নিয়তিৰ কৌতুক
আয়ু
বেলি মাৰ গ'ল
ব'মডিলা
হস্পিতালৰ কাষতে,
ৰাস্তাৰ পৰা কেইটামান খোজ ওপৰলৈ উঠিয়েই মোৰ কোৱাৰ্টাৰটো
।
এটা অসম আর্হিৰ ঘৰ। ব'মডিলা অতি ঠাণ্ডা ঠাই হেতুকে মজিয়াখন কাঠৰ
তক্টাৰ। চীনা আক্রমনৰ সময়ত চীনা সৈন্য কিছুমান হেনু ইয়াতেই আছিল। চীনা
সৈন্য গুছি যোৱাৰ পিছতো ঘৰটো ঠিকে ঠাকেই আছিল। চীনাহঁতে ঘৰটোৰ কোনো
অনিষ্ট কৰা নাছিল।
কোৱাৰ্টাৰটো
ৰাস্তাৰ নিচেই কাষতে। ৰাতি গাড়ী অহা ষোৱা কৰাৰ শব্দ শুনা যায়। সদ্যহতে
ট্রাক আহিলে শব্দটো খুবেই বেছি জোৰে হয়। আাৰু শুনিয়েই মই সাৰ পাই যাঁও।
ট্রাকখন যদি হস্পিতালৰ ওচৰতে ৰখায় -
তেনেহলে অলপ পাছতে মোৰ দুৱাৰত
টোকৰ পৰাৰ বাবে মই সজাগ হৈ যাঁও । মই জানো দুৱাৰ খুলিলেই দেখিম - হাতত
কিছু কাগজ-পট্রৰ সৈতে কেইজনমান পুলিচ। কৰবাৰ পৰা মৃতদেহ এটা লৈ আহি
পাইছে। কাগজবোৰ চহী কৰি,
মৃতদেহটোৰ ভাৰ ল'ব লাগে পিছদিনা প'ষ্টমর্টেম কৰিবৰ
বাবে। প্রায়বোৰ প'ষ্টমর্টেম ময়ে কৰিব লগা হৈছিল। পিছলৈ ই মোৰ বাবে এটা আপদ
হৈছিলগৈ।
মোৰ
কোৱাৰ্টাৰটোৰ ওচৰতে আছিল মিঃ জৈনৰ
কোৱাৰ্টাৰটো। তেওঁ আছিল ইলেক্ট্রিকেল
ইঞ্জিনীয়াৰ। কামেং জিলাৰ বিদ্যুৎ নিগমত এছিচটেণ্ট এক্জিকিউটিভ ইঞ্জিনীয়াৰ
হিচাবে চাকৰি কৰিছিল। পৰিবাৰ আৰু দুজনী সৰু ছোৱালীৰ সৈতে ব'মডিলাত
আছিল। এদিন মিঃ জৈন আহি হস্পিতেল পালেহি, লগত ট্রাক এখনত দুটা
মৃতদেহ লৈ। গতানুগতিক ভাবে মইয়েই প'ষ্টমর্টেম কৰিব লগীয়া হ'ল । ইলেক্ট্রিকেল
ডিস্ট্রিবিউশন পেনেলৰ কাম কৰোতে দুর্ঘটনা হৈ শ্রমিক দুটা মৰিল। `মৰ্গ' ৰুমলৈ
মোৰ লগতে মিঃ জৈনও সোমাই আহিল প'ষ্টমর্টেম কৰা চাবলৈ।মেডিকেল শাষাৰ
লগত জৰিত থকা সকলৰ বাবে এটা মৃতদেহ চালি জাৰি চোৱাতো কিছু সময়ৰ পিছত
যদিও অতি সাধাৰণ হৈ পৰে অন্যৰ বাবে ই তেনেই সহজতে হৃদয় সঙ্গম কৰিব পৰা
নহয়। আমি দেহটো এটা আচ বাচ পত্রৰ দৰেই
জ্ঞান কৰো, অতি `ক্লিনিকেল' ভাবে।
মিঃ জেনে গোটেই সময়খিনি মোক কিবা কিবি সুধি ব্যতিব্যস্ত কৰি তুলিছিল।
ঠিক
এসপ্তাহৰ পিছত দুপৰীৰা সময়ত এখন ট্রাক হস্পিতেলৰ সন্মুখত আহি ৰ'লহি। দুটামান
মানুহে এটা মৃতদেহ নমাই আনি মর্গলৈ লৈ গ'ল। আকৌ এটা প'ষ্টমৰ্টেম। অতি
বিৰক্তি ভাবে মৰ্গ পালোগৈ। চকুৰ আগত যি দেখিলো তাৰ বাবে মই কদাপি সাজু নাছিলো।
মোৰ দেহৰ প্ৰতি অঙ্গই যেন শিথিল হৈ গ'ল।
যিটো
ৰুমত মাত্র এসপ্তাহৰ আগতে দুটা মৃতদেহ লৈ আহি প'ষ্টমর্টেম টেবুলৰ কাষত ৰৈ মোক
অলেখ প্রশ্ন কৰিছিল,
সেইখন টেবুলত পৰি আছে মিঃ জৈনৰ নিশ্চল দেহটো, মোৰ
হাতেৰে কৰা `প'ষ্টমর্টেম' ৰিপৰ্টৰ বাবে। কোনে
জানিছিল এসপ্তাহৰ আগতে অহা জীৱন্ত মানুহজন আজি মৃত হৈ একে
ঠাইলৈকে
আহিব।
বহুত
সময়ৰ লাগিল সম্বিৎ ঘুৰাই পাবলৈ।
নিয়মিত
কাৰ্য্যস্থল পৰিক্ষণৰ কাৰণে মি: জৈন গৈছিল
তেওঁৰ জীপ লৈ। অন্য কর্মচাৰীৰ
বাহিৰেও লগত আছিল আন এজন এক্জিকিউটিভ ইঞ্জিনীয়াৰ। পাহাৰীয়া ৰাস্তা, অনেক
কেঁকুৰি আছে। এটা সময়ত এক্জিকিউটিভ ইঞ্জিনীয়াৰে জীপ খন নিজেই
চলাবলৈ ল'লে। এটা কেকুৰি পাৰ হ'বলৈ যাঁওতেই জীপৰ পিচৰ চকা এটা
ৰাস্তাৰ
পৰা আতৰি গ'ল, ইঞ্জিনীয়াৰজনে সম্ভাৰ হেৰুৱাই পেলালে । জীপখন গৈ খাৱৈত
পৰি গ'ল। ইঞ্জিনীয়াৰজনৰ সতে বাকী কেইবাজনো গুৰুতৰ ভাৱে আহত হৈছে, অচেতন
অৱস্থাত হস্পিতেললৈ আনিছে। মিঃ জৈনৰ কিন্তু থিতাতে মৃত্যু হ'ল।
মিচেছ
জৈনে কাতৰ চিঞৰ এটা মাৰি হুঁচ হেৰুৱাই ঢলি পৰিলে। সৰু ছোৱালী দুজনীয়ে
বিচলিত নহৈ অতি ধীৰতাৰে মাকক চম্ভালিবলৈ ললে। নিজৰ দেউতাকক হেৰুৱাৰ
শূন্যতাই তেতিয়াও হয়তো সিহঁতক সম্পূর্ণভাবে চুই যোৱা নাছিল।
মিঃ
জৈনৰ ঘৰ দিল্লীত। অনতিপলমে খবৰ পঠোৱা গ'ল। গধূলিলৈ সম্পৰ্কীয় মানুহ আহি
পালেহি।
অপ্রত্যাশিতভাৱে
নিয়তিয়ে কেতিয়াবা কিছুমান অতি নিষ্ঠুৰ কৌতুক কৰি যায়।
কালেকটাংৰ
বিহু
কালেকটাংত
বিহুৰ আয়োজন হৈছিল। বমডিলাৰ পৰা চল্লিশ কিলোমিটাৰ মান দূৰত কালেকটাং।
পাহাৰীয়া নদীৰ পাৰৰ বৌদ্ধধর্মী আৰু চাৰদুকপেন জনজাতিৰ গাঁও আৰু এজন
চার্কোল অফিচাৰৰ তলত থকা এটা প্রশাসনীয় `হেড কোৱাৰ্টাৰ'।
গাওখনৰ পৰা
কিছু নিলগত `হেড কোৱাৰ্টাৰ'টোৰ চৰকাৰী চাকৰিয়ালৰ `কোৱাৰ্টাৰ'বোৰৰ এটা সৰু
চুবুৰি। কালেকটাংত অসমীয়া মানুহ যথেষ্ট আছিল আৰু সবেই মিলি মাঘ বিহুৰ ভোজৰ
আয়োজন কৰিছিল।মই কালেকটাংলৈ যাব লগা হৈছিল এই বিহুৰ সময়তে।
জানুৱাৰী
মাহৰ ঠাণ্ডাৰ আবেলি সময়।
কালেকটাংৰ চার্কোল অফিচাৰ মিঃ পাছা আহি মোক লগ
কৰিলেহি। ডেপুটি কমিচনাৰৰ পৰা এখন অর্ডাৰ আহিছে কালেকটাংত এটা হত্যাকাণ্ড
হৈছে - মই যাব লাগে। লৰালৰিকৈ কোৱাৰ্টাৰলৈ গৈ কাপোৰ সলাই ওলাই আহিলো।
মিঃ পাছাৰ জীপ সাজু হৈ আছিল। আমি দুয়ো ওলালো কালেংটাঙলৈ। মিঃ পাছা
মেঘালয়ৰ জয়ন্তীয়া জনগোষ্ঠীৰ মানুহ। অসমীয়া ক'থা ভালকৈ কব পাৰে। বৰ তামোল
খায়। দুয়ো কথা পাতি জীপৰে গৈ গধুলি সময়ত কালেকটাং পালোগৈ। প্রথমে হতাকাৰীটোক
চাবলৈ গ'লো। এটা ডেকা ল'ৰা। বয়সত বিশ বছৰ মান হব। এটা ডেকা ল'ৰা।
বয়সত বিশ বছৰ মান হব।
কালেকটাংত
থকা অসমীয়া মানুহৰ প্রায়বোৰেই অফিচ কর্মচাৰী, বেছিভাগৰ নিজা ঘৰ তেজপুৰৰ
ফালে। এইয়া জানুৱাৰী মাহ,
মাঘ বিহুৰ সময়।ঘটনাৰ দিনা অসমীয়া মানুহখিনিয়ে
বিহু পালনৰ আলোচনা কৰিবলৈ এখন মিটিং পাতিছিল। ষ্টাফৰ মাজত বৰা
উপাধিৰ নগাৱৰ ডেকা ল'ৰা এজনৰ আৰু দৰঙৰপৰা অহা বানেশ্বৰ দাসৰ মাজত কিবা
কথাত অলপ মতবিৰোধ হ'ল। দাস আছিল অনুসূচীত জাতিৰ কৈৱর্ত মানুহ।
মিটিঙতে
বৰাই দাসক 'ডোম বুলি গালি পাৰিলে আৰু দাসে খঙতে বৰাক এক থাপৰ মাৰি
তাৰ প্রত্যুত্তৰ দিলে। বৰা তৎক্ষণাৎ মিটিঙৰ পৰা ওলাই গ'ল। অলপ
পিছত বৰা ঘূৰি
আহিল আৰু এখন ডেগাৰ দাসৰ বুকুত ভৰাই দিলে। লগে লগে দাস পৰি গ'ল। মুখেৰে
তেজ ওলাই আহিল আৰু অলপ পিছতে মৰি থাকিল। মিটিঙত মানুহৰমাজত হুলস্থুল
লাগি গ'ল। পুলিচ আহিল,
বৰাক ধৰি বান্ধি লৈ গৈ কোনোবা এটা ঘৰত বন্ধ কৰি থ'লে।
পিছদিনা ৰাতিপুৱা মই ওলালো মৃত
ব্যক্তিক চাবলৈ। বানেশ্বৰ দাসৰ মৃতদেহটো
কালেকটাং হস্পিতেলৰ অপাৰেশন টেবুলৰওপৰত পৰি আছে। এটা বেছ শকত আৱত
মানুহ আছিল। বুকুৰ ডেগাৰৰ ক্ষত অংশটো চালো। ডেগাৰখন বুকুৰ মাজেৰে
সোমাই হাটৰ এটা চেম্বাৰ পাৰ হৈ গৈছৈ। তাৎক্ষণিক মৃত্যু। প'ষ্টমৰ্টেম
ৰিপটটো লৈ
হস্পিতেলৰ পৰা ওলাই আহিলো। কালেকটাংৰ মানুহে সৎকাৰৰ কাৰণে শ'টো লৈ
গ'ল।
মিঃ
পাছাই হত্যাকাৰী বৰাক চুলিত ধৰি জোকাৰি ক'লে - "তোক ফাঁচি
দিম"।
'মিটিং' আৰু নহ'ল, বিহুও
নহ'ল।
ফুফুড্ৰমা
ব'মডিলাত `ফুফুড্ৰমা'এটা
জনাজাত নাম।
তিব্বতীয়ান
তিৰুতা মানুহ। ওখ বেছি নহয়। কিন্তু পথালিয়ে বহুত শকত। মনপা পোছাকেৰে
থুপুক থাপাক খোজ কাঢ়ি ফুৰে। দালাই লামা তিব্বেতৰ পৰা প্ৰবজন কৰা সময়তে `ফুফুড্ৰমা' ব'মডিলালৈ
আহিছিল আৰু তেতিয়ৰ পৰাই ইয়াতে আছে। চৰকাৰী
শিল্পনুস্থানটোৰ ওচৰতে ফুফুড্ৰমাৰ ব্যৱসায় প্ৰতিস্থানটো। তাইৰ এখন কাপোৰৰ
দোকান আছে। লগতে প্ৰতিস্থানত এখন কাৰ্পেট বোৱা কেন্দ্ৰও আছে।
কেইবাখনো
শালত ভালেমান শিপিনীয়ে কাম কৰে। চৰকাৰী
শিল্পনুস্থানটোতো কাৰ্পেট বয়। কিন্তু মানুহে নিজৰ ঘৰৰ কাৰণে ফুফুড্ৰমাৰ কাৰ্পেটহে
কিনে। ফুফুড্ৰমাৰ কাৰ্পেট বিদেশলৈ নিয়মীয়া ভাবে ৰপ্তানী হয়। কাৰিকৰ শিপিনি
দুয়োটা প্ৰতিস্থানতে একেই তিব্বতীয়ান মানুহ। কিন্তু কাৰ্পেটৰ গুণাগুণ বিচাৰ কৰিলে
ক্ৰেতাৰ প্ৰথম পচন্দ ফুফুড্ৰমাৰ কাৰ্পেটতহে পৰে।
শ্বিলঙৰ পৰা উপৰাজ্যপাল মিঃ
ৰাজা ব'মডিলা পৰিদৰ্শনৰ কাৰণে আহোতে চৰকাৰী শিল্পনুস্থানটোৰ কৰ্ম্মচাৰী আৰু
পৰিচালক মণ্ডলীক বাৰে বাৰে সুধিছিল চৰকাৰী শিল্পনুস্থানত বোৱা কাৰ্পেটে কিয় বিদেশী
বজাৰত ফুফুড্ৰমাৰ কাৰ্পেটৰ লগত ফেৰ মাৰিব নোৱাৰে।
ফুফুড্ৰমাৰ
দোকানলৈ এদিন গৰম কাপোৰ কিনিবলৈ ওলালো। দুকানৰ গাদীত বহি থকা
মানুহজনক তাই তাইৰ গিৰিয়েক বুলি
চিনাকি দিলে । কিবাকিবি কিনি ওলাই আহিলো। কোৱাৰ্টাৰলৈ
উভটি আহি অনুভব কৰিলো লাগতিয়াল কেইপদমান বস্তু অনা নহ'ল। পিছদিনা
সময় উলিয়াই আকৌ ফুফুড্ৰমাৰ দুকান পালোগৈ। ফুফুড্ৰমাই হাতযোৰ কৰি মূৰ দোঁৱাই `নমস্তে' বুলি
কৈ জনালে।
আজি দুকানৰ
গাদীত অন্য এজন মানুহ বহি আছিল। বস্তু কিনাৰ পিছত এই মানুহজনৰ লগতো
মোক চিনাকি কৰি দিলে-তাইৰ গিৰিয়েক বুলি।
মই একো
ধৰিব নোৱাৰি মানুহজনলৈ চাই থাকিলো। আগদিনা আহোতে অন্য এটা মানুহকহে
তাইৰ গিৰিয়েক বুলি চিনাকি দিছিল। আজি দেখা মানুহটো বেলেগ। একেটা ৰাতিৰ
ভিতৰতে মানুহজন কেনেকৈ সলনি হৈ গ'ল? কথা কি! মোৰ
মুখত প্রকাশ পোৱা আচৰ্য্যজনক ভাবটো ফুফুড্ৰমাই লক্ষ্য কৰিছিল যদিও তাইৰ কোনো
প্রতিক্রিয়া নাছিল। দোকানৰ পৰা এটা বিভ্ৰান্ত মন লৈ ওলাই আহিলো।
পিছত জানিব
পাৰিলো-দুইটা মানুহেই ফুফুড্ৰমাৰ গিৰিয়েক। তিব্বতীয়ান সমাজত বহু স্বামী
ৰখাৰ প্ৰথা আছে। সাধাৰণতে এজনী তিৰোতাই এটা পৰিয়ালৰ কেইবাটাও বা আটাইকেইটা
ভায়েক ককায়েককে বিয়া কৰে।
মহাভাৰততহে
পাইছিলো পঞ্চপাণ্ডব দ্ৰৌপদীক। এতিয়া দেখিলো- ব'মডিলাতো `দ্ৰৌপদী' আছে
উকীলৰ
লগত
"উকীললৈ কেতিয়াও ভয় নকৰিবা, কাৰণ
এজন উকীলক তুমি যিমান সমীহ কৰা, এজন
উকীলেও তোমাকো সিমানেই সমীহ ভাবে চায়"। এইটো `ফৰেনচিক মেডিচিন'ৰ
ক্লাচত আমাক দিয়া উপদেশ।
ব'মডিলাত
চেচন আদালতত এটা হত্যাৰ গোচৰত সাক্ষী দিছিলো। `প'ষ্ট-মৰ্টেম'টো
মইয়ে
কৰিছিলো। বিৰোধী পক্ষৰ উকীল আহিছিল তেজপুৰৰ পৰা। মই তেওঁক
আগতে
কেতিয়াও লগ পোৱা নাছিলো। শপত লোৱাৰ পিছত মোক ওলোটাই
পোলোটাই
প্রশ্ন সুধিছিল। -"ডেগাৰেৰে কৰা বুকুৰ আঘাটডোখৰ কিমান ডাঙৰ
আছিল"?
-"জব্দ কৰা ডেগাৰখন ঘাঁডোখৰৰ
আকাৰৰ লগত মিলে নে নাই?"
-"আপোনাৰ প'ষ্ট-মৰ্টেম
ৰিপৰ্টটোত ব্যৱহাৰ কৰা চিঞাহীৰ ৰং কিয় বদলি গৈছে?" ইত্যাদি
নানান অসংলগ্নীয় প্রশ্নৰে মোক বিৰক্ত কৰিবলৈ যত্ন কৰিছে যাতে মই ধৈৰ্য্যচুত
হৈ তেঁওৰ প্রশ্নৰ মেৰপাকত পৰি যাঁও আৰু মোৰ সততা সম্পূৰ্ণভাবে সন্দেহজনক
হৈ পৰে। বিৰোধী পক্ষৰ উকীলৰ জেৰাৰ পিছত মই বহুত কথাই শিকিলো-
সত্য
ঘটনাটো বর্ণনা কৰাৰো বিশেষ কৌশল আছে। একেখন ডেগাৰেৰে কৰা একেডোখৰ
ঘাঁকেই, একেটা বস্তু বা পৰিস্থিতিকে, বিভিন্ন ধৰণেৰে বৰ্নণা দিব পাৰি। প্রতিবাৰেই
তাৰ অৰ্থ বেলেগ বা সম্পূৰ্ণভাবে ওলোটাও হব পাৰে। `চাৰ্কোমস্টেনছিয়েল এভিডেন্স' থাকিলেও
`মেডিকেল এভিডেন্স'
সম্পূৰ্ণ নিৰপেক্ষিক হোৱাতো উচিত।
এবাৰ
ৰঙাপাৰত এটা আর্মিৰ `জেনেৰেল ক'ট মাৰ্চিয়েল'ত `প্রচিক্যিউছন'ৰ সাক্ষী হৈছিলো।
এটা সৰু ল'ৰাক আৰ্মিৰ গাড়ী এখনে খুন্দিয়াই মাৰিলে, `হিট এন্ড ৰান' কেছ। `প`ষ্ট-মৰ্টেম' মইয়ে
কৰিছিলো। `প্রচিক্যিউছন'ৰ উকীল আহিছিল কলিকতাৰ পৰা। মোক
ক'ৰ্টত সুধিলে-
"গাড়ীখনে খুন্দিওৱাটোৱেই কি ল'ৰাটোৰ
মৃত্যুৰ কাৰণ"?
"হয়" মই ক'লো।
"আপুনি একেবাৰে নিশ্চয় নে"?
"হয় মই একেবাৰে নিশ্চয়" মই
ক'লো।
ক'ৰ্ট
স্থগিত হোৱাত আমি আর্মিৰ মেছলৈ আহিলো। উকীলজনে আহি মোক ক'লে-
"এইয়া প্রথমবাৰ কোনো ডাক্তৰক লগ
পাইছো যি ইমান চিধা উত্তৰ দিছে। সাধৰণতে সকলো
ডাক্তৰে "হয়তো এই কাৰণে" বা "এইটোও মৃত্যুৰ কাৰণ হব পাৰে" বা আনধৰণে
ঘুৰাই-পকাইহে উত্তৰ দিয়ে"।
এটা
শিক্ষা পালো-কেতিয়াও চিধা উত্তৰ দিয়াটো উচিত নহয়, কৰবাত ভুল হলে বা পৰিস্থিতি
অনুযায়ী ৰায় বদলি কৰিবলৈ ৰাস্তা থ'ব লাগে।
অন্য এবাৰ
জং নামৰ ঠাইত সাক্ষী হৈছিলো।
জং'ও এটা
মিলিটেৰী স্টেচন্ আৰু এইটোও এটা `জেনেৰেল ক'ট মাৰ্চিয়েল' আছিল। মিলিটেৰী
এজনে কৰা গুলি লাগি এজন `চিভিলিয়ান'ৰ মৃত্যু হ'ল। `চিভিলিয়ান'জনৰ এটা
ভৰিত দুটা গুলি পাৰ হৈ যোৱাৰ ফুটা আছিল, এটা কৰঙনত আৰু আনটো ভৰিৰ কলাফুলত।মোক
সুধিলে -
"কেইটা বুলেট ফায়াৰ কৰিছিল"?
মই ক'লো -
"দুটা বুলেট"।
তেতিয়া `প্রিচাইডিং
অফিচাৰ'জনে এটা সৈন্যক মাতি আনি তাক মাটিত লেপেটি কাঢ়ি
বহিবলৈ ক'লে, ভৰি দুটা আঁঠুত ভাঁজি কৰি। সৈন্যটোলৈ আঙুলিয়াই তাৰ ভাজ কৰা
কৰঙন আৰু কলাফুললৈ দেখুৱাই মোক পুনৰ সুধিলে- "ডাক্তৰ এইটো সম্ভবনে একেটা
গুলিয়েই দুয়োটা ঘাঁ কৰিছিল"?
মই জোখ
লৈ দেখিলো হয়, একেটা গুলিয়েই কৰা দুয়োটা আঘাত। গুলি সোমোৱা ফুটাটো সৰু আৰু ওলাই যোৱা ফুটাটো ডাঙৰ হয়। ৰায় দিয়াৰ
আগতে সকলো সম্ভাবনা
চালি-জাৰি চাব লাগে- এটা ভাল শিক্ষা পালো।
দাহুনত এটা হত্যাকাণ্ডৰ কেছ আছিল।
দুটা সৰু ল'ৰা ছোৱালী থকা এজন চিপাহীয়ে ঘৈনীয়েকক ডিঙি চেপি মাৰিলে।
`প'ষ্ট-মৰ্টেম'
ময়ে কৰিছিলো।
মোক
সোধা গ'ল- "তিৰোতা জনীৰ মৃত্যুৰ কাৰণ কি"?
"স্ট্রেঙগোলেছন, ডিঙি
টিপা হৈছিল" মই ক'লো।
"আৰু কি এভিডেন্স পোৱা
গৈছিল"?
"যৌনাঙ্গৰ পৰা `চেমিনেল
ফ্লুইড' ওলাই অহা দেখা হৈছিল।
গিৰিয়েকেক
কাঠগঢ়ালৈ মাতি আনা হ'ল, কিন্তু কোনোমতেই সি মুখ নেমেলাত ক'ৰ্টে মোক
গোটেই ঘটনাপ্রবাহটো পুনৰনিৰ্মাণ কৰিবলৈ ক'লে। `ইনকুৱেষ্ট
ৰিপৰ্ট'টো মই পঢ়িছিলো, কিন্তু
গোটই ঘটনাটো ক্রমানুসাৰে সজাবৰ কাৰণে ভবাই নাছিলো।
সম্ভৱণা
এনে আছিল- ঘৰৰ ওপৰৰ মহলাত থকা মানুহটোৰ সৈতে চিপাহীৰ ঘৈনীয়েকৰ
অবৈধ সম্পৰ্ক আছিল। গিৰিয়েকৰ অনুপস্থিতিত দুয়োটা ঘৰত লগ হৈছিল।
এদিন হঠাৎ গিৰিয়েক ঘৰলৈ উভটি আহিলত সিঁহত ধৰা পৰিল। মানুহটো কিবাকৈ
পলাল। খঙত চিপাহীয়ে ঘৈনীয়েকক ডিঙি চেপি মাৰি পেলালে। ধৰা পৰাৰ সময়ত
নিশ্চয় সিঁহত যৌনকাৰ্য্যত লিপ্ত আছিল আৰু সেয়ে ঘৈনীয়েকৰ যৌনাঙ্গত `চেমিনেল ফ্লুইড' পোৱা
গৈছিল।
আমি
আমাৰ অভিজ্ঞতাৰ পৰাই শিক্ষা পাঁও, আৰু আমাৰ ভুলৰ পৰাই অভিজ্ঞতা হয়।
আকৌ এটা
শিক্ষা পালো।