৰ প্রসৱ যেন নিদিষ্ট দিনতকৈ আগতেই হয়। ভূঞাৰ ঘৈনীয়েকৰ ‘লেবাৰ পেইন’ নাহেহে নাহে।

বিয়ালৈ মাত্র এসপ্তাহ আছে। মই নিশ্চয় হৈ গলো যে সময়ত কোনোমতেই ঘৰ গৈ নাপাও। বিয়াৰ পিছত হে পামগৈ। তেতিয়ালৈকে মই ঘৰ পোৱাৰ কোনো উৎসাহেই নোহোৱা হ'ব।
পিছদিনা পুৱা ভূঞা আহি হাজিৰ। অসন্তোষ মনেৰে সুধিলো - `কিয় আহিছে'?
ভূঞাই কলে- `চাৰ কালি ৰাতিৰ পৰা মোৰ মানুহজনীৰ পেটৰ বিষ-হৈছে'।
"হয় নেকি"? মোৰ মুখত অলপীয়া হাঁহি এটা বিৰিঙিল।
"ব'লক চাবলৈ যাওঁ"। ভূঞাৰ ঘৰ পালোগৈ। ৰোগী চাই দেখো প্রসৱ বেদনা লক্ষণ ভালকৈয়ে দেখা দিছে। গধূলিলৈকে সন্তানটোৰ জন্ম হ'ল। মোৰ মূৰৰ পৰা এটা ডাঙৰ দায়িত্ব আঁতৰি গ'ল।
ভূঞাৰ ঘৰৰ পৰা আহিয়েই `পৰ্টাৰ' বিচাৰি `চার্কোল অফিচাৰ' মিঃ গেইটৰ ঘৰ পালো। পিছদিনা পুৱাই ওলাব লাগিব। হাতত সময় নায়েই। চিয়াংতাজু - চেপ্পা যাত্রাটোত পাঁচদিন ল'লে বিয়াৰ পিছদিনা ঘৰ পামগৈ। চেপ্পাত ট্রাক পালেই হয় আৰু!
কোৱাৰ্টাৰলৈ আহি ৰগমক মোৰ যাত্রাৰ কাৰনে ৰেচন পাতি ঠিক কৰিবলৈ ক'লো। পৰ্টাৰ পাঁচটা, ৰগম আৰু মই পাছদিনাৰ পুৱাৰ কাৰণে সাজু হলো। পুৱা হোৱাৰ লগে লগেই খাই বৈ খোজ কঢ়াৰ বাবে সাজপাৰ পিন্ধি, কোৱাৰ্টাৰৰ পৰা আমাৰ দলটোৰ সতে ওলাই আহিলো। মই ৰগমক লগত লৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰিলো। মোৰ মনত কেনেকৈ বিয়াৰ আগদিনা ঘৰ পাঁওগৈ সেই চিন্তাই তাগিদা দি আছে। প্রথমদিনা বেছকিছু দূৰত্ব অতিক্রম কৰিলো। দ্বিতীয় দিনা গতি আৰু বেছি হ'ল। পুৱাৰ পৰা গধূলিলৈকে প্রায় পঞ্চাচ কিঃমিঃ খোজ কাঢ়িলো। গধূলি কেম্প পাওঁতে আন্ধাৰ হ'ল। পৰ্টাৰবোৰে আপত্তি কৰিলে- সিহঁতে ইমান বেছি খোজ কাঢ়ি বোজা ব'ব নোৱাৰে।
সিহঁতৰ দোৱানত ক'লে - 'হাৰাং' মানুহে ইমান খোজ কাঢ়ে নেকি? আমি এনেকৈ নোৱাৰিম"।
মনে মনে মোৰ ভয় হ'ল- পৰ্টাৰ কেইটাই বোজাবোৰ পেলাই থৈ হাবিলৈ পলাই নগলেই হয়। বেছি তাগিদা পালে পৰ্টাৰবোৰে বোজা পেলাই থৈ হাবিলৈ পলাই যায় আৰু ঘূৰি নাহে। সিহঁতে যদি মোৰো বয়বস্তুবোৰ পেলাই থৈ পলাই যায় - মোৰ সকলো পণ্ড হ'ব। মই সিহঁতক আশ্বাস দিলো - ঠিক আছে, তৃতীয় দিনা মই লাহে লাহে খোজ কাঢ়িম। সিহঁত কেইটা মান্তি হ'ল আৰু শুবলৈ গ'ল।
পুৱা হোৱাৰ লগে লগে মই পৰ্টাৰ কেইটাক লগত একেলগে ওলালো। অনবৰত মনত চিন্তা লাগি থাকিল - ইঁহতে ৰাস্তাতে বোজাবোৰ পেলাই পলাই নাযায়তো ? মই সিহঁতক চকুৰ আগৰ পৰা আঁতৰিবলৈ নিদিয়াই হলো। আজি যদি কেনেবাকৈ চেপ্পা পাঁওগৈ মোৰ হাতত দুটা দিন বাচি থাকিব আৰু চেপ্পাত গাড়ী পালেহে বিয়াৰ আগদিনা ঘৰ পামগৈ।
মাজে মাজে মই বেগ বঢ়াই দিওঁ। এনেদৰে পৰ্টাৰ কেইটাক টানি টানি নি গধূলি পৰত চেপ্পাৰ ওচৰ পালোগৈ। পৰ্টাৰ কেইটাৰ অৱস্থা চাব নোৱাৰি। অত্যাধিক বোজা দি ঘোঁৰা চলালে যেনে হয় তেনে। ঘামি জামি ভাগৰত অলস হৈ কোনোমতে সিহঁতে খোজ দি দি আহি আছে। বেয়াও লাগিল, কিন্তু উপায়ো নাই। ৰগমৰ মুখতো মাত নোহোৱা হ'ল। আৰু মোৰো একেই অৱস্থা! একমাত্র মনৰ জোৰতেই মই আগলৈ ৰেলৰ ইঞ্জিনৰ দৰে ইহঁতক টানি টানি লৈ গৈ আছো।
অৱশেষত চতু্ৰ্থদিনা সন্ধিয়া চেপ্পা পালোগৈ।`আই বিৰ' বাৰান্দাতে ৰলোগৈ, `আই বি'ত ৰুম খালি আছেনে নাই নাজানো। পৰ্টাৰ কেইটাই `আই বি'ৰ বাৰান্দাতে বোজাবোৰ ধমচ্ ধমচ্ কৰি পেলাই মাটিত বাগৰি পৰি দিলে। ময়ো মাটিতে বহি পৰিলো।
কিছুপৰৰ পিছত গাত অলপ জোৰ অহাত পৰ্টাৰকেইটা উঠি থিয় হ'ল আৰু ভৱিষ্যতে মোৰ লগত কেতিয়াও নাহো বুলি শপত খাই ৰাতিটো ক'ৰবাত কটাবলৈ গুছি গ'ল। ৰগমক `আই বি'ত ৰুম আছেনে নাই খবৰ কৰিবলৈ কলো আৰু কোনোমতে ৰুম এটা পাই ৰাতিটো কটাবলৈ যোগাৰ কৰিলো। মোক খোৱা বোৱা দি ৰগম ক'ৰবাত শুবলৈ গ'ল।

পিছদিনা পুৱা খবৰ কৰি গম পালো - এখন ট্রাক সেইদিনা বানা লৈ যাব। ভাগ্য ভালে থাকিলে তেনেকৈয়ে বানাৰ পৰা তেজপুৰলৈ যাবৰ বাবে কিবা সুবিধা এটা পাম। দুপৰীয়া আহি বানা পালোহি। তাৰ পৰা ট্রাক এখনেৰে গধূলি চাৰদুৱাৰ পালোগৈ আৰু আকৌ এখন বেলেগ ট্রাকত উঠি ৰাতি দহটামান বজাত তেজপুৰ পালোহি। পিছদিনা তেজপুৰৰ পৰা ষ্টেট ট্রান্সপৰ্টৰ বাছেৰে আহি আবেলি ঘৰ পালোহি।

ইতিমধ্যে ঘৰত বিয়াৰ যোগাৰ আৰম্ভ হৈ গৈছে।
ঘৰ পাইহে মোৰ গাৰ বিষ আৰু ভাগৰ অনুভৱ হবলৈ ধৰিলে। জোতা মোজা খুলি দেখো - বাওঁ ভৰিৰ বুঢ়া আঙুলিৰ নখটো গোটেইটো কলা পৰিলে। বহুত দূৰ খুব বেগাই হাণ্টিং শ্বু পিন্ধি খোজ কাঢ়োতে অত্যাধিক জোৰ পৰি নখটো মৰি থাকিল।
আজিও মোৰ নখটো ভালকৈ নগজিল।

No comments: