Thursday, March 20, 2014

Chapter XI -Made for each other




দুয়ো দুয়োৰে লগৰীয়া

চৈধ্যটা বছৰ অৰুণাচলত পাৰ হৈ গ'ল।
এটা বিদ্রোহ মনোভাবেৰে আহি লাহে লাহে অৰুণাচলৰ বৈচিত্ৰময় পৰিবেশৰ লগত খাপ খাই গৈছিলো। মই বুজি পাইছিলো ইয়াৰ নিয়ম, ভাবধাৰা যিমানেই জটিল, ই সিমানেই সহজ আছিল। চিয়াংতাজুৰ ঊদণ্ড বাংণীৰ পৰা উদাৰ মনপালৈকে সকলো মোৰ আপোন হৈ পৰিছিল। কিন্তু মই যিমানেই অৰুণাচলৰ লগত সহজ হৈ নপৰিছিলো লাগে, অৰুণাচলে মোক কোনোবা নহয় কোনোবা মুহুৰ্তত আকৌ বিভ্ৰান্ত কৰি তুলিবলৈ কোনোদিনেই বিফল নহৈছিল। এই পাহাৰে সাৱটি ৰখা বিভিন্ন জনজাতিবোৰৰ মাজত মই উদাৰ আৰু
বিজ্ঞানসুলভ মনোভাৱৰ মনপাৰ পৰা আদিম লাজুলৈকে দেখা পাইছিলো। 

খুনচাৰ পশ্চিম ফালে প্রায় চল্লিছ কিলোমিটাৰ নিলগত টিৰাপৰ এটা `আউট প'ষ্ট' 'ল লাজু। এই 'আউট প'ষ্ট'টো নাগালেণ্ডৰ প্রায় ওচৰত। লাজু এতিয়াও বহু আদিম অবস্থাতেই আছে। লাজুৰ প্রায়বোৰ মানুহেই নগা জনজাতিৰ আৰু আমাৰ তথাকথিত সভ্যতাৰ পৰা বহু দূৰত।এবাৰ জীপত গৈ থাকোতে ৰাস্তাৰ ওপৰত একেবাৰে উলঙ্গ গাভৰু ছোৱালীৰ জাক দেখি মই অবাক হৈ গৈছিলো! আমাৰ জীপ ওচৰ চাপি অহাত সিহঁত কাষৰ হাবিলৈ সোমাই লুকাই গৈছিল।  লাজুৰ দৰে নক্তেবোৰো নগাই। সিহঁতৰ মাজতো তেতিয়াও মানুহৰ মূৰ চিকাৰ কৰা প্রথাটো প্রচলিত আছিল। শক্রৰ মূৰ কাটি লৈ অনাটো এটা গৌৰৰ আৰু বীৰত্বৰ চিন বুলি ভাবিছিল। শত্রুৰ মূৰটো এটা ডাঙৰ ট্রফী। বহুতৰ ডিঙিত কাঠেৰে বনোৱা মানুহৰ মূৰৰ মালা দেখিছিলো। এবাৰ এজন নক্তেৰোগীয়ে মোকো এদাল কাঠেৰে বনোৱা মানুহৰ মূৰ থকা মালা পিন্ধাই দিছিল। বহুদিনলৈ ৰোগীটোৱে কৃতজ্ঞতাৰ চিন হিচাবে দিয়া এই ট্রফীটো মোৰ লগত আছিল।

মই ভাবিবলৈ বাধ্য হৈ পৰছিলো, দা'ৰে কাটি গণহত্যা কৰিব পৰা বাংণী, মানুহৰ মূৰৰ মালা বনোৱা নিৰ্দয় নক্তে, ইহঁতৰ মনত জানো কিবা অনুভূতি হব পাৰে?  
উত্তৰটোৱে মোক আকৌ আচৰিত কৰি পেলাইছিল।

চল্লিছ বছৰৰ পিছত আজি হয়তো বহুততেই সময়ৰ পলস পৰিছে। যান্ত্রিক পৰিবৰ্তনৰ আঁৰত আজি তেতিয়াৰ সেই নিৰীহ অবোধ সৌন্দৰ্য্য কৰবাত লুকাই গৈছে। মই আশা কৰো মোৰ অৰুণাচলৰ কথা ইয়াতেই শেষ হওক যাতে মোৰ সান্নিধ্যলৈ অহা অৰুণাচল খন মোৰ মনত চিৰদিনৰ বাবে ইয়াতেই ৰৈ যাওক।

হস্পিতেলৰ পৰা এদিন পিছ সন্ধিয়া জৰুৰী 'কল' এটা আহিল। গৈ দেখিলো - মধ্য বয়সীয়া নক্তে মানুহ এটা `ইমাৰজেন্সি বেড'ত পৰি আছে। দুয়োটা অণ্ডকোষ থেতেলা খাই সম্পূৰ্ণভাবে ভাঙি গৈছে। মই আচৰিত হ'লো। কেনেকৈ এনে হ'? বিষেৰে জৰ্জৰিত মানুহটোৱে মুখখন আনফালে ঘূৰাই দিলে। হস্পিতেললৈ লৈ অহা লগৰ মানুহটোৱে তাৰ হৈ মোক কৈ গ'ল -
"হঠাতে মই শুনিলো মোৰ মাইকীজনী কোনোবা বেলেগ মতাৰ লগত গুছি গ'ল। গধূলি হৈ গ'ল। মই তাইৰ বাবে বাট চাই ৰৈ থাকিলো, তাই কিন্তু মোৰ ওচৰলৈ উভটি নাহিল।
মই এতিয়া কিয় এনেকৈ জীয়াই থাকিব লাগে ?  যিজনী মাইকীৰ লগত গোটেই জীৱন একেলগে জীবলৈ- মৰিবলৈ লৈছো তাইয়ে মোক এৰি গ'ল আন কাৰোবালৈ। মই এতিয়া এইবোৰ লৈ কি কৰিম ? নেলাগে মোক কোনো অদৰ্কাৰী পুৰুষত্ব। ই মোৰ আৰু কোনো কামত নাহে। পাহাৰৰ জুৰিটোলৈ নামি গ'লো। শিল এটাৰ ওপৰত বহি হাতত আন এটা শিল লৈ মই মোৰ এই বোজা দুটা খুন্দিয়াই খুন্দিয়াই গুৰি কৰি পেলালো। নেলাগে মোক এইবোৰ"!
কোনো `এনাস্থেছিয়া' নিদিয়াকৈয়ে মই তাৰ ভাঙি যোৱা অণ্ডকোষ দুটাৰ জাবৰ বোৰ গুচাবলৈ ধৰিলো। তাৰ মুখত কোনো কষ্ট অনুভব কৰাৰ চিন নেদেখিলো। সি জীৱনৰ প্রতি ইমানেই হতাশ হৈছিল যে ইমান মাৰাত্মক বিষতো মুখেৰে এটাও শব্দ উচ্চাৰণ নকৰিলে। গোটেই অস্ত্রোপ্রচাৰটো কোনো `এনাস্থেছিয়া' নোহোৱাকৈয়ে সম্পূর্ণ হ'ল।

অলপ পিছতে এজনী নক্তে তিৰোতা হস্পিতেললৈ ৰোগীটোক চাবলৈ আহি ৰোগীটোৰ  ওচৰত ঠিয় হৈ ৰ'ল। কাৰো মুখত মাত নাই, ইটোৱে সিটোৰ ফালে চোৱাও নাই, দুয়োটাৰে দৃষ্টি কোনোবা এটা অদৃশ্য শূন্যত স্থিৰ হৈ গৈছে। দুয়োটাৰে চকুত কিন্তু ভাষাহীন প্রশ্নৰ অলেখ আকুতি। এইজনীয়েই হ'ল তাৰ মাইকী - যিজনী কাৰোবাৰ সতে গুছি যোৱা বুলি শুনি সি তাৰ অণ্ডকোষ দুটা থেতেলিয়াই পেলালে।

লাহেকৈ তাই আমাৰ ফালে ঘূৰি চাই সোপা মাৰি ধৰা গলাৰে ক'লে-  
 "মইতো কাৰো লগত যোৱা নাছিলো। কিবা কামতহে অকণমাণ আঁতৰি গৈছিলো। তেনেহলে কিয় সি নিজকে কষ্ট দিছে"?

কেনে উগ্র ভালপোৱা ? কেনে কোমল অনুভূতি! অকণমাণ নেদেখা হ'লেই গোটেই পৃথিৱীখন ডুবি যায়। জগত এন্ধাৰ হৈ পৰে!

সিহঁতৰ অনুভূতিক নমস্কাৰ জনাই মই হস্পিতেলৰ পৰা ওলাই আহিলো।

Chapter X -Nokte of Tirap



টিৰাপ জিলাৰ সদৰ স্থান 'খুনচা'


আমি নাহৰকটীয়া - জয়পুৰহৈ খুনচালৈ গৈছিলো। ডঃ ভূপেন হাজৰিকাৰ 'টিৰাপ সীমান্ত - ৰূপৰ নাই অন্ত' গানটো শুনি শুনি খুনচা চাবলৈ আগৰে পৰা ইচ্ছা আছিল।

খুনচা জিলা হস্পিতেললৈ বদলি হৈ কামত যোগদান কৰিবলৈ গ'লো।

নাহৰকটীয়াৰ পৰা কেইঘন্টামান গৈয়ে গন্তব্যস্থান পালোগৈ। বস্তিৰ গাতে লাগি থকা 'ৰামকৃষ্ণ মিশনৰ' প্রতিস্থানটো প্রথমেই চকুত পৰিল। গাড়ীৰ পৰাই অনুভৱ কৰিলো, চাপৰ চাপৰ পাহাৰেৰে ভৰা খুনচা সঁচাকৈয়ে মন মুগ্ধ কৰি নিয়াকৈ সুন্দৰ।  কিন্তু টাওনখন বৰ ওখ-চাপৰ ভাবে বিস্তৃত, চলা-ফুৰা কৰাত খুব অসুবিধা হোৱা ঠাই। টিৰাপ নগালেন্ডৰ গাতেই লাগি আছে, আৰু খুনচাৰ আশে পাশে থকা ইয়াৰ জনজাতি নক্তে বিলাক আচলতে নগাই। কিন্তু শাৰীৰিক ভাবে বেছি সবল নহয়। নগা পাহাৰৰ নগা মানুহৰ দৰে  থুলন্তৰ মানুহ কমেই দেখা পালো।

টিৰাপৰ এই অঞ্চলটোত আফু খেতি হয়। সদ্যহতেই গাঁৱৰ বহু মানুহেই কানি খায়। আৰু স্বাভাবিকভাবেই হস্পিতেলত এটা `ওপিয়াম ডি-এডিক্সন চেণ্টাৰ' আছে। আগতে হেনু অনেক কানিয়া আছিল। এতিয়ালৈ বহু কমিলে।

খুনচাত মই থকা ঘৰটোৰ সন্মুখত অলপ সমান ঠাই আছিল। এদিন কি জানো মন হ', ভাবিলো শাক-পাচলি খেতি কৰো। ঘৰৰ বাৰীত হোৱা শাকৰ সোৱাদ সৌ তাহানিতেই পাহৰি পেলাইছো। কোৰ মাৰি মাটিখিনি তৈয়াৰ কৰিবলৈ দুটা নিষকতীয়া যেন নক্তেক মাতি আনিলো। সিঁহত দুয়োটা আটাইবোৰ নক্তেৰ দৰে দেখিবলে একেই, শ্রীবৃদ্ধি নাইকিয়া আছিল।
কিছু সময় নিৰ্বিকাৰ ভাবে থিয় হৈ থকাৰ পিছত সিহঁত দুয়োটাই ভৰিৰ পতাৰে মাটি জোখিবলৈ ল'লে। এটাই কেইখোজ মান গৈ মাটিতে ভৰিৰ গোৰোহাৰে দাগ এটা দি ক'লে -
"আমি ইমানহে কৰিম"।

সিহঁত দুটাৰ লগত মোৰ বন্দোবস্ত কৰোতেই বহু সময় পাৰ হ'ল। কোনো মীমাংসা নহ'ল। শেষত দুয়োটাকে বিদায় দিলো। ইহঁত দুইটা কানিয়া আছিল, কাম একো নকৰে। মাত্র ইফালে সিফালে ঘূৰি ফুৰে আৰু এনেয়ে সময় কটাই।
অৱশেষলৈকে মোৰ শাকপাচলি কৰা হৈ নুঠিল।

আন এদিনৰ কথা, হস্পিতেলত গৈ দেখিলো এটা কানিয়াই বাৰান্দাত বহি আছে, অহা যোৱা সকলোৰে পৰা কানি খুজি খুজি । কাৰো পৰা কানি নোপোৱা স্বত্বেও সি দুদিন হম্পিতেলৰ বাৰান্দাত বেৰতেই আঁউজি বহি থাকিল অকনো লৰচৰ নকৰাকৈ।
তৃতীয়দিনালৈকে কানিয়াটো বাৰান্দাত বহি বহিয়েই মৰি থাকিল।

হস্পিতেললৈ প্রায়ে কিছুমান উদ্ফাই বেমাৰী আহিছিল। বহুত উশাহ-নিশাহৰ সমস্যাত  ভুগিছিল। খুনচাত ময়ো যেন কিবা এটা অসুখীয়া অসুখীয়া ভাৱ অনুভৱ কৰিছিলো।


ৰডূৰীয়া নামঘৰ

খুনচা বস্তিৰ অলপ নিলগত বৰডুৰীয়া বস্তি। নাহৰকটিয়াৰ খুনচালৈ আহোতে  ৰাস্তাটোৱে বৰডুৰীয়া বস্তি চুই যায়। কিছু নিলগত বৰডূৰীয়া নামঘৰ, আৰু অকণমান দূৰৈত বৰডুৰীয়া ৰজাৰ হাউলী।খুনচাত কামত যোগ দিয়াৰ কেইমাহ মানৰ পিছতেই নামঘৰৰ পৰা দুগৰাকী তত্বাবধানকাৰী মহিলা আহিছিল চিকিৎসা সম্বন্ধীয় কামত। উভটি যোৱাৰ সময়ত মোক নামঘৰলৈ আমন্ত্রণ জনাই গ'ল। 
ৰজানো দেখিবলৈ কেনে হয়, ৰজাৰ হাউলীয়েই বা কেনে হয় সৰুতে নিজকে সোধিছিলো। এতিয়া বৰডূৰীয়ালৈ
নিমন্ত্রণ পাই ভাল পালো। ৰজাৰ ঘৰটো দেখা পাম।
বৰডূৰীয়ালৈ পাঁওতে আবেলি হৈছিল। ৰাজহাউলীটো এটা ডাঙৰ কংক্রিটৰ পকা ঘৰ।
কল্পানাত থকা ৰজাৰ ঘৰ ভাম্ভিৰ্য্য থাকিলেও স্থানীয় স্থাপত্যশিল্পৰ কোনো আভাষ নাছিল। দেখি হতাশ হ'লো। নামঘৰ ওলালোগৈ। নামঘৰটো এটা অৰ্দ্ধস্থায়ী ঘৰত স্থাপিত। তোৰণত উপস্থিত হঁওতেই তত্বাবধানকাৰী  দুগৰাকী ওলাই আহি আমাক ভিতৰলৈ আগবঢ়াই নিলে। নামঘৰটো  আমাৰ ভৈয়ামৰ নামঘৰৰ দৰেই, একে আচনিতে সজা। স্কুলত পঢ়ি থাকোতে সত্রতেই নিবাসী এজন সহপাঠীৰ লগত নাজিৰাৰ বাৰেঘৰ সত্রলৈ গৈছিলো। সত্রত মই লগ কৰা  এগৰাকী মহন্তয়েই এই বৰডূৰীয়া নামঘৰৰ দীক্ষা দান কাৰ্য্যৰ গুৰি ধৰিছিল।
আমাক নামঘৰৰ মজিয়াতে ঢৰা পাৰি বহিবলৈ দিলে। কাহৰ বান বাতিত চাহ আহিল। প্রাথমিক শুভবাৰ্তা আৰু চাহৰ পিছত আমি নামঘৰৰ বিষয়ে কথা পাতিলো। নামঘৰলৈনক্তে সমাজৰ ভকত মাজে মাজে আহে, চাকি জলাই সেৱা জনাই যায়, নাম প্রসঙ্গও মাজে মাজে হয়। বাৰেঘৰ সত্রৰ পৰা মহন্তদেৱ আহিলে  নক্তে ভকত সকল তেখেতৰ দৰ্শনৰ বাবে আহে। আগতে বহুত ভকত আহিছিল, আজিকালি পাতলীয়া হৈছে। নামঘৰৰ পৰিচালনা বিষয়ে কথা পাতি অনুমান কৰিলো নামঘৰৰ আজন্তৰিন অৱস্থাটো বৰ সুস্থ নহয়। মই মনতে অলপ অস্থিৰতা অনুভৱ কৰিলো। 
বৰডূৰীয়া বস্তিত খ্রিষ্টান ধৰ্মৰ এটা অন্তঃস্রোতৰ আভাষ পালো। প্রকাশ্যে একো নেদেখিলেও সমাজৰ লোকৰ ভাবৰ কিছু পৰিবৰ্ত্তন অনুভব হ'ল। তাহানি ৰাম আতাই স্থাপন কৰি যোৱা বৈষ্ণব ধর্মৰ প্রাদুৰ্ভাবৰ প্রৱনতা কিয় হ্রাস পাইছে ? খ্রিষ্টান ধর্মৰ শিপা তলে তলে কিয় পুখাইছে? আমাৰ দুৰ্ব্বলতা ক'? নিশ্চয় আমাৰ কৰ্ত্তব্যনিস্থাৰ অভাব।
নামঘৰৰ বেৰত, এগৰাকী মাতৃয়ে এটি নবজাত শিশুক স্তনপান কৰাই থকা ছবি বন্ধাই থোৱা আছিল। ছবিখন দেখি খ্রিষ্টান ধর্মৰ মাদাৰ মেৰীলৈ মনত পৰিল। মই কলো এই ছবিখন মোকেই দিয়ক, মোৰ চিকিৎসা কক্ষতে বেচি সুৱাব। তাৰ সলনি নামঘৰৰ উপযুক্ত অন্য ছবিৰ মই জোগাৰ কৰি দিম। 
নামঘৰৰ তত্বাবধানকাৰী দুগৰাকীৰ পৰা বিদায় লৈ আমি ওলাই আহিলো। মনত অনেক ভাব আহিল- আমাৰ ধৰ্ম্মীয় অনুস্থান বোৰৰ কিবা সংস্কাৰৰ প্রয়োজন নেকি বাৰু? হিন্দুধৰ্ম্মৰ দাৰ্শনিকতা অতি গভীৰ। আমি হয়তো নিজেই বুজা নাই নাইবা
আনকো বুজাব পৰা নাই।
উভটি আহোতে বৰদূৰীয়া ৰজাৰ ৰাজহাউলীটোলৈ আকৌ চালো- পকা বেৰৰ ফাটবোৰৰ কৰবাত কৰবাত বৰগছৰ শিপা গজিছে।



Chapter IX -Rinpoche



ৰিমপুনচি

বৌদ্ধ মন্দিৰত এটা শান্তি আৰু স্নিগ্ধ পবিত্রতা আছে বাবেই গৈ ভাল পাঁও। 
বৌদ্ধ মন্দিৰবোৰক গম্পা বা মনাষ্ট্ৰি বুলিও কোৱা যায়। ব'মডিলাৰ উচ্চ খাপত থকা বৌদ্ধ মন্দিৰটোক ওপৰ গম্পা' বুলি কয়। মন্দিৰৰ মুখ্য ধৰ্ম্মগুৰুক ৰিমপুনচি' বোলা হয়। বৌদ্ধ ধৰ্ম্মত পূৰ্ণজন্মৰ বিস্বাস আছে। তেঁওলোকৰ মতে এজন `ৰিমপুনচি'য়ে মৃত্যুৰ পিছত কৰবাত নহয় কৰবাত আকৌ জন্ম লয়। মন্দিৰৰলোকে সপোন বা অন্য উপায়েৰে তাৰ সম্ভেদ পাই সেই শিশু ৰিমপুনচিক আনি মন্দিৰত স্থাপন কৰে। কিন্তু তাৰ আগতে শিশুজনে অনেক শিক্ষা, কঠোৰ অনুশীলনতাৰ মাজেৰে পাৰ হ'ব লাগে।

এদিন ৰবিবাৰে পুৱা গম্পা'লৈ বুলি ওলালো।
গম্পাৰ এটা কোঠাত এটা সৰু ল'ৰাক এজন বয়সস্থ মানুহে কিবা পঢ়াই আছিল।  'ৰাটোৰ বয়স আঠ বছৰমান হ'ব। ল'ৰাটোৰ মুখখন আৰু শিক্ষকৰ চকু দেখি বুজিলো-পাঠ অলপ টান হৈছে। শিক্ষক আৰু ছাত্ৰৰ ওপৰত বেছ হেঁচা পৰিছে। আমাক দেখি শিক্ষকে ছাত্ৰজনক কিছু বিৰতি দি আমাৰ লগত কথা পাতিবলৈ ওলাই আহিল।মন্দিৰৰ শিক্ষাগুৰুৱে ক'লে-এই ল'ৰাজন নতুন `ৰিমপুনচি'। এই বৌদ্ধ
মন্দিৰৰ আগৰ ধৰ্ম্মগুৰুজনৰ নতুন অৱতাৰ।  কেইবা বছৰো ধৰি বহুত বিচৰাৰ পিছত টাৱাংৰ এখন ভিতৰুৱা গাঁৱত আগৰ `ৰিমপুনচি' জনে পূৰ্ণজন্ম লোৱাৰ সম্ভেদ পোৱা গ'ল। নতুন `ৰিমপুনচি' হিচাবে এই ল'ৰাজনক আনি মন্দিৰত স্থাপন কৰাৰ আগতে বহুত পৰীক্ষাত ল'ৰাজন উত্তীৰ্ন হ'ব লগা হৈছিল, কাৰণ সঁচাকৈয়ে যে এইয়াই আগৰ ৰিমপুনচিৰ পূৰ্নৱতাৰ সেইটো নিৰ্দিষ্ট হোৱাটো অনিবাৰ্য্য আছিল। প্রমাণিত হবৰ বাবে আগৰ `ৰিমপুনচি'ৰ কিছুমান দৈনন্দিন ব্যৱহাৰ্য্য বস্তু অন্য বহুত বস্তুৰ মাজৰ পৰা এই ল'ৰাজনে সঠিক ভাবে
উলিয়াই আনিব লাগিছিল।
নতুন `ৰিমপুনচি' স্থাপন কৰাৰ পিছত শিক্ষাৰ ভাৰ লৈছে এই শিক্ষকজনে।  `ৰিমপুনচি'ৰ পাঠ্যক্ৰম অতি কঠোৰ। কেইবাটাও ভাৰতীয় ভাষাৰ জ্ঞানৰ বাহিৰেও অন্য বিশেষ কেইটামান বিদেশী ভাষাও শিকিব লাগে, বৌদ্ধ ধৰ্ম্মৰ সম্পূৰ্ণ জ্ঞান আহৰণ কৰিব লাগে। বৌদ্ধ ধৰ্ম্মৰ নিয়ম কানোনবোৰ জনাৰ লগত ধৰ্মীয় অনুস্থানবোৰৰো জ্ঞান আহৰণ কৰিব লাগিব। ইমানবোৰ শিক্ষা এই সৰু আঠ বছৰীয়া ল'ৰাটোৰ পক্ষে এটা ডাঙিব নোৱাৰা বোজা হৈছে।
ইয়াৰ শিক্ষাৰ পিছত হিমাচল প্ৰদেশৰ `ধৰমশালা'লৈ গৈ তাত `দালাই লামা'

পুৱা পোহৰ হোৱাৰ লগে লগে ধৰ্ম্মীয় প্ৰাৰ্থনাৰে দিনটো আৰম্ভ হয়। তাৰ পাছতে শিক্ষাৰ অনুশীলন। খোৱা সময়খিনিৰ বাদে গধূলি হোৱালৈকে পঢ়া শুনাতে দিনটো ব্যস্ত থাকিব লাগে। মনে মনে ভাবিলো- বৌদ্ধ ধৰ্মগুৰু হোৱাটো সাধাৰণ কথা নহয়, `ৰিমপুনচি' হোৱাতকৈ
সাধাৰণ মানুহ হৈ থকাটোৱেই সহজ হ'ব নেকি ।
নতুন `ৰিমপুনচি' মোৰ লগত চিনাকি হ'ল। বয়সৰ পাৰ্থক্য থাকিলেও বন্ধুত্ব গঢ়ি উঠিল।

এদিন অভিভাবক আৰু শিক্ষাগুৰুক লগত লৈ `ৰিমপুনচি' মোৰ চৰকাৰী বাসগৃহত  ওলালহি। মোৰ ৰুমতে বহি বহু কথা আলোচনা কৰিলে। পিছত মোৰ লগতে ওচৰতে থকা চৰকাৰী হস্পিতেললৈ ওলাই আহিল। হস্পিতেলৰ পৰিবেশত `ৰিমপুনচি'ক দেখা প্ৰত্যেক গৰাকী তিব্বতীয় মানুহেই আঁঠুকাঢ়ি হাতযোৰ কৰি প্ৰনাম কৰিলে। `ৰিমপুনচি'য়েও ভক্তৰ মূৰত হাত থৈ আশীৰ্বাদ দিলে।

কিছুদিন পিছত `ৰিমপুনচি' ধৰমশালালৈ গ'লগৈ। তাৰ পৰা মোলৈ চিঠিৰ আদান  প্ৰদান কৰি থাকিল। ময়ো ব'মডিলাৰ পৰা ডিব্ৰুগড়লৈ পঢ়িবলৈ গুছি আহিলো। আমাৰ মাজত চিঠিৰ আদান প্ৰদান কিছুদিনলৈ চলি থাকিল।
পিছত জীৱনৰ ব্যস্ততাৰ মাজত আমাৰ সংযোগ বিচ্ছিন্ন হৈ গ'ল। ধৰমশালাৰ পৰা  `ৰিমপুনচি' 'লৈ গ'ল নেজানিলো।
কিন্তু সেই সৰু ল'ৰাটোৰ তেজোদ্বিপ্ত মুখখন মোৰ আজিও মনত আছে।























Chapter VIII -The games that Fate plays

নিয়তি কৌতুক


আয়ু বেলি মাৰ গ'

'মডিলা হস্পিতালৰ কাষতে, ৰাস্তাৰ পৰা কেইটামান খোজ ওপৰলৈ উঠিয়েই মোৰ কোৱাৰ্টাৰটো । 
এটা অসম আর্হিৰ ঘৰ। ব'মডিলা অতি ঠাণ্ডা ঠাই হেতুকে মজিয়াখন কাঠৰ তক্টাৰ। চীনা আক্রমনৰ সময়ত চীনা সৈন্য কিছুমান হেনু ইয়াতেই আছিল। চীনা সৈন্য গুছি যোৱাৰ পিছতো ঘৰটো ঠিকে ঠাকেই আছিল। চীনাহঁতে ঘৰটোৰ কোনো অনিষ্ট কৰা নাছিল।
কোৱাৰ্টাৰটো ৰাস্তাৰ নিচেই কাষতে। ৰাতি গাড়ী অহা ষোৱা কৰাৰ শব্দ শুনা যায়।  সদ্যহতে ট্রাক আহিলে শব্দটো খুবেই বেছি জোৰে হয়। আাৰু শুনিয়েই মই সাৰ পাই যাঁও। ট্রাকখন যদি হস্পিতালৰ ওচৰতে  ৰখায় - তেনেহলে অলপ পাছতে মোৰ দুৱাৰত টোকৰ পৰাৰ বাবে মই সজাগ হৈ যাঁও । মই জানো দুৱাৰ খুলিলেই দেখিম - হাতত কিছু কাগজ-পট্রৰ সৈতে কেইজনমান পুলিচ। কৰবাৰ পৰা মৃতদেহ এটা লৈ আহি পাইছে। কাগজবোৰ চহী কৰি, মৃতদেহটোৰ ভাৰ ল'ব লাগে পিছদিনা প'ষ্টমর্টেম কৰিবৰ বাবে। প্রায়বোৰ প'ষ্টমর্টেম ময়ে কৰিব লগা হৈছিল। পিছলৈ ই মোৰ বাবে এটা আপদ হৈছিলগৈ। 
মোৰ কোৱাৰ্টাৰটোৰ ওচৰতে  আছিল মিঃ জৈনৰ কোৱাৰ্টাৰটো। তেওঁ আছিল  ইলেক্ট্রিকেল ইঞ্জিনীয়াৰ। কামেং জিলাৰ বিদ্যুৎ নিগমত এছিচটেণ্ট এক্জিকিউটিভ ইঞ্জিনীয়াৰ হিচাবে চাকৰি কৰিছিল। পৰিবাৰ আৰু দুজনী সৰু ছোৱালীৰ সৈতে ব'মডিলাত আছিল। এদিন মিঃ জৈন আহি হস্পিতেল পালেহি, লগত ট্রাক এখনত দুটা মৃতদেহ লৈ। গতানুগতিক ভাবে মইয়েই প'ষ্টমর্টেম কৰিব লগীয়া হ'ল । ইলেক্ট্রিকেল ডিস্ট্রিবিউশন পেনেলৰ কাম কৰোতে দুর্ঘটনা হৈ শ্রমিক দুটা মৰিল। `মৰ্গ' ৰুমলৈ মোৰ লগতে মিঃ জৈনও সোমাই আহিল প'ষ্টমর্টেম কৰা চাবলৈ।মেডিকেল শাষাৰ লগত জৰিত থকা সকলৰ বাবে এটা মৃতদেহ চালি জাৰি চোৱাতো কিছু সময়ৰ পিছত যদিও অতি সাধাৰণ হৈ পৰে অন্যৰ বাবে ই তেনেই সহজতে হৃদয় সঙ্গম কৰিব পৰা নহয়।  আমি দেহটো এটা আচ বাচ পত্রৰ দৰেই জ্ঞান কৰো, অতি `ক্লিনিকেল' ভাবে। 
মিঃ জেনে গোটেই সময়খিনি মোক কিবা কিবি সুধি ব্যতিব্যস্ত কৰি তুলিছিল।
ঠিক এসপ্তাহৰ পিছত দুপৰীৰা সময়ত এখন ট্রাক হস্পিতেলৰ সন্মুখত আহি ৰ'লহি।  দুটামান মানুহে এটা মৃতদেহ  নমাই আনি মর্গলৈ লৈ গ'ল।  আকৌ এটা প'ষ্টমৰ্টেম।  অতি বিৰক্তি ভাবে মৰ্গ পালোগৈ। চকুৰ আগত যি দেখিলো তাৰ বাবে মই কদাপি সাজু নাছিলো। মোৰ দেহৰ প্ৰতি অঙ্গই যেন শিথিল হৈ গ'ল।

যিটো ৰুমত মাত্র এসপ্তাহৰ আগতে দুটা মৃতদেহ লৈ আহি প'ষ্টমর্টেম টেবুলৰ কাষত ৰৈ মোক অলেখ প্রশ্ন কৰিছিল, সেইখন টেবুলত পৰি আছে মিঃ জৈনৰ নিশ্চল দেহটো, মোৰ হাতেৰে কৰা `'ষ্টমর্টেম' ৰিপৰ্টৰ বাবে। কোনে জানিছিল এসপ্তাহৰ আগতে অহা জীৱন্ত মানুহজন আজি মৃত হৈ একে
ঠাইলৈকে আহিব।
বহুত সময়ৰ লাগিল সম্বিৎ ঘুৰাই পাবলৈ।

নিয়মিত কাৰ্য্যস্থল পৰিক্ষণৰ কাৰণে মি: জৈন গৈছিল  তেওঁৰ জীপ লৈ। অন্য কর্মচাৰীৰ বাহিৰেও লগত আছিল আন এজন এক্জিকিউটিভ ইঞ্জিনীয়াৰ। পাহাৰীয়া ৰাস্তা, অনেক কেঁকুৰি আছে। এটা সময়ত এক্জিকিউটিভ ইঞ্জিনীয়াৰে জীপ খন নিজেই চলাবলৈ ল'লে। এটা কেকুৰি পাৰ হ'বলৈ যাঁওতেই জীপৰ পিচৰ চকা এটা
ৰাস্তাৰ পৰা আতৰি গ', ইঞ্জিনীয়াৰজনে সম্ভাৰ হেৰুৱাই পেলালে । জীপখন গৈ খাৱৈত পৰি গ'ল। ইঞ্জিনীয়াৰজনৰ সতে বাকী কেইবাজনো গুৰুতৰ ভাৱে আহত হৈছে, অচেতন অৱস্থাত হস্পিতেললৈ আনিছে। মিঃ জৈনৰ কিন্তু থিতাতে মৃত্যু হ'ল।

মিচেছ জৈনে কাতৰ চিঞৰ এটা মাৰি হুঁচ হেৰুৱাই ঢলি পৰিলে। সৰু ছোৱালী দুজনীয়ে বিচলিত নহৈ অতি ধীৰতাৰে মাকক চম্ভালিবলৈ ললে। নিজৰ দেউতাকক হেৰুৱাৰ শূন্যতাই তেতিয়াও হয়তো সিহঁতক সম্পূর্ণভাবে চুই যোৱা নাছিল।
মিঃ জৈনৰ ঘৰ দিল্লীত। অনতিপলমে খবৰ পঠোৱা গ'ল। গধূলিলৈ সম্পৰ্কীয় মানুহ আহি পালেহি।

অপ্রত্যাশিতভাৱে নিয়তিয়ে কেতিয়াবা কিছুমান অতি নিষ্ঠুৰ কৌতুক কৰি যায়।


কালেকটাংৰ বিহু

কালেকটাংত বিহুৰ আয়োজন হৈছিল। বমডিলাৰ পৰা চল্লিশ কিলোমিটাৰ মান দূৰত কালেকটাং। পাহাৰীয়া নদীৰ পাৰৰ বৌদ্ধধর্মী আৰু চাৰদুকপেন জনজাতিৰ গাঁও আৰু এজন চার্কোল অফিচাৰৰ তলত থকা এটা প্রশাসনীয় `হেড কোৱাৰ্টাৰ'। গাওখনৰ পৰা কিছু নিলগত `হেড কোৱাৰ্টাৰ'টোৰ চৰকাৰী চাকৰিয়ালৰ `কোৱাৰ্টাৰ'বোৰৰ এটা সৰু চুবুৰি। কালেকটাংত অসমীয়া মানুহ যথেষ্ট আছিল আৰু সবেই মিলি মাঘ বিহুৰ ভোজৰ আয়োজন কৰিছিল।মই কালেকটাংলৈ যাব লগা হৈছিল এই বিহুৰ সময়তে।

জানুৱাৰী মাহৰ ঠাণ্ডাৰ আবেলি সময়।
কালেকটাংৰ চার্কোল অফিচাৰ মিঃ পাছা আহি মোক লগ কৰিলেহি। ডেপুটি কমিচনাৰৰ পৰা এখন অর্ডাৰ আহিছে কালেকটাংত এটা হত্যাকাণ্ড হৈছে - মই যাব লাগে। লৰালৰিকৈ কোৱাৰ্টাৰলৈ গৈ কাপোৰ সলাই ওলাই আহিলো। মিঃ পাছাৰ জীপ সাজু হৈ আছিল। আমি দুয়ো ওলালো কালেংটাঙলৈ। মিঃ পাছা মেঘালয়ৰ জয়ন্তীয়া জনগোষ্ঠীৰ মানুহ। অসমীয়া ক'থা ভালকৈ কব পাৰে। বৰ তামোল খায়। দুয়ো কথা পাতি জীপৰে গৈ গধুলি সময়ত কালেকটাং পালোগৈ। প্রথমে হতাকাৰীটোক চাবলৈ গ'লো। এটা ডেকা ল'ৰা। বয়সত বিশ বছৰ মান হব। এটা ডেকা ল'ৰা। বয়সত বিশ বছৰ মান হব। 
কালেকটাংত থকা অসমীয়া মানুহৰ প্রায়বোৰেই অফিচ কর্মচাৰী, বেছিভাগৰ নিজা ঘৰ তেজপুৰৰ ফালে। এইয়া জানুৱাৰী মাহ, মাঘ বিহুৰ সময়।ঘটনাৰ দিনা অসমীয়া মানুহখিনিয়ে বিহু পালনৰ আলোচনা কৰিবলৈ এখন মিটিং পাতিছিল। ষ্টাফৰ মাজত বৰা উপাধিৰ নগাৱৰ ডেকা ল'ৰা এজনৰ আৰু দৰঙৰপৰা অহা বানেশ্বৰ দাসৰ মাজত কিবা কথাত অলপ মতবিৰোধ হ'ল। দাস আছিল অনুসূচীত জাতিৰ কৈৱর্ত মানুহ। 
মিটিঙতে বৰাই দাসক 'ডোম বুলি গালি পাৰিলে আৰু দাসে খঙতে বৰাক এক থাপৰ মাৰি তাৰ প্রত্যুত্তৰ দিলে। বৰা তৎক্ষণাৎ মিটিঙৰ পৰা ওলাই গ'ল। অলপ পিছত বৰা ঘূৰি আহিল আৰু এখন ডেগাৰ দাসৰ বুকুত ভৰাই দিলে। লগে লগে দাস পৰি গ'ল। মুখেৰে তেজ ওলাই আহিল আৰু অলপ পিছতে মৰি থাকিল। মিটিঙত মানুহৰমাজত হুলস্থুল লাগি গ'ল। পুলিচ আহিল, বৰাক ধৰি বান্ধি লৈ গৈ কোনোবা এটা ঘৰত বন্ধ কৰি থ'লে।   

পিছদিনা ৰাতিপুৱা মই ওলালো মৃত ব্যক্তিক চাবলৈ। বানেশ্বৰ দাসৰ মৃতদেহটো কালেকটাং হস্পিতেলৰ অপাৰেশন টেবুলৰওপৰত পৰি আছে। এটা বেছ শকত আৱত মানুহ আছিল। বুকুৰ ডেগাৰৰ ক্ষত অংশটো চালো। ডেগাৰখন বুকুৰ মাজেৰে সোমাই হাটৰ এটা চেম্বাৰ পাৰ হৈ গৈছৈ। তাৎক্ষণিক মৃত্যু। প'ষ্টমৰ্টেম ৰিপটটো লৈ হস্পিতেলৰ পৰা ওলাই আহিলো। কালেকটাংৰ মানুহে সৎকাৰৰ কাৰণে শ'টো লৈ
'ল।
মিঃ পাছাই হত্যাকাৰী বৰাক চুলিত ধৰি জোকাৰি ক'লে - "তোক ফাঁচি দিম"।
'মিটিং' আৰু নহ', বিহুও নহ'ল।

ফুফুড্ৰমা

'মডিলাত `ফুফুড্ৰমা'এটা জনাজাত নাম। 
তিব্বতীয়ান তিৰুতা মানুহ। ওখ বেছি নহয়। কিন্তু পথালিয়ে বহুত শকত। মনপা পোছাকেৰে থুপুক থাপাক খোজ কাঢ়ি ফুৰে। দালাই লামা তিব্বেতৰ পৰা প্ৰবজন কৰা সময়তে `ফুফুড্ৰমা' 'মডিলালৈ আহিছিল আৰু তেতিয়ৰ পৰাই ইয়াতে আছে। চৰকাৰী শিল্পনুস্থানটোৰ ওচৰতে ফুফুড্ৰমাৰ ব্যৱসায় প্ৰতিস্থানটো। তাইৰ এখন কাপোৰৰ দোকান আছে। লগতে প্ৰতিস্থানত এখন কাৰ্পেট বোৱা কেন্দ্ৰও আছে।
কেইবাখনো শালত ভালেমান শিপিনীয়ে কাম কৰে। চৰকাৰী শিল্পনুস্থানটোতো কাৰ্পেট বয়। কিন্তু মানুহে নিজৰ ঘৰৰ কাৰণে ফুফুড্ৰমাৰ কাৰ্পেটহে কিনে। ফুফুড্ৰমাৰ কাৰ্পেট বিদেশলৈ নিয়মীয়া ভাবে ৰপ্তানী হয়। কাৰিকৰ শিপিনি দুয়োটা প্ৰতিস্থানতে একেই তিব্বতীয়ান মানুহ। কিন্তু কাৰ্পেটৰ গুণাগুণ বিচাৰ কৰিলে ক্ৰেতাৰ প্ৰথম পচন্দ ফুফুড্ৰমাৰ কাৰ্পেটতহে পৰে। 

শ্বিলঙৰ পৰা উপৰাজ্যপাল মিঃ ৰাজা ব'মডিলা পৰিদৰ্শনৰ কাৰণে আহোতে চৰকাৰী শিল্পনুস্থানটোৰ কৰ্ম্মচাৰী আৰু পৰিচালক মণ্ডলীক বাৰে বাৰে সুধিছিল চৰকাৰী শিল্পনুস্থানত বোৱা কাৰ্পেটে কিয় বিদেশী বজাৰত ফুফুড্ৰমাৰ কাৰ্পেটৰ লগত ফেৰ মাৰিব নোৱাৰে।

ফুফুড্ৰমাৰ দোকানলৈ এদিন গৰম কাপোৰ কিনিবলৈ ওলালো। দুকানৰ গাদীত বহি থকা মানুহজনক তাই তাইৰ  গিৰিয়েক বুলি চিনাকি  দিলে । কিবাকিবি কিনি ওলাই আহিলো। কোৱাৰ্টাৰলৈ উভটি আহি অনুভব কৰিলো লাগতিয়াল কেইপদমান বস্তু অনা নহ'ল। পিছদিনা সময় উলিয়াই আকৌ ফুফুড্ৰমাৰ দুকান পালোগৈ। ফুফুড্ৰমাই হাতযোৰ কৰি মূৰ দোঁৱাই `নমস্তে' বুলি কৈ  জনালে। 

আজি দুকানৰ গাদীত অন্য এজন মানুহ বহি আছিল। বস্তু কিনাৰ পিছত এই মানুহজনৰ লগতো মোক চিনাকি কৰি দিলে-তাইৰ গিৰিয়েক বুলি। 
মই একো ধৰিব নোৱাৰি মানুহজনলৈ চাই থাকিলো। আগদিনা আহোতে অন্য এটা মানুহকহে তাইৰ গিৰিয়েক বুলি চিনাকি দিছিল। আজি দেখা মানুহটো বেলেগ। একেটা ৰাতিৰ ভিতৰতে মানুহজন কেনেকৈ সলনি হৈ গ'কথা কি! মোৰ মুখত প্রকাশ পোৱা আচৰ্য্যজনক ভাবটো ফুফুড্ৰমাই লক্ষ্য কৰিছিল যদিও তাইৰ কোনো প্রতিক্রিয়া নাছিল। দোকানৰ পৰা এটা বিভ্ৰান্ত মন লৈ ওলাই আহিলো।

পিছত জানিব পাৰিলো-দুইটা মানুহেই ফুফুড্ৰমাৰ গিৰিয়েক। তিব্বতীয়ান সমাজত বহু স্বামী ৰখাৰ প্ৰথা আছে। সাধাৰণতে এজনী তিৰোতাই এটা পৰিয়ালৰ কেইবাটাও বা আটাইকেইটা ভায়েক ককায়েককে বিয়া কৰে।
মহাভাৰততহে পাইছিলো পঞ্চপাণ্ডব দ্ৰৌপদীক। এতিয়া দেখিলো- ব'মডিলাতো `দ্ৰৌপদী' আছে

উকীলৰ লগত

"উকীললৈ কেতিয়াও ভয় নকৰিবা, কাৰণ এজন উকীলক তুমি যিমান সমীহ কৰা, এজন উকীলেও তোমাকো সিমানেই সমীহ ভাবে চায়"। এইটো `ফৰেনচিক মেডিচিন'ৰ ক্লাচত আমাক দিয়া উপদেশ।
'মডিলাত চেচন আদালতত এটা হত্যাৰ গোচৰত সাক্ষী দিছিলো। `'ষ্ট-মৰ্টেম'টো
মইয়ে কৰিছিলো। বিৰোধী পক্ষৰ উকীল আহিছিল তেজপুৰৰ পৰা। মই তেওঁক
আগতে কেতিয়াও লগ পোৱা নাছিলো। শপত লোৱাৰ পিছত মোক ওলোটাই
পোলোটাই প্রশ্ন সুধিছিল। -"ডেগাৰেৰে কৰা বুকুৰ আঘাটডোখৰ কিমান ডাঙৰ
আছিল"?
-"জব্দ কৰা ডেগাৰখন ঘাঁডোখৰৰ আকাৰৰ লগত মিলে নে নাই?"
-"আপোনাৰ প'ষ্ট-মৰ্টেম ৰিপৰ্টটোত ব্যৱহাৰ কৰা চিঞাহীৰ ৰং কিয় বদলি গৈছে?" ইত্যাদি নানান অসংলগ্নীয় প্রশ্নৰে মোক বিৰক্ত কৰিবলৈ যত্ন কৰিছে যাতে মই ধৈৰ্য্যচুত হৈ তেঁওৰ প্রশ্নৰ মেৰপাকত পৰি যাঁও আৰু মোৰ সততা সম্পূৰ্ণভাবে সন্দেহজনক হৈ পৰে। বিৰোধী পক্ষৰ উকীলৰ জেৰাৰ পিছত মই বহুত কথাই শিকিলো-
সত্য ঘটনাটো বর্ণনা কৰাৰো বিশেষ কৌশল আছে। একেখন ডেগাৰেৰে কৰা একেডোখৰ ঘাঁকেই, একেটা বস্তু বা পৰিস্থিতিকে, বিভিন্ন ধৰণেৰে বৰ্নণা দিব পাৰি। প্রতিবাৰেই তাৰ অৰ্থ বেলেগ বা সম্পূৰ্ণভাবে ওলোটাও হব পাৰে। `চাৰ্কোমস্টেনছিয়েল এভিডেন্স' থাকিলেও `মেডিকেল এভিডেন্স' সম্পূৰ্ণ নিৰপেক্ষিক হোৱাতো উচিত।
এবাৰ ৰঙাপাৰত এটা আর্মিৰ `জেনেৰেল ক'ট মাৰ্চিয়েল'`প্রচিক্যিউছন'ৰ সাক্ষী  হৈছিলো। এটা সৰু ল'ৰাক আৰ্মিৰ গাড়ী এখনে খুন্দিয়াই মাৰিলে, `হিট এন্ড ৰান' কেছ। ``ষ্ট-মৰ্টেম' মইয়ে কৰিছিলো। `প্রচিক্যিউছন'ৰ উকীল আহিছিল কলিকতাৰ পৰা। মোক ক'ৰ্টত সুধিলে- 
"গাড়ীখনে খুন্দিওৱাটোৱেই কি ল'ৰাটোৰ মৃত্যুৰ কাৰণ"?
"হয়" মই ক'লো।
"আপুনি একেবাৰে নিশ্চয় নে"?
"হয় মই একেবাৰে নিশ্চয়" মই ক'লো।
'ৰ্ট স্থগিত হোৱাত আমি আর্মিৰ মেছলৈ আহিলো। উকীলজনে আহি মোক ক'লে-
"এইয়া প্রথমবাৰ কোনো ডাক্তৰক লগ পাইছো যি ইমান চিধা উত্তৰ দিছে। সাধৰণতে সকলো ডাক্তৰে "হয়তো এই কাৰণে" বা "এইটোও মৃত্যুৰ কাৰণ হব পাৰে" বা আনধৰণে ঘুৰাই-পকাইহে উত্তৰ দিয়ে"।
 এটা শিক্ষা পালো-কেতিয়াও চিধা উত্তৰ দিয়াটো উচিত নহয়, কৰবাত ভুল হলে বা পৰিস্থিতি অনুযায়ী ৰায় বদলি কৰিবলৈ ৰাস্তা থ'ব লাগে।

অন্য এবাৰ জং নামৰ ঠাইত সাক্ষী হৈছিলো।
জং'ও এটা মিলিটেৰী স্টেচন্ আৰু এইটোও এটা `জেনেৰেল ক'ট মাৰ্চিয়েল' আছিল। মিলিটেৰী এজনে কৰা গুলি লাগি এজন `চিভিলিয়ান'ৰ মৃত্যু হ'ল। `চিভিলিয়ান'জনৰ এটা ভৰিত দুটা গুলি পাৰ হৈ যোৱাৰ ফুটা আছিল, এটা কৰঙনত আৰু আনটো ভৰিৰ কলাফুলত।মোক সুধিলে - 
"কেইটা বুলেট ফায়াৰ কৰিছিল"?
মই ক'লো - "দুটা বুলেট"।
তেতিয়া `প্রিচাইডিং অফিচাৰ'জনে এটা সৈন্যক মাতি আনি তাক মাটিত লেপেটি কাঢ়ি বহিবলৈ ক'লে, ভৰি দুটা আঁঠুত ভাঁজি কৰি। সৈন্যটোলৈ আঙুলিয়াই তাৰ ভাজ কৰা কৰঙন আৰু কলাফুললৈ দেখুৱাই মোক পুনৰ সুধিলে- "ডাক্তৰ এইটো সম্ভবনে একেটা গুলিয়েই দুয়োটা ঘাঁ কৰিছিল"
মই জোখ লৈ দেখিলো হয়, একেটা গুলিয়েই কৰা দুয়োটা আঘাত। গুলি সোমোৱা ফুটাটো  সৰু আৰু ওলাই যোৱা ফুটাটো ডাঙৰ হয়। ৰায় দিয়াৰ আগতে সকলো সম্ভাবনা চালি-জাৰি চাব লাগে- এটা ভাল শিক্ষা পালো।

দাহুনত এটা হত্যাকাণ্ডৰ কেছ আছিল। দুটা সৰু ল'ৰা ছোৱালী থকা এজন চিপাহীয়ে ঘৈনীয়েকক ডিঙি চেপি মাৰিলে। `'ষ্ট-মৰ্টেম' ময়ে কৰিছিলো।
মোক সোধা গ'ল- "তিৰোতা জনীৰ মৃত্যুৰ কাৰণ কি"?
"স্ট্রেঙগোলেছন, ডিঙি টিপা হৈছিল" মই ক'লো।
"আৰু কি এভিডেন্স পোৱা গৈছিল"?
"যৌনাঙ্গৰ পৰা `চেমিনেল ফ্লুইড' ওলাই অহা দেখা হৈছিল।
গিৰিয়েকেক কাঠগঢ়ালৈ মাতি আনা হ', কিন্তু কোনোমতেই সি মুখ নেমেলাত ক'ৰ্টে মোক গোটেই ঘটনাপ্রবাহটো পুনৰনিৰ্মাণ কৰিবলৈ ক'লে। `ইনকুৱেষ্ট ৰিপৰ্ট'টো মই পঢ়িছিলো, কিন্তু গোটই ঘটনাটো ক্রমানুসাৰে সজাবৰ কাৰণে ভবাই নাছিলো। 
সম্ভৱণা এনে আছিল- ঘৰৰ ওপৰৰ মহলাত থকা মানুহটোৰ সৈতে চিপাহীৰ ঘৈনীয়েকৰ অবৈধ সম্পৰ্ক আছিল। গিৰিয়েকৰ অনুপস্থিতিত দুয়োটা ঘৰত লগ হৈছিল। এদিন হঠাৎ গিৰিয়েক ঘৰলৈ উভটি আহিলত সিঁহত ধৰা পৰিল। মানুহটো কিবাকৈ পলাল। খঙত চিপাহীয়ে ঘৈনীয়েকক ডিঙি চেপি মাৰি পেলালে। ধৰা পৰাৰ সময়ত নিশ্চয় সিঁহত যৌনকাৰ্য্যত লিপ্ত আছিল আৰু সেয়ে ঘৈনীয়েকৰ যৌনাঙ্গত `চেমিনেল ফ্লুইড' পোৱা গৈছিল।
আমি আমাৰ অভিজ্ঞতাৰ পৰাই শিক্ষা পাঁও, আৰু আমাৰ ভুলৰ পৰাই অভিজ্ঞতা হয়।
আকৌ এটা শিক্ষা পালো।