“আলা আলা য়াংত ঐ”
অৰুনাচলৰ (তেতিয়াৰ
নেফা) জনজাতীয় অঞলত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ অভিজ্ঞতা,
এইয়া মোৰ কথা নহয়,
এইয়া মোৰ অগ্রজ ডাঃ গুনাৰাম ঢেকিয়াল ফুকনৰ যাত্রা নামেৰে পূৰ্বপ্রকাশিত
কিতাবখনত লিখিত কাহিনী- চৈধ্য বছৰ অৰুণাচলত হোৱা পাহৰিব নোৱাৰা কিছুমান অভিঞ্জতা।
ইয়াৰ লিখা কাহিনী,
অনুভুতি একোৱেই মোৰ নহয়।
মোৰ মাত্র পূ্ৰ্ব
লিখিত কিতাবখন কিছু ধাৰ কৰা ছবিৰে সচিত্রভাৱে পুনৰ প্রকাশ কৰাৰ এটা প্রচেষ্টা !
|
Chapter I - চিয়াংতাজু
চেপ্টেমবৰ,
২০১৩
যাত্রা কৰিছিলো মোৰ কর্মস্থান চিয়াংতাজুলৈ।
দৰং জিলাৰ চাৰদুৱাৰ। কোনো বাছ ষ্টেন্ড
নাই, বজাৰখনৰ ওচৰত ৰাস্তাৰ ওপৰতে বাছখন ৰখালে। ষ্টেট ট্ৰান্সপৰ্টৰ বাছৰ পৰা নামিলো।
মোৰ হ'ল্ড'অল আৰু ট্রাংকটো বাছৰ ওপৰত আছিল। নমাবলৈ কোনো নাই। মই নিজেই বাছখনৰ পিছফালে
থকা জখলা ডালেৰে বাছৰ ওপৰলৈ উঠি গ'লো। এটা এটাকৈ `হ'ল্ড-অল'টো আৰু `ট্রাংক'টো এখন হাতে
ধৰি জখলাৰে বগাই নমাই আনিলো।
অসম মেডিকেল কলেজত `ইন্টাৰ্নশ্বিপ' শেষ
কৰি অৰুণাচল প্রদেশত চাকৰিত যোগদান কৰিবলৈ আহিছো। `ষ্টেট ট্ৰান্সপৰ্ট'ৰ বাছৰ ওপৰলৈ
উঠি গৈ `পৰ্টা'ৰৰ দৰে লাগেজবোৰ নমাই আনোতে মেডিকেল কলেজত পঢ়ি থাকোতে মনত থকা 'ঈগ''ভাৱটোৰ
কথা মনলৈ বাৰে বাৰে আহিছিল। মই এতিয়া মুটিয়াৰ কাম কৰিছো আৰু হবলৈ গৈছো `মেডিকেল অফিচাৰ'।
মোৰ মনটো উৰি গ'ল অতীতলৈ।-
মেডিকেল কলেজত ‘এডমিশ্যন’ ল'লো। কিন্তু
পঢ়িবলৈ লগা টকা পইচাৰ যোগাৰৰ কোনো উপায় দেখা নাপালো। নীলমণি শর্মা মোৰ একে `বেট্ছ'ৰে
আছিল। সিও অৰ্থনৈথতিক ভাৱে দুর্বল পৰিয়ালৰ ল'ৰা। কিন্তু মোতকৈ বেছি `ইনফৰ্মেটিভ'। সি
মোক ক'লে –
`নেফা' চৰকাৰৰ কেইটামান `ষ্ট্রাইপেণ্ড'
আছে, `মেডিকেলৰ ষ্টুডেন্টছ'ৰ বাবে, তই `এপ্লাই' কৰ।'
এতিয়াৰ অৰুণাচল প্রদেশ তেতিয়াৰ `নেফা'
-`নৰ্থ ইস্ট ফ্রন্টিয়াৰ এজেন্সি'।
মই এখন দর্খাস্ত লিখি লৈ গ'লো `ভাইচ প্রিন্সিপাল'
প্রফেচাৰ শ্রীযুত ৰুদ্রেশ্ৱৰ গোস্ৱামী চাৰৰ ওচৰলৈ, অফিচত সোমাই দর্খাস্তখন চাৰক দিলো।
চাৰে কিবা লিখি দি ক'লে- "ক্লাৰ্কজনক দিয়া। অৰুণাচল চৰকাৰে যদি সঁহাৰি নিদিয়ে
তেতিয়া দেখা যাব।"
তেতিয়া নেফাৰ `ডিৰেক্টৰ অৱ হেল্থ চাৰভিচেজ'ৰ
অফিচ আছিল শ্বিলঙত। দর্খাস্তখন দিঅহাৰ কেইমাহমানৰ পিছত খবৰ আহিল। তিনিটা `স্কলাৰ্শ্বিপ'ৰ
মঞ্জুৰি আহিছে, এটা নীলমণি শর্মা, দুই নন্বৰটো ফ্লিনডাৰ এণ্ডাৰচন নামৰ খাছী ল'ৰা এটা
আৰু তিনি নম্বৰটো মই।
ফ্লিনডাৰ এণ্ডাৰচন পিছলৈ মেঘালয়াৰ `চীফ
মিনিষ্টাৰ' হৈছিল। নীলমনিৰ এজন সম্পর্কীয় লোক `ডি এইছ এছ' অফিচত আছিল। তাৰ হৈ কবলৈ
তাত এজন আছিল। বোধকৰো `ৰেজিষ্টাৰ' আছিল। ফ্লিনডাৰৰ ঘৰ শ্বিলঙত। গতিকে তাৰ সুবিধা
বহু আছিল। সিহঁত দুয়োটাই `স্কলাৰ্শ্বিপ' পোৱাটো অনুমেয়! কিন্তু মোৰ ক্ষেত্রত সম্পূর্ণ
বেলেগ। মই আগতে কেতিয়াও শ্বিলঙলৈ যোৱা নাছিলো। গাঁৱৰ ল'ৰা, প্রথমবাৰ ওলাই আহিছো। মোৰ
একমাত্র সাহস আছিল গোস্ৱামী চাৰৰ আশ্বাসটো। আৰু সঁচাকৈয়ে তেখেতৰ অনুমূদনে কাম কৰিলে!
মোৰ মনলৈ নতুন সাহস আহিল।
এম বি বি এছ পাছ কৰি `ইন্টাৰ্নশ্বিপ' কৰি
আছো। মেডিকেল কলেজৰ `হেড এছিচটেণ্ট' মিঃ কাকতিয়ে এদিন অফিচত লগ পাই ক'লে -
"তোমাৰ নামত নেফা প্রশাসনৰ পৰা চিঠি
এখন আহিছে, `ইন্টাৰ্নশ্বিপ' শেষ হোৱাৰ লগে লগে তোমাক নেফাত যোগ দিবলৈ অর্ডাৰ দিছে।"
তেতিয়া নেফা মানে এক অজান্তি মুলুক। এবাৰ
নেফাৰ পাহাৰত সোমালে কোন ক'ত আছে একো হিচাব নেথাকে! কোন ফালে কলৈ যায় একোৱে উৱাদিহ
পাবলৈ নাইকিয়া হয়। সঁচাকৈয়ে বৰ আচৰিত। প্রশাসন এনেকৈয়ে চলে, `গাইডেন্স', `ইনফৰ্মেচন'
একো নাই! আজিৰ কথা কিমান বেলেগ! `ইন্টাৰনেট' খুলিলেই যিকোনো খবৰ লগে লগে পোৱা যায়।
মোৰ প'ষ্টিং যেতিয়া চিয়াংতাজুত হ'ল, শ্বিলঙৰ
`ডি এইছ এছ' অফিচৰ পৰা মোক মাত্র ক'লে "তেজপুৰৰ পার্বতী নগৰত `চিকিউৰিটি কমিচনাৰ'ৰ
অফিচ এটা আছে, তাতে গৈ খবৰ কৰা।"
পার্বতীনগৰ পালোহি। অফিচত সোমাই চিকিউৰিটি
কমিচনাৰক লগ কৰিলো।
অসমীয়া মানুহ। কিবা কিবি নিৰ্দেশনা দিলে।
তেজপুৰ
তেজপুৰত পেহীদেউৰ ঘৰত কেম্প কৰিলো।
পিছদিনা পুৱা হঠাৎ পেহীৰ ঘৰত দুজন মানুহ
উপস্থিত হ'লহি। চিনাকি দিলে –
এজন `ডাইৰেক্টৰ অৱ হেল্থ চাৰভিচ' ডাঃ পি.ডি.গগৈ,
আৰু আনজন ডাঃ এম ইলিয়াচ, `ডিস্ট্ৰিক্ট মেডিকেল অফিচাৰ'। ডাঃ গগৈক মই প্রথমবাৰ `ডাইৰেক্টৰ
অৱ হেল্থ চাৰভিচ'ৰ অফিচলৈ যাওঁতে লগ পাইছিলো। শ্বিলঙত তেখেতৰ ঘৰলৈ গৈছিলো। মোৰ সহপাঠী
আৰু ৰুম মেইট মনু গোহাঁই তেখেতৰ কিবা সম্পৰ্কীয়লোক। মনু আহিছিল কলিকতাৰ পৰা। তেওঁৰ
দেউতাক কলিকতাৰ টালিগঞ্জত চৰকাৰী চাকৰিত আছিল। মনুৰ লগত গগৈ চাৰৰ ঘৰলৈ গৈছিলো। গগৈ
চাৰ বৰ সাধু মানুহ আছিল। পিতৃ সুলভ আছিল তেখেতৰ ব্যৱহাৰ।
-"তুমি চিয়াংতাজুত যোগদান কৰিবলৈ
অহা বুলি আমি পার্বতীনগৰত গম পালো। ডাঃ ইলিয়াচ চাহাবে ক'লে। তেখেতেও চাৰদুৱাৰলে যাবলৈ
লৈছে, পিছে তেখেতৰ জীপত জেগা নাই। নহ'লে তোমাক তেখেতে লগতে নিব পাৰিলে হেতেন।"
তাৰ পিছত গগৈ চাৰে মোক কি কৰিব লাগিব বুজাই
ক'লে -
"তুমি ইয়াৰ পৰা চাৰদুৱাৰলৈ যাবা।
তাত `চি পি ডব্লিও দি'ৰ `ইন্সপেক্সন বাংলো'ত উঠিবা। তাত থকা `এক্জি্কিউটিভ ইন্জিনীয়াৰ'ক
লগ কৰিবা। তেওঁলোকৰ ট্রাক চাৰদুৱাৰৰ পৰা বানা লৈ গৈ থাকে। তুমি তাতে যাবা।"
পেহীদেউৰ ঘৰৰ সম্মুখত বাৰীত এজোপা বেল
গছ আছিল। গছত ডাঙৰ ডাঙৰ অনেক বেল লাগি আছিল। ডাঃ ইলিয়াচ চাহাবে কেইটামান বেল ল'লে আৰু
গগৈ চাৰৰ লগত গ'লগৈ। মইও ওলাই গৈ তেজপুৰ `ষ্টেট ট্ৰান্সপৰ্ট বাছ ষ্টেচন'ত চাৰদুৱাৰলৈ
যোৱা বাছ বিচাৰিলো।
তেতিয়াৰ সময়ত বাছৰ সেৱা বৰ সেৰেঙা আছিল।
দিনটোত এখন বা দুখন মাত্র বাছ কোনোবা এটা নিদিৰ্ষ্ট ঠাইলে যায়। মই চাৰদুৱাৰলৈ যোৱাৰ
দিনা বজাৰৰ দিন আছিল। তেজপুৰৰ পৰা দুঘন্টামান `ষ্টেট ট্ৰান্সপৰ্ট'ৰ বাছত যোৱাৰ পিছত
বজাৰৰ ওচৰত,ৰাস্তাতেই বাচ খন ৰখালে। মই বাছৰ ওপৰৰ পৰা মোৰ `লাগেজ' দুটা নিজই নমাই টানি
মেলি নি ওচৰৰ `চি পি ডব্লিও দি'ৰ `ইন্সপেকছন বাংলো'ত উঠিলোগৈ।
মিঃ আগৰৱালা আছিল চাৰদুৱাৰ `চি পি ডব্লিও
দি'ৰ `এক্জি্কিউটিভ ইন্জিনীয়াৰ'। এওঁৰ আবাসগৃহটো `আই বি'ৰ ওচৰতেই আছিল। তেওঁক তাত লগ
কৰিলোগৈ। তেঁও `চি পি ডব্লিও দি'ৰ ট্রাক তৃতীয় দিনাখনহে যাব বুলি কলে। আৰু ক'লে যে
মই তাত যাব পাৰিম।
মোৰ হাতত বেছি পইচা নাছিল, কি কৰো বহুত
চিন্তা কৰিলো। ৰঙাপাৰাত মোৰ এজন চিনাকি মানুহ আছিল।
মাজৰ দিনটোত মোৰ অন্য একো কাম নথকাত পুৱাই
ৰঙাপাৰা পালোগৈ। মানুহজনক লগ পালো। কিন্তু পইচা আনিব নোৱাৰিলো। পইচা খোজাৰ কোনো অভ্যাসেই
নাই। মোৰ আৱশ্যকতাটোও বুজাব নোৱাৰিলো, গতিকে পইচা নেপালো। ঘূৰি আহিলো আৰু `আই বি'ত
বহি কি কৰো আকৌ ভাবিলো।
গধূলি লীলাবাৰীৰ সহকাৰী অভিযন্তা মিঃ ৰাজনক
লগ পালো। মিঃ ৰাজন, মই আৰু মিঃ আগৰৱালা তিনিও এনেয়ে `ইভনিং ৱাক' কৰিবলৈ ওলাই যাঁওতে
মোৰ সমস্যাটোৰ কথা ৰাজনক কথাৰ চলতে ক'লো। তেওঁ কলে - তেজপুৰত মোৰ পেহীদেউ আছে। গলে
হয়তো মোক কিছু পইচা দিব পাৰে। কিন্তু মই গধূলিখন যাঁও কেনেকৈ? ৰাজনে মোক সহায় কৰিলে
-তেওঁৰ জীপ খন মোক দিবলৈ মান্তি হ'ল। মোক লৈ জীপ খন তেজপুৰলৈ যাব আৰু মই পইচা লৈ আকৌ
ঘূৰি আহি চাৰিদুৱাৰ পামহি।
জীপেৰে গৈ তেজপুৰ পাঁওতে ৰাতি ৯টা মান
বাজিল। পেহীদেউ খাই বৈ শুবলৈ গৈছিল। মই তেঁওক উঠাই মোক অলপ পইচাৰ দৰকাৰ বুলি ক'লো।
আৰু এইটোও ক'লো যে ৰঙাপাৰালৈ গৈছিলো- পইচা নাপালো। পেহীদেউৰ হাততো বেছি পইচা নাছিল।
হাতত থকা ১৩০ কি ১৪০ টকা মোক দিলে। তাকে লৈ মই চাৰদুৱাৰলৈ ঘুৰি আহিলো।
পিছদিনা পুৱাই মোৰ বেডিং পত্র আৰু ট্রাংকটো
ট্রাকত উঠাই দি মই বানালৈ বুলি `চি পি ডব্লিও দি'ৰ ট্রাকেৰে যাত্রা আৰম্ভ কৰিলো।
ভালুক-পুং
চাৰদুৱাৰৰ পৰা বানালৈ আমাৰ ট্রাক চলিল।
বালিপাৰা হৈ ভালুক-পুং পালোগৈ। ভালুকপুঙত `চি আৰ পি এফ'ৰ `চেক-প'ষ্ট' আছিল। ইয়াৰ পৰাই
অৰুণাচলৰ `ইনাৰলাইন' আৰম্ভ হৈছে। `ইনাৰ লাইন' `পাছ' নহলে কাকো সোমাবলৈ নিদিয়ে। মোৰলগত
`এপইণ্টমেণ্ট লেটাৰ'ৰ `কপি'টো আছিল। সেয়াই `ইনাৰ লাইন পার্মিট'ৰ কাম কৰিলে।
ভালুক-পুং বান ৰজাৰ ৰাজধানী আছিল। বান
ৰজাৰ জীয়াৰী ঊষাৰ কথা কিতাপত পঢ়া মনত আছে। ক'তনো কি আছে চাবলৈ মন গ'ল। `চেক-প'ষ্টৰ'
ওচৰত এঠাইত দেখিলো এটা গৰম পানীৰ উঁহ, এখন ফলিত লিখা আছে -`দি চেক্রেড ৱাটাৰ অৱ অকা
পিপল'। অৰ্থাৎ বানৰজা 'অকা 'জনজাতিৰ মানুহৰ ৰজা আছিল। পানীৰ উঁহত বুৰ বুৰকৈ পানী ওলাই
আছে। এইটো সম্ভৱ চালফাৰ পানীৰ উঁহ।
ওচৰতে কোনোবা এঠাইত পোৰা চাউলৰ এটা পাহাৰ
আছে। কিম্বদন্তীৰ মতে এইটো এটা চাউলৰ পাহাৰ আছিল। কোনোবা যুদ্ধত এই পাহাৰত জুই লগাত
চাউলবোৰ আধাপোৰাহৈ পাহাৰ হৈ থাকিল। এতিয়াও চাউলৰ দৰেই আধাপোৰা দানাৰ চিন পোৱা যায়।
ভালুক-পুংৰ ওচৰতে টিম্পিত `অৰ্কিড চেণ্টাৰ' এটা আছে। মই যোৱাৰ সময়ত`অর্কিড হাউচটো'
আৰম্ভ কৰিছিল। কিছু অৰ্কিড দেখিছিলো। এতিয়া `চেন্টাৰ'টো বহুত ডাঙৰ হৈছে।
ভালুক-পুঙৰ পৰা আমাৰ ট্রাক জীয়া ভৰলীৰ
পাৰে পাৰে পাহাৰত উঠিবলৈ ধৰিলে। অসমত নদীখনৰ নাম জীয়া ভৰলী। অৰুণাচলত কামেং নৈ নামেৰে
জনাজাত। এই কামেং নদীৰ নামেৰেই জিলা খনৰ নাম কামেং জিলা হৈছে। পাহাৰীয়া ৰাস্তা অঁকোৱা
পকোৱা। কিছুমান ঠাইত ৰাস্তাটো পাহাৰৰ বহু ওপৰলৈ উঠি যোৱা। তললৈ চালে ভয়েই লাগে, বহুত
দ' খাৱৈ। কেই ঘন্টামান গৈ আমি চেঁচা পালোগৈ। চেঁচা এটা জিৰণি স্থান। ইয়াতে বাটৰ কাষত
ধাবা এখন আছে। পাহাৰৰ মাজত, পাহাৰলৈ উঠি যোৱা আৰু তললৈ নমা সকলো যান বাহন ইয়াতে ৰয়।
দুপৰীয়াৰ খোৱা ইয়াতেই হয়। ময়ো দুপৰীয়াৰ সাজ খাবলৈ ইয়াতেই সোমালো। যদিও ধাবা খনৰ সুবিধাবোৰ
অতি নিম্নমানৰ, খোৱাটো কিন্তু বৰ সুস্বাদু আছিল। খোৱাৰ পিছত ট্রাক পুনৰ পাহাৰীয়া ৰাস্তাৰে
চলিল।
পাহাৰত সোমোৱাৰ লগে লগে ঠাণ্ডা লাগিবলৈ ধৰিলে। কিছুদূৰ গৈ `জিৰ' পইণ্ট' পালোগৈ। এই পইন্ট'ৰ পৰাই আমি ভালুক-পুং-ব'মডিলা ৰাস্তা এৰি চেপ্পাৰ ৰাস্তা ল'লো। ইয়াৰ পৰাই এই ৰাস্তাৰ আৰম্ভ গতিকেই ইয়াৰ নাম জিৰ' অৰ্থাৎ শূন্য। এইবাৰ ৰাস্তাটো ঠেক আৰু নতুনকৈ বনাই থকা। মোৰ সতে ট্রাকত ড্রাইভাৰ আৰু দুজন মান যাত্রী আৰু ট্রাকৰ ওপৰত `চি পি ডব্লিউ ডি'ৰ বয় বস্তুৰ সামগ্রী । যাত্রী কেইজন কোন কোন আছিল এতিয়া মোৰ মনত নাই। বেছি কথা বতৰা পতা হোৱা নাছিল। ঠাণ্ডাত এনেয়ে কথা পাতিবৰ মন নাযায়। একেবাৰে আবেলিৰ ফালে আমি বানা পালোগৈ।
বানাৰ এৰাতি
ভালুক-পুংৰ পৰা বানালৈ যাত্রাটো অতি সেমেকা।
পাহৰৰ আদ্রতা খুব বেচি। সেমেকা সেমেকা ভাৱ এটা সকলো সময়তে আছেই। গছ গছনিবোৰ খুব সেউজীয়া,
ওখ ওখ। অনেক ঠাইত ৰ'দ নোসোমায়েই। কিছুমান ঠাইত অনবৰতে কুঁৱলী থাকে। পাহাৰবোৰো বৰ ওখ
আৰু তলৰ খাৱৈবোৰ তেনেকৈয়ে দ'। জংগলবোৰৰ মাজত সকলো সময়তে জৰ জৰকৈ পানী পৰা শব্দ এটা
হৈ থাকে। ট্রাকত যাঁওতে মনলৈ কেৱল ভয় ভয় ভাৱ এটাৰ বাহিৰে অন্য চিন্তা নাহে। কোনো কথা
বতৰা পাতি গৈ থকাৰ ইচ্ছা নহয়। বানা পাঁওতে আবেলি হ'ল।
বানা এটা `ট্রানজিট কেম্প', এখন পাহাৰীয়া
নদীৰ পাৰত। নদী খন বেছ বহল আৰু খুব সোঁত থকা, পাৰ দুটা খুৰ-খুৰীয়া শ্লেট পাথৰৰ। দলঙৰ
কাৰণে `আৰ চি চি'ৰ `প'ষ্ট' বহুৱাব পৰা নাই। অনেকবাৰ চেষ্টা কৰিও বিফল হৈছে। নদীখনৰ
বিপৰীত পাৰটো কিছু উন্নত। মই যোৱা সময়ত শীতকাল, নদীত পানী কম। নদীৰ বুকুত থকা ডাঙৰ,
সৰু পাথৰবোৰ পৰিস্কাৰকৈ দেখা যায়। পানীৰ সোঁত কিন্তু বৰ বেছি, পাহাৰীয়া খৰস্রোতা নদী।
নদীৰ দুয়ো পাৰ এখন বেতৰ সৰু ওলমোৱা দলঙেৰে লগ লগাইছে। নদীৰ ইটো পাৰৰ ৰাস্তাৰে গ'লে
প্রায় ২৩ কিলোমিটাৰ দুৰৈত চেপ্পা, `ইস্ট কামেং চাব ডিভিজন'ৰ `হেড কোৱাৰ্টাৰ'। তেজপুৰৰ
ফালৰ পৰা অহা মানুহে বানাত ৰয়। চেপ্পাৰ পৰা গাড়ীত অহা মানুহক নদীৰ ইটো পাৰত নমাই দিয়ে
আৰু ঘুৰি যাঁওতে এই পাৰত ৰৈ থকা মানুহ কেইজনক লৈ যায়। বানাত `আই বি' এটা আছে। নির্মাণ
কার্য্য তেতিয়াও সম্পূর্ণ হোৱা নাই।
তাতেই মই প্রথম ৰাতিটো খাটিয়া এখনত পৰি
থাকিবলৈ ল'লো।
আই বি'ত বহি থাকোতে তাঁন্তি নামৰ `ভিলেইজ
লেভেল'ৰ কৰ্মী এজনে মোক লগ কৰিলহি। আমাৰ চাহ জনজাতিৰ মানুহ। তেঁৱেই মোক তাত আতিথ্য
দান কৰিলে। তাঁন্তিয়ে তেওঁৰ লগত অনা পিয়নটোৰ হতুৱাই ৰন্ধা মোকো খাবলৈ দিলে। অটব্য অৰণ্যৰ
মাজত আপোন ভাৱটো বেছি হয়। ইজনে সিজনক উপযাচি সহায় কৰিবলৈ আগবাঢ়ি আহে। তাঁন্তিয়ে বানাত
কোনোবা গাঁৱত চৰকাৰী ভ্রমণ কৰিবলৈ আহিছিল। কেইদিনমানৰ কাৰণে বানাত কেম্প কৰিছিল।
বানাত `চি পি ডব্লিউ ডি'ৰ কিছু স্টাফ থকা
দেখিলো। দুটা সৰু ল'ৰাকো তাত খেলি থকা দেখিলো। এটা উৰিয়া ল'ৰা আৰু আনটো পাঞ্জাবী। উৰিয়া
ল'ৰাটো ক্ষীণ-মীন আৰু পাঞ্জাবী ল'ৰাটো বেচ হৃষ্টপুষ্ট চেহেৰাৰ । সিহঁত দুটাক খেলি থকা
দেখি মোৰ পঞ্চতন্ত্রত থকা 'মিত্রভেদ'ৰ শিয়াল কৰটক আৰু সিংহ পিঙ্গলাক যেন লাগিছিল।সেইদিনা
আবেলি সময়টো নদীৰ ফালে চাই চাই আৰু ল'ৰা দুটাৰ ধেমালি চাই কটাই দিলো। ৰাতি বিচনাখন
মেলি আঁঠুৱা তৰি তাঁন্তিয়ে ৰান্ধি দিয়া ভাত খাই শুই থাকিলো। বানাত এই পৰ্য্যায়ৰ যাত্রাৰ
অন্ত পৰিল।
পুৱা ৯ মান বজাত জীপ এখন আহি `আই বি'ৰ
সন্মুখত ৰল'হি।
জীপ খন নদীৰ ওপৰৰ সৰু অস্থায়ী বাঁহৰ দলঙখনৰ
ওপৰেদি পাৰ হ'ল নিশ্চয়, মই দেখা নেপালো। বুজিলো, সৰু সুৰা বাহন, জীপ আদি এই সময়ত পাৰ
হ'ব পাৰে। জীপৰ পৰা এজন থুলন্তৰ বগা মানুহ নামি আহিল। দেখিবলৈ চাহাবৰ দৰে। মোৰ লগত
অসমীয়াতে কথা পাতি চিনাকি হ'ল। মোক ক'লে তেওঁ চেপ্পাৰ `চাব ডিভিজনেল এইছ কিউ'ৰ `এডিছনেল
ডেপুটি কমিছনাৰ'। নাম প্রফুল্ল কুমাৰ ফুকন। চেপ্পাৰ পৰা আহিছে। তেজপুৰলৈ যাব।
'আই বিৰ' পিছফালে কেইটামান অস্থায়ী পায়খানা
আছিল। অস্থায়ী পায়খানা মানে মাটিত ছয় ইঞ্চি-মান বহল দু-ফুট মান দ' কৰি গাঁত খান্দি
অস্থায়ী পায়খানা কৰি দিছে। গাঁতটো ভর্তি হ'লে মাটি দি পুতি অন্য এটা গাঁত খন্দা যায়।
গাঁতটোৰ চাৰিওফালে চটি কাপোৰ দি পর্দাৰ দৰে কৰি দিছে। জৰুৰী অৱস্থা হোৱাত মিঃ প্রফুল্ল
ফুকনে সেইফালে পোনাই দিলে।
পিছত, মোৰ পৰিচয় লৈ মোৰ হাতত পইচা পাতি
আছেনে নাই সুধিলে। মোৰ হাতত বেছি পইচা নথকা বুলি জানি এশ টকীয়া নোট এখন দি ক'লে।-
"এইটো ৰাখা। খৰচ নকৰিবা। `ইমাৰজেন্সি'ৰ
কাৰণে ৰাখিবা"। তাৰ পিছত মিঃ ফুকন
জীপত উঠি গ'ল গৈ। মিঃ পি কে ফুকন শিবসাগৰৰ
মানুহ আছিল। ফুকন নগৰত ঘৰ। বহুত বছৰ পুৰণা মানুহ। এতিয়া `এডিছনেল ডেপুটি কমিচনাৰ' হৈছে।
তৃতীয় দিনাখন পুৱা খবৰ পালো - চেপ্পা
`চাব ডিভিজনেল হেড কোৱাৰ্টাৰ'ৰ পৰা এখন `ওৱান টনাৰ ট্রাক' আহি বানাৰ সিপাৰে ৰৈ আছে।
বানাৰ এইফালে থকা `স্টাফ মেম্বাৰ' কেইজনক লৈ যাব। মই বিচনাখন মেৰিয়াই `হ'ল্ড-অল'টো
ভৰাই `ট্রাঙ্ক'টোৰ লগতে `পটাৰ্ৰ' এটাক দি অস্থায়ী দলং খনৰ ওপৰেদি নদী খন পাৰ হৈ আহি
ইটো পাৰত ৰৈ থকা সৰু ট্রাকখনত মোৰ টোপোলা দুটা উঠাই দিলো। কান্ধত পানীৰ বটল এটা ওলোমাই
ললো। ট্রাকত উঠি থিয় হৈ মূৰৰ ওপৰত থকা `বাৰ' এডালত ধৰি যাত্রা আৰম্ভ কৰিলো, ঠিক আমি
গুৱাহাটীত চিটিবাচত উঠাৰ দৰে। বহিবলৈ চিট নাপালে থিয় হৈ ওপৰৰ হেণ্ডেল বাৰ'ডালত ধৰি
গৈ থকাৰ দৰেই, পার্থক্য ণ্ডৱাহাটীৰ ৰাস্তা সমান আৰু ইয়াৰ ৰাম্ভাটো পাহাৰত নতুনকৈ কটা।
ট্রাকখন সাগৰৰ ওপৰত চলা জাহাজৰ দৰে এবাৰ
ওপৰ এবাৰ তল কৰাৰ দৰে নাচি নাচি গৈ থাকোতে নিজকে চম্ভালি লৈ যোৱাটোহে মুস্কিল কথা।
মোৰ কান্ধত থকা পানীৰ বটলৰ পৰা পানী নিগৰিবলৈ ধৰিলে। ওচৰতে ঠিয় হৈ থকা এজনে আপত্তি
কৰিলে - পানীয়ে তেওঁৰ কাপোৰ তিয়াইছে। মই কি কৰিম? নিজকেই চম্ভালিব পৰা নাই,পানীৰ বটলৰ
ফালে চাঁও কেনেকৈ? দুঘন্টামান এইদৰে ট্রাকৰ ভিতৰত নাচি বাগি গৈ চেপ্পা পালোগৈ।
এতিয়া উঠোগৈ ক'ত ? অজান্তি মূলূক - কোনো
চিনা জনা নাই!
অৱশেষত কেনেবাকৈ গৈ `আই বি'ত উঠিলোগৈ।
তাতে টোপোলা দুটা ৰাখি `ডি চি'ৰ অফিচত গৈ `চাব-ডিভিজনেল মেডিকেল অফিচ'ত `এছ,ডি,এম,অ'ক
ৰিপৰ্ট কৰিলোগৈ। মিঃ গিৰিন ভট্টাচার্য্য নামৰ `এক্সট্রা এচিচটেণ্ট কমিছনাৰ' এজনৰ লগত
কেনেবাকৈ চিনাকি হ'ল । মোক তেখেতৰ ঘৰলৈ লৈ গ'ল। মিচেছ ভট্টাচার্য্যৰ লগত চিনাকি কৰি
দিলে। তেওঁলোকৰ কোনো ল'ৰা-ছোৱালী নাছিল। নতুন সম্বন্ধ এটা হ'ল। বাইদেউ আৰু ভিনিদেউ।
তেঁওলোকে যিমান পাৰে মোক সহায় কৰিব বুলি আশ্বাস দিলে।
'আই বি'ত থাকোতেই হাজৰিকা উপাধিৰ এজনক
লগ পালো। তেওঁ চিয়াংতাজুৰ `ই এ চি' অফিচ'ৰ `ক্লাৰিকেল স্টাফ'। তেৱোঁ চিয়াংতাজুলৈ যাবলৈ
চেপ্পাত ৰৈ আছে। মোক লগত লৈ যাবলৈ সন্মত হ'ল।
'চেপ্পা হেড কোৱাৰ্টাৰ অৱ ইস্ট কামেং চাব
ডিভিজন', এতিয়া `ডিসট্রিক্ট হেড কোৱাৰ্টাৰ অৱ ইস্ট কামেং ডিসট্রিক্ট', কামেং নদীৰ পাৰত।
নদী খন বেছ বহল আৰু পানীৰ সোঁত খুব বেছি। নদীত শিলঘৰীয়া মাছ খুব পোৱা যায়। চেপ্পা এটা
পাহাৰৰ মাজৰ `বেচিন', চাৰিওফালে ওখ ওখ পাহাৰ। গৰমৰ দিনত খুব গৰম হয়। নতুনকৈ হোৱা `এডমিনিস্ট্রেটিভ
চেটেলমেন্ট'।
`চি পি ডব্লিউ ডি'এ কোৱাৰ্টাৰ বোৰ বনায়ে
আছে।
মিঃ প্রফুল্ল কুমাৰ ফুকন
মিঃ প্রফুল্ল কুমাৰ ফুকনক বানাত লগ পোৱাৰ
পিছতো মই আকৌ কেইবাবাৰো চেপ্পাত লগ পাইছিলো। মিঃ ফুকন বহুত আগতেই নেফাৰ চাকৰিত সোমাইছিল।
তেখেত অসম আন্দোলনৰ নেতা ভৃগু ফুকনৰ দেউতাক আছিল। ভৃগুৰ এজন ককায়েকেও অৰুণাচলত কাম
কৰিছিল। ফুকনে পৰিয়ালক অবশ্যে শিৱসাগৰতেই ৰাখিছিল। মই লগ পোৱা আটাই কেইবাৰেই মিঃ ফুকন
অকলেই আহিছিল। মাত্র এবাৰহে শ্রীমতী ফুকন আৰু জীয়েকক তেখেতৰ লগত অনা বুলি শুনিছিলো।কামেং
নদীৰ,পাৰত চেপ্পাৰ `এ ডি চি'ৰ `ৰেচিডেন্চিয়েল বাংলো'টো মই যোৱাৰ সময়ত আছিল এটা কেঁচা
খেৰী ঘৰ, অনেক কোঠালিৰ। মিঃ ফুকন অকলে থাকিলেও তেঁওৰ বাংলোত পিয়ন মালী চকিদাৰ ৰান্ধনী
সকলো আছিল।
এদিন মই অফিচত মিঃ ফুকনক লগ কৰিবলৈ গৈছিলো,
`চিটিজেনশ্বিপ চাৰ্টিফিকেট' এখন বিচাৰি। অফিচত বৰমুদৈ নামৰ এজন, `আপাৰ ডিভিজনেল ক্লাৰ্ক'
আছিল, ফুকনৰ এডভাইজাৰ। গতিকে স্টাফৰ আনসকলোৱে মুদৈক সাধাৰণতে এৰা দি চলে। নেফাত চাকৰি
কৰা প্রায় সকলোৱেই মদপান কৰিছিল। পৰিবেশেই এনে আছিল। সভ্য জগতৰ পৰা ঢুকি নোপোৱা এই
পাহাৰীয়া হাবি জংঘলৰ মাজত দিন কটোৱা মানুহৰ বাবে এইয়া স্বাভাৱিক কথা। অফিচত সময় কাটে,
গধূলি কি কৰিব? প্রায়বোৰেই `ট্রাইবেল' মানুহে বনোৱা ঘৰুৱা পানীয়ৰ লগত সম্বন্ধ কৰে।
অনেকজন আসক্ত হৈ যায়। কিমানৰ যে জীৱন নষ্ট হৈ গৈছে।
মিঃ ফুকন এই সমস্যাৰ এজন ভুক্তভোগী। তেওঁ
সুৰাসক্ত। এবাৰ কিবা কাৰণে মই তেওঁৰ বাংলো'তে কেম্প কৰিব লগা হৈছিল। মই থকা সময়তে তেওঁৰ
`এলক'হল ৱিড্রৱেল চিম্পটমে' দেখা দিলে। সদায়ে মদ খোৱা মানুহজনে হঠাতে কিয় মদ খাবলৈ
বন্ধ কৰিলে নেজানো।
তেওঁ অকলে থাকিবলৈ ভয় কৰা হ'ল। ৰাতি অকলে
শুবলৈও ভয় কৰে। পিছদিনা পুৱাৰ পৰা `হেলোচিনেশন' আৰু `ডিলিউশন' আৰম্ভ হ'ল। কামেং নদীৰ
পাৰত গৈ কবলৈ ধৰিলে -
"ৰাইজ আপোনালোক ৰ'ব। মোক আপোনালোকে
সন্মান জনাবলৈ আহিছে -
আপোনালোকক নমস্কাৰ" এই বুলি হাতযোৰ
কৰি প্রণাম জনাইছে।
`সেয়া - তেওঁলোকে মোৰ কথা কৈছে। শুনা,
শুনা"।
পিছত হাতত আদি দা এখন লৈ মিঃ ফুকনে আদি জনজাতিৰ 'পুনুং' নাচ নাচিবলৈ ধৰিলে। তেওঁৰ এই অবস্থা দেখি চেপ্পাৰ `চিভিল স্টাফ' গোট খালেহি। মই অসহায় হৈ চাই থাকিলো। পিছত ডাঃ চক্রবৰ্তী আহিল। `এন্টি চাইকোটিক ইনজেকশন' দিয়া হ'ল আৰু গধূলিলৈ ফুকন শান্ত হ'ল।
এবাৰ তেওঁৰ ঘৰত দেখিলো `চি আৰ পি এফ'ৰ
`কমাণ্ডডেণ্ট' এজনৰ লগত তেওঁ বৰ ৰুক্ষভাবে কথা পাতি আছে। কিছুদিনৰ পিছত মিঃ ফুকনৰ বদলিৰ
হুকুম আহিল - কোনোবা এটা `ই এ চি হেড কোৱাৰ্টাৰ'ত বদলি কৰি `ই এ চি' কৰি পঠাইছে, পদোন্নতি
নহয়, অধোন্নতি কৰি। কিছু বছৰৰ পিছত গম পালো মিঃ ফুকন ঢুকাইছে।
চেপ্পাৰ `আই বি' বাংলোটো
এতিয়া পুনৰ ঘুৰি যাঁও মই থকা চেপ্পাৰ
'আই বি'টোলৈ।
এটা কেঁচা ঘৰ। বেৰ ছাল সকলো বাঁহৰ। বিষয়া
পৰ্য্যায়ৰ লোকৰ এইটো `ট্রেনজিত কেম্প'। মই অনেকবাৰ ইয়াত আছিলো। `আই বি'ৰ সন্মুখত এখন
ডাঙৰ পথাৰ আছে। তাত `এয়াৰফর্চ'ৰ `ট্রেন্সপৰ্ট' বিমান `লেন্ড' কৰে। পকা `ৰান-ৱে' নাই।
ঘাঁহৰ ওপৰেদিয়েই `ৰান' কৰি নামে আৰু `টেক্ অফ' কৰে। খোৱাবস্তু আৰু দলঙৰ সামগ্রী লৈ
বিমান নমাও দেখিছিলো।চেপ্পাৰ ওচৰে পাজৰে জনজাতীয় গাঁও আছে। চেপ্পাত অসমীয়া মানুহৰ সংখ্যা
যথেষ্ট। অৱশ্যে অন্য মানুহো আছে। `কচম'পলিটান' সমাজ। চেপ্পাৰ আয়তন কিজানি একবর্গ কিলোমিটাৰমান
আছিল।
চেপ্পাত দুদিন থকাৰ পিছত মোৰ কর্মস্থান চিয়াংতাজুলৈ যোৱাৰ সময় হ'ল।
চেপ্পাত দুদিন থকাৰ পিছত মোৰ কর্মস্থান চিয়াংতাজুলৈ যোৱাৰ সময় হ'ল।
এদিন দুপৰীয়া সময়ত পৰ্টাৰ দুটা আহি মোৰ
টোপোলা দুটা পিঠিত বুকুচা বান্ধি তুলি ল'লে। লগতে মিঃ হাজৰিকাৰ বস্তুবোৰো দুটামান পটাৰে
ল'লে। তেজপুৰত মোক `হান্টিং শ্বু' কিনিবলৈ কৈছিল। মই সেইযোৰ পিন্ধি ল'লো পদযাত্রা কৰিবলৈ!
`আই বি'ৰ পৰা মিঃ হাজৰিকাৰ লগত চিয়াংতাজুলৈ বুলি খোজ ললো। `পৰ্টাৰ'বোৰ লগে লগে আহি থাকিল, কেইটামান আমাৰ আগত আৰু দুটামান পিছত। কিবা অভিযান কৰিবলৈ ওলোৱা যেন লাগিল। মই যেন কোনোবা `এক্সপ্লৰাৰ' হৈ অজান্তিমূলূক `এক্সপ্লৰ' কৰিবলৈ ওলাইছো। কিছুদূৰ খোজ কাঢ়ি ভালেই লাগিল। পিছলৈ ভাগৰ লাগিবলৈ ধৰিলে। গধূলি, সময়ত কেম্প এটা পালোগৈ। চেপ্পাৰ পৰা বাৰ' কিলোমিটাৰ দুৰত। বাঁহৰ ঘৰৰ কেম্পটোত সোমাইয়েই এখন চকী পাই তাতে বাহি পৰিলো। মুখত কথা নাই। হাঁহিটোৰ কেতিয়াবাই অন্তর্ধান হৈছে। ভাগৰত চকীখনতে গাটো এৰি দিলো।
হাজৰিকাৰ ৰান্ধনীটোৱে খোৱাৰ যোগাৰ কৰিলে। মই কাপোৰ কানি সলাই হাত ভৰি ধুই বিচনাখন বাঁহৰ চাং এখনৰ ওপৰত মেলি দিলো। ভাত হোৱাত মোক খাবলৈ দিলে। খাই শুই থাকিলো। পিছদিনা পুৱাই আকৌ পদযাত্রা কৰিব লাগিব। ভাগৰত সোনকালেই টোপনি আহিল।
'ৰাতিপুৱা শুই উঠি পুৱাৰ কামখিনি কৰি সাজপাৰ
পিন্ধি ললো। বিছনা সামৰিলো। ৰান্ধনীটোৱে ৰুটী কেইটামান বনাই দিলে। সোনকালেই আমি আকৌ
ৰাস্তাত নামি পৰিলো।
দ্বিতীয় দিন
দ্বিতীয় দিনৰ যাত্রা বেছি কষ্টকৰ আছিল।
বাৰ' কিলোমিটাৰ মান কেম্পলৈ যোৱা কেঁচা ৰাস্তা এটা পালোহি। পাহাৰৰ মাটি কাটি উলিওৱা
ৰাস্তা। কাষ দুটা ঘাঁহ বনেৰে ভৰা। খোজ কাঢ়ি যাব পাৰি। ইমান দূৰ অহালৈকে অনুমান কৰিব
পৰা নাছিলো যে ইয়াৰ পিছৰ ৰাস্তা কেনেকুৱা হব পাৰে। একে ধৰণৰ ৰাস্তা হোৱা হ'লে খোজ কাঢ়ি
যোৱাত কষ্ট কম হ'ল হেতেন। কিন্তু আচলতে এনে নাছিল। কিছুমান ঠাইত ৰাস্তা কটাই হোৱা নাছিল।
কিছু কিছু দুৰ কেঁচা ৰাস্তা পালো। দুপৰীয়া ৰাস্তাৰ ওপৰতে ৰান্ধনীটোৱে ৰান্ধিলৈ অনা
ভাত খালো। গধূলি ইয়াৰ পিছৰ কেম্পটো পালো। এইটোও এটা `লেবাৰ কেম্প'। `পি ডৱ্লিউ দি'ৰ
`ইঞ্জীনিয়াৰ' আৰু মহৰীয়ে ৰাস্তাৰ শ্রমিক, বেছিকৈ নেপালীলোকক থাকিবৰ কাৰণে কিছুমান চালি
বনাই দিছে। আমি তাৰে এটা চালিত ৰলোগৈ। ৰুটিন একেই। ৰান্ধনীটোৱে খোৱা দিলে। খাই শুই
থাকিলো।
নদী পাৰ হবলৈ বাঁহৰ ভূঁৰ
পাংগেন নদীৰ বাঁহৰ দলং- নদীৰ সিফালে পেই গাঁও
আলোকচিত্র- ক্রিসট্ফ ফন ফ্যুৰা হাইমেনডৰ্ফ, ১৯৪৪ চন
“স্কুল অৱ অৰিয়েন্টেল এন্ড আফ্রিকান স্টাডীজ”
তৃতীয় দিন
তৃতীয় দিনৰ যাত্রা আৰু কষ্টকৰ। ৰাস্তা
নাই। পাহাৰৰ লুং-লুঙীয়া বাটবোৰে দি যাবলৈ ধৰিলো। কিছুমান ঠাইত গছৰ শিপাত ধৰি বগাই উঠা
নমা কৰিব লাগে। কিছুমান ঠাইত এঢলীয়া বাঁহত খাপ কাঢ়ি জখলা বনোৱা আছে। তাতে ভৰি দি দি
উঠা নমা কৰিলো। এঠাইত নতুনকৈ পাহাৰ কটা আৰম্ভ কৰিছে। পাহাৰৰ ওপৰলৈ পাহাৰৰ গাত বগাই
উঠি আহিব লগীয়া হ'ল। ইফালে গধূলি হলেই। কেম্পৰ কোনো দেখা দেখি নাই। পাহাৰ বগাই ইমান
ভাগৰ লাগিল মই ৰাস্তা বনাবলৈ কটা অলপমান চফা ঠাইত মাটিতেই দীঘল দি পৰি দিলো। কিন্তু
কিমান সময়লৈ? অন্ধকাৰ হোৱাৰ আগতে কেম্প পাব লাগিব। নহলে ৰাতিটো কটাম কত ? আকৌ ঠিয় হলো।
কিছুদুৰ যোৱাৰ পিছত দূৰত এটা চাকিৰ পোহৰ দেখা পালো। কেম্প পোৱাৰ আশাত মনত নতুন বল লৈ
আগবাঢ়ি গ'লো। ভাগৰত অৱস আৰু অচল হৈ পৰা দেহটো চোঁচৰাই নি অৱশেষত গৈ কেম্পটো পালো। কেম্প
হ'ল এটা বনুৱাৰ বাবে সজা চালিঘৰ।
কিন্তু এইয়া মোৰ বাবে যেন আছিল এখন স্বর্গপুৰী।
ভাগৰত লাল কাল দি পৰিলো।
চতুর্থ দিন
চতুর্থ দিনা খোজ কাঢ়ি গৈ এখন পাহাৰীয়া
নদী পালোহি। ইতিমধ্যে আবেলি হ'ল। পৰ্টাৰবোৰ নদীৰ পাৰত ৰৈ গ'ল। সিহঁতে আৰু আগ বাঢ়িব
নোখোজে। কলপাত কাটি নদীৰ পাৰতেই কেম্প কৰিব। হাজৰিকাই বুজালে যদি ৰাতি কেনেবাকৈ বৰষুণ
হয় তেন্তে নদীৰ পানীয়ে আমাক সকলোকে উটুৱাই নিব। পাহাৰীয়া নদীৰ সজাত নাই আৰু অতি ভয়ংকৰ।
বহুত বুজোৱাৰ পিছত পৰ্টাৰ কেইটা যাবলৈ সন্মত হ'ল। আটাই কেইটাই বাংণী জনজাতিৰ লোক। ইহঁতৰ
লগত মোকাবিলা কৰা অতি কঠিন। ইতিমধ্যে বেলি পৰিল, আকাশত জোন ওলাল। এপ্রিল মাহ। পাহাৰৰ
উচ্চতাত বিৰাট ঠাণ্ডা। ডাঠ কুঁৱলী, ভালকৈ নেদেখি। পাহাৰ বগাই বগাই ওপৰলৈ উঠিবলৈ ধৰিলো।
মোৰ কোনো ধাৰণা নাই মই কলৈ গৈ আছো!
যাবই লাগিব, গতিকে গৈয়ে আছো।
কিজানি সাত মান বাজিছে। এখন গাঁৱৰ ঘৰ কেইটামান
জোনৰ পোহৰত দূৰত চকুত ভাঁহি উঠিল। এইখনেই চিয়াংতাজু গাঁও। পাহাৰ বগাই গৈ ইয়াৰ পিছৰ
খেপত মোৰ কর্মস্থান চিয়াংতাজু `আউট-প'ষ্ট' পাম।
প্রতিটো ঘৰতেই
একোটা পৰিয়াল—
আলোকচিত্র ক্রিসট্ফ
ফন
ফ্যুৰা
হাইমেনডৰ্ফ,
“স্কুল
অৱ
অৰিয়েন্টেল
এন্ড
আফ্রিকান
স্টাডীজ”
পঞ্চম দিন
পুৱা সাৰ পাই চাংঘৰৰ পৰা বাহিৰলৈ ওলাই আহিলো। বতৰটো ফৰকাল। আগদিনাৰ কুঁৱলী আতৰি গৈছে। পুৱাৰ বেলি পাহাৰৰ ওপৰত দেখা গৈছে। শীতৰ সেমেকা পুৱাত ৰদৰ গৰমকন ভাল লাগিল। হাজৰিকাৰ মানুহবোৰো উঠিল।
তাজু বস্তিৰ পৰা পাহাৰৰ শৃংগটোলৈ উঠিলেই
চিয়াংতাজু `হেড্ কোৱাৰ্টাৰ' পাম। পুৱা খাবলৈ একো নাই। বস্তিত বহি সময় নষ্ট নকৰি আমি
পাহাৰ বগাবলৈ ঠিক কৰিলো। আমাৰ দলটোৰ সৈতে বস্তিৰ পৰা ওলাই আহিলো। মোৰ কাষে কাষে কেতিয়াবা
মোৰ আগত আকৌ কেতিয়াবা মোৰ পিছত হৈ হাজৰিকা আহি আছে। বস্তিৰ পৰা চিয়াংতাজুলৈ কোনো ৰাস্তা
নাই। লিকে লিকে আহি থাকিব লাগে। কিজানি দুঘন্টামান পাহাৰ বগাই আহি এডোখৰ পাহাৰৰ গাত
কটা সমান ঠাই পালো।তাতে হাজৰিকা ৰৈ গ'ল। মোক ক'লে -
"এই ঠাইতে এখন ভলীবল ক'ৰ্ট আছিল। তাজু গাঁৱৰ বাংণীয়ে ইয়াত `চি আৰ পি এফ'ৰ এটা কোম্পানীৰ চাব্বিছজন জোৱানক কাটি হত্যা কৰিলে"। মই অলপ চক্ খাই উঠিলো। এই তাজু গাঁৱৰ বাংণী, য'ত আমি কালি ৰাতি শুই আছিলো, য'ত আমাৰ খাবলৈ একো নাই বুলি জানি গাঁওবুঢ়াৰ ঘৈণীয়েকে আমাক ৰাতি খাবলৈ এটুকুৰী চাউল দিছিল! ভাবিয়েই কেনেবা লাগিল।
ভলীবল খেলা ক'ৰ্টখনত কিছুমান ঠাইত এতিয়া
কেঁঞাবন গজিছে। এডোখৰ ঠাইত এডোঙা পানী জমা হৈ আছে। তাত ভেকুলী এজনীও দেখিলো। হাজৰিকাই
ক'লে -
"ব'লক ঘটনাটো মই কৈ কৈ গৈ থাকিম"।
বাংণীৰ দল-
হাতত দা, যাঠি, বাঁহৰ পিং আৰু পিঠিত চুঙা চাউল বান্ধি,
অসম ৰাইফল’ৰ লগত অন্য এটা বিদ্রোহী দলক দমন কৰিবলৈ
যোৱাৰ আগতে, এটা কুকুৰ কাটি উচ্চৰ্গা কৰা পূজাত যুদ্ধৰ নাচ-
আলোকচিত্র- ক্রিসট্ফ ফন ফ্যুৰা হাইমেনডৰ্ফ-
১৪ ডিচেম্বৰ,১৯৪৪ চন
১৪ ডিচেম্বৰ,১৯৪৪ চন
“স্কুল অৱ অৰিয়েন্টেল এন্ড আফ্রিকান স্টাডীজ”
সেয়া আছিল ১৯৬২ চনৰ চীনা আক্রমনৰ সময়।
`ৰিট্রিতিং `ইন্দিয়ান আৰ্মি'এ নেফাৰ বহুত ঠাইত অনেক অস্ত্র শস্ত্র আৰু যুদ্ধৰ সামগ্রী এৰি থৈ আঁতৰি আহিছিল। চিয়াংতাজুতো মিলিটেৰীয়ে অনেক বন্দুক বাৰুদ এৰিছিল। চীনা সৈন্যই প্রত্যাগমন কৰাৰ পিছত গাঁৱৰ মানুহবোৰে য'তে যি পাই লৈ গ'ল। চীনৰ লগত যুদ্ধ বন্ধ হোৱাৰ পিছত ভাৰত চৰকাৰে এই যুদ্ধ সামগ্রীবোৰ প্রশাসনক জমা দিবলৈ আদেশ দিলে। কিন্তু বাংণীবোৰে অস্ত্র শস্ত্রবোৰ লুকুৱাই পেলালে। `পেৰা মিলিটেৰী ফর্চ'ৰ সহায়ত চৰকাৰে গাঁওখন খানা তালাচ কৰি কিছু অস্ত্র-শস্ত্র উদ্ধাৰ কৰিব ধৰিলে।তাতে বাংণীবোৰে অসন্তুষ্ট হৈ মনে মনে পাং পাতিলে যে এই `চি আৰ পি এফ'বোৰক ইয়াৰ পৰা আঁতৰাব লাগিব। সিহঁতৰ গোপন ফন্দীৰ কথা বাহিৰত কোনো কোনাৱে কিবা সুত্রে গম পাইছিল যদিও তাত প্রশাসনে বিশেষ গুৰুত্ব নিদিলে।
এদিন আবেলি `চি আৰ পি এফ'ৰ কনিষ্টবলবোৰে
এই ভলীবল `ক'ৰ্ট'খনতে ভলী খেলি আছিল। কোম্পানীটোৰ আঠাইছ জন জোৱানৰ এজন কোৱাৰ্টাৰ `গার্ড
ডিউটি'ত আছিল। আনএজন আছিল পায়খানা ঘৰত। বাকী ছাব্বিছ জনে খেলি আছিল। কিছুমান বাংণী
মানুহে ভলী খেলা চাবলৈ `ক'ৰ্ট'ৰ চাৰিওফালে গোট খালে। বাংণীৰ ককালত সদায় এখন দীঘল চোকা
দা থাকেই। গতিকে সেই কথালৈকো কোনেও মনোপাত নকৰিলে। এজন বাংণী কিছুদূৰত `কোৱাৰ্টাৰ'ৰ
`আর্মড চিকিউৰিটি গার্ডজন'ৰ ওচৰলৈ গৈ ক'লে –
"বিৰি জিত"। মানে বিৰি এটা দে।
গার্ডজনৰ কোনো ধাৰণাই নাছিল বাংণীটোৱে কিয় বিৰি বিচাৰিছে। এইটো নিচেই সাধাৰণ কথা। গাৰ্ডজনে বিৰি দিবলৈ ৰাইফলটো হাতৰ পৰা আঁতৰাওতেই মানুহটোৱে তাৰ দীঘল দাখনেৰে জোৱানজনক কাটি মাটিত পেলাই দিলে আৰু লগে লগে সি বাংণী দোৱানত চিঞৰি তলত ভলীবল চাই গোট খাই থকা বাংণীবোৰক ইংগিত দি দিলে। তৎক্ষণাৎ গোটেই বাংণীবোৰে `চি আৰ পি এফ'ৰ ছাব্বিশজন জোৱানক কাটি শেষ কৰি দিলে। পায়খানাত থকা `চি আৰ পি এফ' জোৱানজনে কিবা সন্দেহ কৰি টয়লেটৰ পৰাই জুমি চাই অৱস্থাটো বুজি পাই জাপ মাৰি তললৈ নামি প্রাণ বচাই পাহাৰে পাহাৰে দৌৰিবলৈ ধৰিলে। বাংণীবোৰে ওপৰলৈ আহি অস্ত্র ভাণ্ডাৰৰ পৰা সকলো অস্ত্র লৈ গ'ল। তলত ভলীবল ক'ৰ্টত ছাব্বিশজন জোৱাজনৰ কটা-ছিঙা মৃতদেহ পৰি থাকিল। একমাত্র বাচি থকা জোৱানজনে যিমান পাৰে নিজকে লুকুৱাই হাবিৰ মাজে মাজে পলাবলৈ যত্ন কৰিলে।
চিয়াংতাজুৰ পিছৰ প্রশাসনিক `আউট প'ষ্ট'
বামেং আছিল কামেং নৈৰ ইটো পাৰত । খোজকাঢ়ি গ'লে আমাৰ দুদিন লাগে। তাত অসম ৰাইফলচৰ এটা
ইউনিট আছিল। `চি আৰ পি এফ'ৰ জোৱানজনে সেইফালে যাবলৈ ধৰিলে। ইতিমধ্যে বাংণীবোৰেও অনুমান
কৰিলে যে এটা জোৱান পলাল। সিহঁতে তাক বিচাৰি তাৰ পিছ ল'লে। জোৱানজনৰ তুলনাত পাহাৰীয়া
বাংণী মানুহৰ পাৰদৰ্শিতা বেছি, সিঁহত পাহাৰৰ পৰিবেশৰ লগত খাপখোৱা। গতিকে জোৱানজনতকৈ
বাংণীৰ সামর্থ্য বেছি।
শেষ সীমা পালেই আগত কামেং নদী।
এই জোৱানজনকো বাংণীয়ে খেদি খেদি প্রায়ে
ধৰো ধৰো হওঁতেই জোৱান জনে কামেং নদীৰ পানীত জপিয়াই দিলে। কামেং নৈৰ পানীৰ সোঁত অতি
প্রবল। সাধাৰণ অৱস্থাত কোনোৱে তাত জাপ মাৰিবলৈ সাহস নকৰে। কিন্তু মৃত্যু ভয়ে খেদি নিয়া
জোৱানজনে প্রাণ পণে কোবাল নদীত পৰি সাঁতুৰি সাঁতুৰি কোনোমতে কামেং নদীৰ ইটো পাৰ পালেগৈ।বাংণীবোৰে
আৰু যত্ন নকৰিলে।
পাৰত উঠিয়েই যিমান পাৰে সিমান সোনকালে
তেওঁ বামেং `আউট-প'ষ্ট'লৈ ঢাপলি মেলিলে। বামেংৰ অসম ৰাইফলচ ইউনিটত খবৰটো দিয়েই জোৱানজন
মাটিত ঢলি পৰিল। লগে লগে `ৱাইৱাৰলেচ মেচেজ' গৈ শ্বিলং পালেগৈ। তৎক্ষণাৎ চৰকাৰৰ পৰা
আদেশ আহিল চিয়াংতাজুলৈ যাত্রা কৰিব লাগে। যুদ্ধ সদৃশ পৰিবেশ। বাংণীবোৰেও ঠিকেই অনুমান
কৰিছিল অসম ৰাইফলচ আহিব বুলি। গতিকে সিহঁতো সাজু হৈ গ'ল অসম ৰাইফলচ অহালৈ। বাংণীবোৰৰ
বুদ্ধিও কম নহয়। সিহঁতে জানে আকাশী পথেৰেও চৰকাৰী পক্ষ আহিব পাৰে। আকাশতেই সিহঁতে প্লেন
ধৰিবলৈ পাং পাতিলে। দুটা পাহাৰৰ ওখ টিংৰ মাজৰ গিৰি পথত বেতৰ জাল তৈয়াৰ কৰি চৰাই ধৰাৰ
দৰে প্লেন ধৰিবলৈ যত্ন কৰিলে।
মানুহ কাটি কিছুমান বাংণী উন্মাদ প্রায়
হৈছিল। সিহঁতৰ হাতৰ দা মানুহৰ তেজেৰে আঠা লাগি ধৰিছিল। ভলীবল খেলা ক'ৰ্টখনত পৰি থকা
মৃতদেহবোৰ কুকুৰে খাবলৈ ল'লে। বাহিনীয়ে গাঁওখন ঘেৰাও কৰিলে। গুলিয়া-গুলি চলিল! গাঁওখনৰ
কিছুমান মানুহ গাঁও এৰি ওচৰৰ হাবিলৈ পলাল। কিছুমানক ধৰিলে, কেইটামানে নিজে ধৰা দিলে।
সিহঁতে `ৰাইফলচ' বাহিনীক পথ দেখুৱাই দিলে আৰু খবৰো দিলে। বহুতক তেজপুৰ জেললৈ পঠালে।
যিবিলাক তাজু গাঁৱৰ বাংণী মানুহ পলাই গ'ল, সিহঁতে কিছুদূৰত অন্য এখন গাঁও পাতিলে, নাম
দিলে `এৰি তাজু'।
চুটিকে এইখিনি বিৰৰণ দি হাজৰিকা কিছুপৰ
নিমাত হৈ ৰল।
মোৰো মনটো গহীন হৈ গ'ল। মই যেন সেই অসহায়
`চি আৰ পি এফ'ৰ জোৱান কেইজনৰ আর্তনাদ শুনিবলৈ পালো আৰু যেন দেখিলো বাংণীৰ দাৰ ঘাপত
বিচ্ছিন্ন মূৰ, হাত-ভৰি চাৰিওফালে সিঁচৰিত হৈ পৰি আছে।
আত্মসমর্পণ কৰা কেইটাৰ কোনো শাস্তি নহ'ল।
বাকী দোষী কেইটাক কাৰাদন্দ দিয়া হ'ল। ইনফর্মাৰ'বোৰৰ এটাক চিয়াংতাজুত মই পিছত লগ পাইছিলো।
তাক পিছত চিয়াংতাজু `এম,ই' স্কুলখনৰ পিয়নৰ চাকৰি দিছিল।
আমি পুনৰ পাহাৰ বগাবলৈ ল'লো।
----------------------------------------------------- Next Cyangtazo and the Bangnies
No comments:
Post a Comment